নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছিপাঝাৰৰ গৰুখুঁটিত ৭৭ হাজাৰ বিঘা ভূমিত কৃষিকর্মৰ পৰিকল্পনা–সমিতি গঠন 

নিয়মীয়া বাৰ্তা, ৯ জুনঃ   ৰাজ্যৰ প্রতিটো চৰকাৰী কার্যালয়ত দেশৰ ৰাষ্ট্রপতি, প্রধানমন্ত্রী আৰু অসমৰ প্রথমগৰাকী মুখ্যমন্ত্রী ভাৰতৰত্ন গোপীনাথ বৰদলৈৰ প্রতিচ্ছবি ৰখাটো বাধ্যতামূলক কৰিছে অসম চৰকাৰে৷ আজি অনুষ্ঠিত অসম মন্ত্রীসভাৰ কেবিনেট বৈঠকে এই সিদ্ধান্ত গ্রহণ কৰে৷ কেবিনেট বৈঠকৰ পিছতেই সংবাদ মাধ্যমৰ আগত জলসম্পদ মন্ত্রী পীয়ূষ  হাজৰিকাই এই সিদ্ধান্তৰ বিষয়ে সদৰী কৰি কয় যে এতিয়াৰে পৰা প্রতিটো চৰকাৰী কার্যালয়ত ৰাষ্ট্রপতি, প্রধানমন্ত্রী আৰু ভাৰতৰত্ন গোপীনাথ বৰদলৈৰ প্রতিচ্ছবি ৰখাটো বাধ্যতামূলক হ’ব৷ দৰং জিলাৰ ছিপাঝাৰৰ গৰুখুঁটি অঞ্চলত থকা ৭৭ হাজাৰ বিঘা চৰকাৰী ভূমি কৃষি বিভাগৰ জৰিয়তে চৰকাৰীভাৱে খেতি কৰাৰ বিতং পৰিকল্পনা প্রস্তুতৰ বাবে বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত  কেবিনেটে এখন সমিতি গঠন কৰি দিয়ে৷ এই সমিতিৰ অন্যান্য সদস্যসকল হৈছে– সাংসদ দিলীপ শইকীয়া, বিধায়ক মৃণাল শইকীয়া আৰু স্থানীয় বিধায়ক পৰমানন্দ ৰাজবংশী৷

কৃষি বিভাগৰ সঞ্চালক বিনোদ ছেছানক সদস্য সচিব হিচাপে লৈ গঠন কৰা এই সমিতিয়ে নিজৰ প্রতিবেদন কেবিনেটত দাখিল কৰিব৷ একেদৰে বটদ্রৱা থানৰ প্রস্তাৱিত সাংস্কৃতিক প্রকল্পৰ বাবে প্রয়োজনীয় অতিৰিক্ত ৩৫ বিঘা ২ কঠা ২ লেচা ভূমি সংযোজনত মঙলবাৰৰ কেবিনেটে অনুমোদন জনায়৷ সাংস্কৃতিক মন্ত্রী বিমল বৰাই এই প্রকল্পৰ পর্যালোচনা কৰিব আৰু প্রকল্পৰ কাম নির্দিষ্ট সময়ৰ ভিতৰত সম্পূর্ণ কৰি তোলাটো নিশ্চিত কৰিব৷

আনহাতে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই আজিৰ কেবিনেটত গ্রহণ কৰা আন এক গুৰুত্বপূর্ণ সিদ্ধান্তৰ বিষয়ে সদৰী কৰি কয় যে দুর্যোগ ব্যৱস্থাপনাৰ দিশত এক বৃহৎ প্রশাসনিক সংস্কাৰ হিচাপে বছৰটোৰ ১ এপ্রিলৰ পৰা ৩১ অক্টোবৰৰ সময়ছোৱাৰ ভিতৰত সংঘটিত প্রাকৃতিক দুর্যোগসমূহ বিশেষকৈ বানপানীৰ আনুষংগিক ক্ষয়–ক্ষতিৰ তাৎক্ষণিক সাহায্য বা ক্ষতিপূৰণ প্রদানৰ কর্তৃত্ব উপায়ুক্তক প্রদানৰ বাবে মঙলবাৰৰ কেবিনেটে সিদ্ধান্ত গ্রহণ কৰে৷ বানপানীত ক্ষতিগ্রস্ত আন্তঃগাঁথনিৰ মেৰামতি বা তেনেধৰণৰ জৰুৰী সাহায্যৰ ক্ষেত্রত উপায়ুক্তগৰাকীয়ে সংশ্লিষ্ট জিলাৰ তত্ত্বাৱধায়ক মন্ত্রীৰ সৈতে আলোচনা কৰি তৎকালীনভাৱে তেনে সাহায্য প্রদানৰ ব্যৱস্থা কৰিব৷ অৱশ্যে ধুমুহাৰ ক্ষয়–ক্ষতিৰ ক্ষেত্রত পূর্বৰ প্রক্রিয়াই চলি থাকিব বুলি তেওঁ মন্তব্য কৰে৷ 

You might also like