নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জিএছটি বলৱতেৰে পুনৰ মাধমাৰ দেশবাসীক: ৰে’লৰ টিকট বাতিল, হোটেল বুকিং বাতিল কৰিলে ভৰিব লাগিব জিএছটি

প্রথম শ্রেণী কিম্বা এচি দবাৰ টিকট বাতিল কৰিলে জিএছটি ৫ শতাংশ

নিয়মীয়া বাৰ্তা, ৩০ আগষ্ট:  অত্যাৱশ্যকীয় সামগ্রীৰ জিএছটি বলৱতেৰে দেশবাসীক মাধমাৰ শোধোৱাৰ পাছত এইবাৰ ৰে’লৰ টিকট বাতিল, হোটেল বুকিং বাতিলতো জিএছটি আৰোপ কৰিলে কেন্দ্রীয় চৰকাৰে৷ দেশৰ সাধাৰণ জনতাৰ বাবে জিএছটি বোজা হৈ পৰাৰ সময়তে ৰে’ল ভ্রমণ কৰা সাধাৰণ নাগৰিকৰ এই ভ্রমণ বাতিলতো জিএছটি ভৰিবলগীয়াত পৰিব৷ কেন্দ্রীয় বিত্ত মন্ত্রালয়ে জাৰি কৰা নির্দেশনা অনুসৰি ৰে’লৰ নিশ্চিত টিকট বাতিল কৰিলে যাত্রীয়ে বাতিলৰ মাচুলৰ লগতে জিএছটিও ভৰিব লাগিব৷ ঠিক তেনেদৰে হোটেল বুকিং কৰি পাছলৈ এই বুকিং বাতিল কৰিলে গ্রাহকে জিএছটি ভৰিব লাগিব৷ কেন্দ্রীয় বিত্ত মন্ত্রালয়ৰ নির্দেশনা অনুসৰি ৰে’লৰ টিকট বাতিল, হোটেল বুকিং কৰি বাতিল কৰাটো কোনো এজন লোকৰ কণ্ড্রেক্ট উলংঘন হিচাপে বিবেচনা কৰা হয় আৰু যাত্রী–গ্রাহকে ইয়াৰ বাবে জিএছটি ভৰিব লাগিব৷ নির্দেশনা অনুসৰি ৰে’লৰ নিশ্চিত টিকট প্রথম শ্রেণী কিম্বা এচি দবাৰ লগতে আন আন শ্রেণীৰ টিকটত যাত্রীয়ে টিকট বাতিল কৰিলে পাঁচ শতাংশ জিএছটি ভৰিব লাগিব৷ মন কৰিবলগীয়া যে ৰে’ল মন্ত্রালয়ৰ মতে এচি দবাৰ টিকট বাতিল কৰিলে গ্রাহকে ২৪০ টকা ভৰিব লাগে৷ এতিয়াৰে পৰা পাঁচ শতাংশ জিএছটি ভৰিব লাগিলে প্রতিটো টিকটৰ বাতিলৰ বাবে যাত্রীয়ে ২৫২ টকা ভৰিব লাগিব৷ অর্থাৎ টিকট বাতিলৰ বাবে যাত্রীয়ে জিএছটি ১২ টকা ভৰিব লাগিব৷ উল্লেখ্য যে ৰে’লৰ নিশ্চিত টিকট ৰে’ল যাত্রাৰ ৪৮ ঘণ্টা কিম্বা ইয়াৰ পূর্বে বাতিল কৰিলে মুঠ টিকটৰ মূল্য ২৫ শতাংশ বাতিল মাচুল ভৰিবলগীয়া হয়৷ বিত্ত মন্ত্রালয়ৰ নতুন নির্দেশনা অনুসৰি এই বাতিল মাচুলত পুনৰ ৫ শতাংশ জিএছটি অন্তর্ভুক্ত হ’লে মুঠ বাতিল মাচুল হৈ পৰিব ৩০ শতাংশ৷ ঠিক তেনেদৰে হোটেলৰ বুকিঙৰ ক্ষেত্রতো বিত্ত মন্ত্রালয়ে নির্ধাৰিত ৫ শতাংশ জিএছটি মাচুল ভৰিব লাগিব৷ বিত্ত মন্ত্রালয়ৰ কৰ গৱেষণা গোটৰ দ্বাৰা নির্ধাৰণ কৰা সিদ্ধান্তক কেন্দ্রীয় বিত্ত মন্ত্রালয়ে নির্দেশনাযোগে জাৰি কৰি এই সিদ্ধান্ত বলৱৎ কৰিছে৷

You might also like