নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিৰ বাপুজী ক্ৰীড়া-সাংস্কৃতিক সংঘৰ নতুন ভৱন মুকলি

বিশেষ বাৰ্তা, ২৫ মেঃ মৰিয়নি নগৰত অৱস্থিত ক্ৰীড়া আৰু সাংস্কৃতিক অনুষ্ঠান বাপুজী ক্ৰীড়া আৰু সাংস্কৃতিক সংঘৰ নতুন ভৱনৰ আজি দ্বাৰ মুকলি কৰা হয় । এই উপলক্ষ্যে দিনজোৰা বৰ্ণাঢ্য কাৰ্য্যসূচীৰ আয়োজন কৰা হয়। পুৱা পতাকা উত্তোলন কৰি দিনটোৰ কাৰ্য্যসূচী মুকলি কৰে সংঘৰ সভাপতি তথা বিশিষ্ট ব্যৱসায়ী তপন দাসে। স্মৃতি তৰ্পন কৰে সংঘৰ উপদেষ্টা, অৱসৰপ্ৰাপ্ত শিক্ষক ৰাজীৱ বৰুৱাই । পুৱা নাম প্ৰসংগ অনুষ্ঠিত হোৱাৰ অন্তত মৰিয়নিৰ বাপুজী ষ্টেডিয়ামৰ সমীপত অৱস্থিত এই বাপুজী সংঘৰ নতুন ভৱনৰ ফিটা কাটি দ্বাৰ মুকলি কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। ইয়াৰ পিছতে এক চমু উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়। বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে এই অনুষ্ঠানটোৱে সমাজলৈ ইতিবাচক বৰঙনি আগবঢ়াব বুলি আশা প্ৰকাশ কৰে। এনেধৰনৰ সৰু অথচ গুৰুত্বপূৰ্ণ সংঘ আদিয়েই একো একোজন বিখ্যাত ব্যক্তিৰ সৃষ্টি কৰিব পাৰে বুলি উল্লেখ কৰি তেওঁ বাপুজী সংঘৰ বিভিন্ন উন্নয়নমূলক কাম কাজৰ শলাগ লয় । প্ৰসংগক্ৰমে তেওঁ বাপুজী সংঘৰ উন্নয়নৰ বাবে দুই লাখ টকাৰ অনুদান আগবঢ়োৱাৰ কথা ঘোষনা কৰে ।অনুষ্ঠানটোত যোৰহাট জিলা শিক্ষক সন্মিলনৰ সম্পাদক ৰাতুল গগৈ, অৱসৰপ্ৰাপ্ত শিক্ষক ৰাজীৱ বৰুৱা, বিশিষ্ট ব্যৱসায়ী সঞ্জয় আগৰৱালা, ৰতন কৈৰী, সত্যজিত বুঢ়াগোঁ‌হাই, সভাপতি তপন দাস, শিক্ষক আচলাম হুছেইন, শিক্ষয়িত্ৰী প্ৰিচী বুঢ়াগোঁ‌হাই, বৰ্নালী বুঢ়াগোঁ‌হাই, পল্লৱী বৰা, মনোজ নাথ আদি বহুকেইজন ব্যক্তি উপস্থিত থাকে। আনহাতে, সন্ধিয়া আকৰ্ষণীয় সাংস্কৃতিক কাৰ্য্যসূচী অনুষ্ঠিত হয়। বাপুজী সংঘৰ সম্পাদক দীপেন দাস আৰু প্ৰণৱ গগৈয়ে আঁ‌ত ধৰা সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে মৰিয়নি মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক ড° ভাস্কৰ বুঢ়াগোঁ‌হায়ে । উন্মীলন সংগীত বিদ্যালয়ৰ চেমনীয়া বিহুদল আৰু জাংফাই বিহুদলৰ বিহু প্ৰদৰ্শন, যোৰহাটৰ কলা নিকেতনৰ নৃত্য শিল্পীৰ নৃত্যানুষ্ঠানৰ লগতে স্থানীয় শিল্পীৰ গীত আৰু নৃত্যৰ অনুষ্ঠানে সমগ্ৰ অনুষ্ঠানটো আকৰ্ষণীয় কৰি তোলে। জ্যেষ্ঠ ভায়লীন বাদক ভানু মজুমদাৰৰ ভায়লীন বাদনে অনুষ্ঠানটোক অধিক মনোগ্ৰাহী কৰি তোলে। অনুষ্ঠানটোত বিশিষ্ট শিক্ষাবিদ, মৰিয়নি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ আনন্দ শইকীয়া, চিনামৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অঞ্জন শইকীয়া, যুৱ ব্যৱসায়ী আশীষ জৈন, মৰিয়নি ক্ৰীড়া সন্থাৰ সম্পাদক দীপক দত্ত, জ্যেষ্ঠ সাংবাদিক প্ৰাঞ্জল পাওগাম, অশোক বুঢ়াগোঁ‌হাই, সাংস্কৃতিক কৰ্মী দীপ কুমাৰ শৰ্মা আদি উপস্থিত থাকে।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like