নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৰুচোৰৰ বিৰুদ্ধে দৌলাশাল আৰক্ষীৰ সফল অভিযান

নিয়মীয়া বাৰ্তা, দৌলাশাল, ২৩ নৱেম্বৰ : নলবাৰী জিলাৰ দৌলাশাল আৰক্ষীৰ জালত পৰিছে দুটাকৈ গৰুচোৰ। ৪৮ ঘণ্টাৰ ভিতৰত গৰুচুৰিৰ লগত জড়িত থকাৰ অভিযোগত আটক কৰা হৈছে দুজনকৈ লোকক। উদ্ধাৰ কৰা হৈছে দুটাকৈ চুৰিগৰু। ধৃত চোৰ দুটা হাকিম আলী (৩৫) আৰু ফুলচান…

ব’ৰ্ডাৰ ৰোডছ অর্গেনাইজেচনত ৫৪২টা পদত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ১২ ডিচেম্বৰ ব’ৰ্ডাৰ ৰোডছ অর্গেনাইজেচনৰ অধীনত ৫ শতাধিক পদত প্রার্থী নিযুক্তিৰ বাবে আবেদন আহ্বান কৰা হৈছে৷

নৌসেনাৰ গোপন তথ্য পাকিস্তানলৈ সৰবৰাহ কৰি গ্রেপ্তাৰ দুই…

নিউজ ডেস্ক, ২৩ নৱেম্বৰ : ভাৰতৰ যুদ্ধ জাহাজ তথা নৌসেনাৰ গোপন তথ্য পাকিস্তানলৈ সৰবৰাহৰ অভিযোগত গ্রেপ্তাৰ কৰা হৈছে দুই যুৱকক৷ কর্ণাটকৰ উডুপিৰ পৰা গ্রেপ্তাৰ কৰা হৈছে এই যুৱকদ্বয়ক৷ আৰক্ষীৰ হাতত ধৃত এই যুৱক দুগৰাকী ক্রমে ৰোহিত (২৯) আৰু সানত্রি…

গোলাঘাটৰ টেনপুৰত নিশা ভয়ংকৰ দুৰ্ঘটনা, এজনৰ প্ৰাণহানি

ডিজিটেল ডেস্ক, ২৩ নৱেম্বৰ : নিশা গোলাঘাটৰ টেনপুৰত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। সুৰাপায়ী গাড়ীচালকৰ খুন্দাত মৃত্যু হয় পথচাৰী যুৱকৰ। AS-04AB-1250 নম্বৰৰ Tata Nexon বাহনখন অতিমাত্ৰা সুৰাপান কৰি চলাই আহিছিল ৰাহুল গগৈ নামৰ যুৱকজনে। টেনপুৰ…

মিঞাৰ বিৰুদ্ধে উচ্ছেদ চলোৱাত আপত্তি কিয় কংগ্রেছৰ, সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে মুখ্যমন্ত্রী

ডিজিটেল ডেস্ক, ২৩ নৱেম্বৰ : ড০ হিমন্ত বিশ্ব শর্মা মুখ্যমন্ত্রী হিচাপে থকালৈ ৰাজ্যত মিঞা শান্তিত থাকিব নোৱাৰে বুলি দিয়া হুংকাৰক লৈ বিৰোধী কংগ্রেছে কৰা সমালোচনাৰ প্রত্যুত্তৰ দিলে ড০ শর্মাই৷ শেহতীয়াকৈ মিঞাক লৈ মুখ্যমন্ত্রীয়ে কৰা মন্তব্যৰ…

বহি:ৰাজ্যত সন্ধানহীন অসমৰ যুৱক, পৰিয়ালত হাহাকাৰ

বিশেষ বাৰ্তা, ২৩ নৱেম্বৰ : বিশ্বনাথৰ শিমলুগুৰিৰ জোন বৰুৱা (৪২) নামৰ এজন যুৱক বহি:ৰাজ্যত সন্ধানহীন হৈ পৰিছে ৷ বেংগালুৰুৰ এটা কোম্পানীত কৰ্মৰত আছিল জোন বৰুৱা নামৰ যুৱকজন । যোৱা ১৯ নৱেম্বৰত বেংগালুৰুৰ পৰা স্বগৃহলৈ ৰে'লযোগে আহি ভুল ৰে'লত উঠি…

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল আজি ২৩ নৱেম্বৰ, আঘোণ মাহৰ ৬ তাৰিখ দেওবাৰ : তিথি–শুক্লা তৃতীয়া, নক্ষত্র : মূলা, যাত্রা : শুভ মেষ : অশুভ ৰাহুৰ কাৰণে কর্মত পদোন্নতিৰ ক্ষেত্রত বাধা থাকিব৷ ৰাহুৰ অশুভ প্রভাৱৰ ফলত শত্রুৰ বেয়া নজৰত পৰিব পাৰে৷ পাৰিবাৰিক…

পাটাছাৰকুছিত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ব্ৰঞ্জৰ বিশাল আবক্ষ মূৰ্তি উন্মোচন

নিয়মীয়া বাৰ্তা, পাটাছাৰকুছি, ২২ নৱেম্বৰ ∶ “ড০ ভূপেন হাজৰিকা এগৰাকী অমৃত সন্তান ৷ ভূপেনদাৰ গান আছিল একো একোটা আন্দোলন। তেওঁৰ সংগীত আছিল সংস্কৃতিৰ বাহক । চৰকাৰে ড০ হাজৰিকাৰ জন্ম শতবাৰ্ষিকী ইতিমধ্যে উদযাপন আৰম্ভ কৰিছে। জন্ম শতবাৰ্ষিকী হিচাপে…

জুবিন ক্ষেত্ৰত লাখ লাখ টকাৰ কেলেংকাৰি! স্থানীয় লোকৰ বিস্ফোৰণ

প্ৰাণৰ শিল্পী জুবিন গাৰ্গে ৰাজনীতি বেয়া পাইছিল৷ ৰাজনীতিৰ পৰা আঁতৰি থাকি মানৱতাৰে কেৱল দৰিদ্ৰ, অসহায় লোকৰ কথা চিন্তা কৰি পৃথিবীত মানুহে মানুহ হিচাপে জীয়াই থকাৰ আদৰ্শ দেখুৱাইছিল৷ তেওঁৰ মৃত্যুৰ দুমাহ পাৰ হৈ যোৱাৰ পিছতো অনুৰাগীৰ বুকুৰ পৰা দুখ…

ডেকাৰগাঁৱৰ পৰা মঙলদৈ হৈ আজ্ঞাঠুৰীলৈ ৰে’ললাইন নিৰ্মাণৰ দাবী 

ৰাজ্যৰ শোণিতপুৰ আৰু দৰং জিলাৰ মাজেৰে ডেকাৰগাঁও, ঠেলামাৰা, বগৰীবাৰী, ডুমডুমা, দলগাঁও, মঙলদৈ, আজ্ঞাঠুৰী সংযোগ কৰি এটা নতুন ৰেলপথ নিৰ্মাণৰ দাবীত ঢেকীয়াজুলি মহকুমা নাগৰিক মঞ্চই দীৰ্ঘদিন ধৰি বিভিন্ন আন্দোলন কৰি আহিছে ৷ এই দাবী সন্দৰ্ভত কালি…