নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : ম’বাইল ফোন আসক্ত প্রজন্ম

সময় সলনি হৈছে৷ সময়ৰ লগে লগে উঠি অহা প্রজন্মৰ মাজত ম’বাইলৰ প্রতি আসক্তি বৃদ্ধি পাহছে৷ অনলাইন ক্লাছৰ নামত অভিভাৱকসকলে সন্তানক ম’বাইল কিনি দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷ আৰু ইয়াৰ পিছতে মাৰাত্মক নিচাত পৰি বহু ল’ৰা–ছোৱালী বিপথে পৰিচালিত হৈছে৷…

১ অক্টোবৰৰ পৰা এয়াৰ ইণ্ডিয়াৰ আন্তর্জাতিক বিমানসেৱা আৰম্ভ

আহমেদাবাদত শোকাৱহ দুর্ঘটনাৰ পাছত সাময়িকভাৱে স্থগিত ৰখা এয়াৰ ইণ্ডিয়াৰ আন্তর্জাতিক বিমানসেৱা অহা ১ অক্টোবৰৰ পৰা সম্পূর্ণকৈ আৰম্ভ কৰা হ’ব বুলি এয়াৰ ইণ্ডিয়াই ঘোষণা কৰিছে৷ টাটা গ্রুপৰ দ্বাৰা মালিকনাধীন এয়াৰ ইণ্ডিয়াৰ আন্তর্জাতিক বিমানসেৱা…

২০২৭ চনৰ বিশ্বকাপত গিলৰ নিউ ইণ্ডিয়া : অনিশ্চয়তাত RO-KOৰ কেৰিয়াৰ

গিলৰ নিউ ইণ্ডিয়া : দুই জ্যেষ্ঠ তাৰকা ক্রিকেটাৰ বিৰাট কোহলি আৰু ৰোহিত শর্মাৰ সৈতে তেওঁলোকৰ ক্রিকেট ভৱিষ্যৎ সন্দর্ভত অচিৰেই আলোচনাত বহাৰ সম্ভাৱনা আছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ড৷ টেষ্ট দলটোৰ পিছত ভাৰতীয় এদিনীয়া দলটোৰো নেতৃত্ব শুভমন গিলৰ…

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল আজি ৭ আগষ্ট, শাওণ মাহৰ ২১ তাৰিখ বৃহস্পতিবাৰঃ তিথি–ত্রয়োদশী, নক্ষত্রঃ পূর্বষাঢ়া, যাত্রাঃ মধ্যম মেষঃ পঢ়া–শুনাত বেমেজালিৰ সৃষ্টি হ’ব৷ যাত্রা কৰোঁতে সাৱধান হ’ব৷ সন্তানৰ স্বাস্থ্যক লৈ চিন্তিত৷ কমলা ৰঙৰ বস্ত্র পৰিধান কৰিব৷…

নগাঁৱৰ হদহদী জলপ্ৰপাতত বিনোদনমূলক কাৰ্য সাময়িকভাৱে নিষিদ্ধ

সাময়িকভাৱে নিষিদ্ধ : নগাঁও চহৰৰ পৰা প্ৰায় ৩৫ কিলোমিটাৰ নিলগৰ কলিয়াবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত লুংচূং চাহ বাগিচাত থকা হদহদী জলপ্ৰপাতত বনভোজ ,বিনোদনমুলক  সকলো কাৰ্য নগাঁও জিলা প্ৰশাসনে এক নিৰ্দেশ যোগে সাময়িক ভাবে নিষিদ্ধ কৰিছে। নগাঁও জিলা আয়ুক্ত…

উত্তৰকাশী-ত প্ৰাকৃতিক দুৰ্ঘটনা : মেঘৰ বিস্ফোৰণত বিধ্বস্ত ধাৰালী, ২৮ পৰ্যটক নিখোজ

উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাৰ ধাৰালীত হোৱা মেঘৰ বিস্ফোৰণ আৰু তাৰ ফলত সংঘটিত ভয়ংকৰ ভূমিস্খলনৰ পিছত কেৰালাৰ ২৮জনীয়া এটা পৰ্যটকৰ দল নিৰুদ্দেশ হৈছে। এই কথা কেৰালাত থকা পৰ্যটকৰ পৰিয়ালৰ সদস্যসকলে জানিবলৈ দিছে। পৰ্যটকৰ দলটোৰ এটা দম্পতীৰ আত্মীয়ই…

আহি আছে “ককাদেউতা নাতি আৰু হাতী ২” : ফাৰ্ষ্ট লুক মুকলি

১৯৮৩ চনৰ ছুপাৰহিট চলচ্চিত্ৰ ‘ককাদেউতা নাতি আৰু হাতী’ৰ দ্বিতীয় খণ্ড ‘ককাদেউতা নাতি আৰু হাতী ২’, যিখন প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছ প্ৰাইভেট লিমিটেডৰ দ্বাৰা নিৰ্মিত আৰু প্ৰাইড ইষ্ট গ্ৰুপৰ চিএমডি ৰিণিকি ভূঞা শৰ্মাই উপস্থাপন কৰিছে। এই বছৰৰ ২১…

গয়া বিমানবন্দৰৰ IATA ক’ড-ক লৈ বিজেপি সাংসদৰ আপত্তি, সৰৱ LGBTQ

বিমানবন্দৰৰ IATA ক’ড : বিজেপিৰ সাংসদ ভীম সিঙে বিহাৰৰ গয়া আন্তৰ্জাতিক বিমানবন্দৰৰ তিনি অক্ষৰৰ ক’ড ‘GAY’ৰ বিৰুদ্ধে অসন্তুষ্টি প্ৰকাশ কৰিছে। তেওঁ এই ক’ডক সামাজিক আৰু সাংস্কৃতিকভাৱে আপত্তিজনক বুলি অভিহিত কৰিছে। তেওঁৰ এই মন্তব্যৰ বিৰুদ্ধে LGBTQ…

অক্সিজেন প্লাণ্ট-ত চিলিণ্ডাৰ বিস্ফোৰণ : ২জনৰ মৃত্যু, আহত বহু

পঞ্জাবৰ মোহালীৰ ফেজ-৯ৰ ঔদ্যোগিক অঞ্চলত অৱস্থিত এটা অক্সিজেন প্লাণ্ট ত আজি এটা ভয়ংকৰ বিস্ফোৰণ সংঘটিত হয়। এই দুৰ্ঘটনাত দুজন শ্ৰমিক দেৱেন্দ্ৰ আৰু আছিফৰ ঘটনাস্থলীতেই মৃত্যু হয়, আনহাতে তিনিজন আন লোক গুৰুতৰভাৱে আহত হয়, যিসকলক হাস্পতালত ভৰ্তি…