নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

Miss India: মিছ ইণ্ডিয়াত উত্তৰ পূৰ্বক প্ৰতিনিধিত্ব কৰিব ছিকিমৰ প্ৰনিতা চেত্ৰী, অৰুণাচলৰ টেংগাম চেলিনে

নিয়মীয়া বাৰ্তা, ১ মেঃ বিভিন্ন স্থানত অনুষ্ঠিত হোৱা অডিচনৰ পৰা উত্তৰ-পূবৰ দুগৰাকী প্ৰতিভাশালী আৰু সুন্দৰীক ভিএলচিচি ফেমিনা মিছ ইণ্ডিয়া ২০২২ (VLCC Femina Miss India 2022)ৰ বাবে নিৰ্বাচিত কৰা হৈছে।

মিছ ছিকিম ২০২১ প্ৰনীতা চেত্ৰীক সৌন্দৰ্য প্ৰতিযোগিতাৰ বাবে ছিকিম ফাইনেলিষ্ট হিচাপে তালিকাভুক্ত কৰা হৈছে। ২২ বছৰীয়া যুৱতীগৰাকী পশ্চিম ছিকিমৰ তাছডিঙৰ বাসিন্দা।

ইফালে, মিছ অৰুণাচল ২০২১, টেংগাম চেলিনে ভিএলচিচি ফেমিনা মিছ ইণ্ডিয়া 2022-ত তেওঁৰ ৰাজ্যক প্ৰতিনিধিত্ব কৰিব।

আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰতৰ সৰ্বশ্ৰেষ্ঠ প্ৰতিভাক প্ৰতিনিধিত্ব কৰাৰ দৃষ্টিভংগীৰে, ভিএলচিচি ফেমিনা মিছ ইণ্ডিয়া 2022-য়ে 14 ফেব্ৰুৱাৰীৰ পৰা 31 জন ফাইনেলিষ্টৰ বাবে দেশজুৰি সন্ধান আৰম্ভ কৰিছে।

উল্লেখ্য যে ১৯৪৭ চনত স্থানীয় সংবাদ মাধ্যমৰ দ্বাৰা প্ৰথম মিছ ইণ্ডিয়া আয়োজন কৰা হৈছিল আৰু বিজয়ী আছিল প্ৰমীলা (এষ্টাৰ ভিক্টোৰিয়া আব্ৰাহাম)।

মন কৰিবলগীয়া যে ফেমিনা মিছ ইণ্ডিয়াত অংশগ্ৰহণ কৰিব বিচৰা প্ৰাৰ্থীগৰাকীৰ বয়স নিম্নতম ১৮ বছৰ হ’ব লাগিব আৰু ২৫ বছৰতকৈ অধিক হ’ব নালাগিব।

You might also like