নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দীপাৱলীত দেশত জিঅ’ 5G মবাইল সেৱাঃ কিন্তু………..

বিশেষ বাৰ্তা, ২৯ আগষ্টঃ ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰিজৰ ৪৫সংখ্যক এজিএমত ভাষণ দি অধ্যক্ষ মুকেশ আম্বানীয়ে কয় যে দীপাৱলীৰ ভিতৰত ৰিলায়েঞ্চ জিঅ’ই দেশত ৫জি সেৱা আৰম্ভ কৰিব। তেওঁ কয় যে প্ৰথম চাৰিখন মেট্ৰ’চহৰ দিল্লী, মুম্বাই, কলকাতা আৰু চেন্নাইত ৫জি সেৱা আৰম্ভ হ’ব। ইয়াৰ পিছত ২০২৩ চনৰ শেষৰ ফালে দেশৰ প্ৰতিটো চুকে-কোণে ৫জি সেৱা উপলব্ধ হ’ব। তেওঁ কয় যে ৰিলায়েঞ্চ জিঅ’ৰ 5G সেৱা প্ৰকৃত 5G সেৱা হিচাপে প্ৰমাণিত হ’ব। তেওঁ কয় যে কেৱল জিঅ’ৰ ৭০০ মেগাহাৰ্টজ স্পেকট্ৰম আছে যিয়ে সকলোতে কভাৰেজ প্ৰদান কৰিব। তেওঁ লগতে ঘোষণা কৰে যে ৰিলায়েঞ্চ জিঅ’ৰ 5G সেৱা আটাইতকৈ সুলভ হ’ব। অধ্যক্ষগৰাকীয়ে কয় যে ৰিলায়েঞ্চ জিঅ’ই ৫জি সেৱাৰ বাবে ২ লাখ কোটি টকা বিনিয়োগ কৰিবলৈ ওলাইছে। ৰিলায়েন্স জিঅ’ৰ বৰ্তমান সৰ্বাধিক ৪২১ মিলিয়ন মোবাইল গ্ৰাহক আছে। তেওঁ কয় যে জিঅ’ই আটাইতকৈ শক্তিশালী ৪জি নেটৱৰ্ক স্থাপন কৰিছে। তেওঁ কয় যে তিনিজন গ্ৰাহকৰ ভিতৰত দুজনে জিঅ’ ফাইবাৰ বাছি লৈছে। জিঅ’ৰ ৫জিও হ’ব সৰ্বোত্তম সেৱা। ফিক্সড ব্ৰেণ্ড বেণ্ডত ভাৰত এতিয়াও বহু পিছ পৰি আছে। তেওঁ কয় যে ফিক্সড ব্ৰেণ্ড বেংকৰ ক্ষেত্ৰত জিঅ’ই ভাৰতক বিশ্বৰ শীৰ্ষ ১০ খন দেশৰ ভিতৰত স্থান দিব। ফিক্সড ব্ৰডবেণ্ডৰ বাবে ব্যৱহাৰ কৰা হ’ব ৫জি ব্ৰডবেণ্ড। মুম্বাইতো মুকলি কৰিব ৰিলায়েঞ্চ জিঅ’ই জিঅ’ ৫জি এক্সপিৰিয়েন্স চেণ্টাৰ। ৰিলায়েঞ্চ জিঅ’ই গুগলৰ সৈতে ৫জি হেণ্ডছেট নিৰ্মাণৰ বাবে চুক্তিবদ্ধ হৈছে। লগতে ক্লাউড সক্ষম ব্যৱসায়ৰ বাবে মাইক্ৰ’ছফ্টৰ সৈতে চুক্তি আছে। কোম্পানীটোৰ কোৱালকমৰ সৈতেও চুক্তি আছে। তেওঁ ঘোষণা কৰে যে কোৱালকমে ৫জি আন্তঃগাঁথনি নিৰ্মাণত জিঅ’ক সহায় কৰিব আৰু ইয়াৰ বাবে ৰিলায়েঞ্চ জিঅ’ আৰু কোৱালকমে অংশীদাৰিত্ব কৰিছে। আনহাতে তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগন্তুক ২৫ বছৰৰ দৃষ্টিভংগী আছে। ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন উন্নত দেশ কৰি তুলিব। ভাৰতৰ উন্নয়ন অব্যাহত থাকিব। ৰিলায়েঞ্চ হৈছে প্ৰথমটো কোম্পানী যিয়ে ১০০ বিলিয়ন ডলাৰৰ লেনদেন অতিক্ৰম কৰিছে। ৭৫ শতাংশ বৃদ্ধি পাইছে ৰিলায়েঞ্চৰ ৰপ্তানি। ভাৰতৰ ৰপ্তানিৰ ক্ষেত্ৰত ৰিলায়েঞ্চে ৮.৪ শতাংশ অৰিহণা যোগাইছে। কৰত সৰ্বাধিক অৰিহণা যোগোৱা কোম্পানীটো হ’ল ৰিলায়ে়ঞ্চ, যিয়ে ২.৩২ লাখ চাকৰিও প্ৰদান কৰিছে।

You might also like