নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দৌল মহোৎসৱে শান্তি-সম্প্রীতিৰ বার্তা কঢ়িয়াই আনকঃ মৃণালিনী দেৱী

নিয়মীয়া বাৰ্তা, ৩০ মাৰ্চঃ কামৰূপ জিলাৰ ঐতিহাসিক কেৱলীয়া সত্র ঈশ্বৰ শ্রীশ্রী হাটীসত্র আৰু ঐতিহ্যমণ্ডিত ঈশ্বৰ শ্রীশ্রীবৰসত্রত সুকীয়া সুকীয়াকৈ ২৭ মার্চৰ পৰা অনুষ্ঠিত শ্রীশ্রী কৃষ্ণৰ দৌল মহোৎসৱৰ কালি সামৰণি পৰে৷

ঈশ্বৰ শ্রীশ্রী হাটীসত্রত সামৰণিৰ দিনা আবেলি অনুষ্ঠিত অতি আকর্ষণীয় পুৰুষ আৰু মহিলাৰ ‘বাঁহভঙা’ প্রতিযোগিতাত পুৰুষৰ শাখাত প্রথম স্থান লাভ কৰে হাটীসত্র যুৱ দলে আৰু দ্বিতীয় স্থান লাভ কৰে মনোজ দাসৰ দলে৷

তেনেদৰে মহিলাৰ শাখাত প্রথম স্থান লাভ কৰে হাটীসত্র মিলিজুলি মহিলা দলে আৰু দ্বিতীয় স্থান লাভ কৰে লুইতপৰীয়া মহিলা দলে৷ প্রতিযোগিতাখনত পুৰুষৰ ৭টা দলে আৰু মহিলাৰ ৫টা দলে যোগদান কৰে৷ ইয়াৰ পূর্বে দৌল মহোৎসৱ উপলক্ষে ২৭ মার্চৰ পুৱা সত্রৰ বুঢ়া সত্রাধিকাৰ ভগ্ণেশ্বৰ মহন্তই পতাকা উত্তোলন কৰি মহোৎসৱৰ কার্যসূচী মুকলি কৰে ৷

সেইদিনা ৰূপায়ণ হোৱা অন্যান্য কার্যসূচীৰ ভিতৰত আছে ভক্তি উৎসৱ, বন্তি প্রজ্বলন, বত্তৃণতা প্রতিযোগিতা, ভেশছন, কৃষ্ণ নৃত্য প্রদর্শন, মেজিদাহ৷ সন্ধিয়া আতচবাজী প্রদর্শন কার্যসূচী মুকলি কৰে অসম সাহিত্য সভাৰ উপ–সভানেত্রী মৃণালিনী দেৱীয়ে৷

কার্যসূচী মুকলি কৰি দিয়া ভাষণত তেওঁ দৌল মহোৎসৱে সকলো অপায়–অমংগল নাশ কৰি ভাতৃত্ববোধৰ পৰিচয় দাঙি ধৰাৰ লগতে ৰাজ্যখনত শান্তি–সম্প্রীতিৰ এক বাতাৱৰণ সৃষ্টি কৰিব বুলি উল্লেখ কৰে৷

২৭ মার্চত অনুষ্ঠিত হয় নাম–প্রসংগ, মুখপত্র ‘ৰংগে ফাকু খেলা’ উন্মোচন, হোলীগীত প্রতিযোগিতা, সম্বর্ধনা অনুষ্ঠান আৰু নিশা অনুষ্ঠিত হয় সাংস্কৃতিক অনুষ্ঠান৷

কালি পুৱা অনুষ্ঠিত হয় আইমাতৃৰ আবিৰৰ অনুষ্ঠান, নগৰত গোহাঁইৰ পৰিভ্রমণ, গোহাঁইৰ বিবাহ, পঞ্চমৃতৰ টেকেলি ভঙা আৰু মুকলি সভা৷

You might also like