নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত নতুন ৰাজনৈতিক দল গঠনৰ সম্ভাৱনা প্রকাশ কালপুৰুষ পঞ্জিকাৰ

নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰীঃ  ২০২১ চনত ৰাজ্যত কোনো এটা দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিব নোৱাৰে৷ শাসনাধিষ্ঠিত বিজেপিয়ে বিভিন্ন বাধা–বিঘিনি নেওচি মিত্রদলৰ সহযোগত চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ব৷ অৱশ্যে মিত্রদলৰ সহযোগত গঠন হ’বলগীয়া চৰকাৰত অগপ দল নাথাকে৷ এই ভৱিষ্যৎ বাণী কালপুৰুষ পূর্ণাংগ পঞ্জিকাৰ৷ গুৱাহাটী প্রেছ ক্লাবত আজি কালপুৰুষ পূর্ণাংগ পঞ্জিকা উন্মোচন কৰি প্রকাশক, জ্যোতিষী ৰঞ্জিত কুমাৰ শইকীয়াই   ৰাজ্যৰ কেইবাটাও ৰাজনৈতিক পট পৰিৱর্তনৰ সম্ভাৱনীয়তাৰ কথা প্রকাশ কৰে৷ সংবাদিকৰ এক প্রশ্ণৰ উত্তৰত তেওঁ কয় যে বিজেপিৰ ভাগ্যচক্র দশা ভাল চলি আছে ৷ কিন্তু আগন্তুক অসম বিধানসভা নির্বাচনত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা লাভ কৰাত জটিলতা আছে৷  কালপুৰুষ পূর্ণাংগ পঞ্জিকাৰ বর্ষচক্র গণনা অনুসৰি ২০২১ৰ বিধানসভা নির্বাচনৰ পূর্বে নতুন ৰাজনৈতিক দল গঠন হ’ব যদিও নতুন দলে চৰকাৰ গঠন কৰিব নোৱাৰে৷ বর্ষচক্র গণনা অনুসৰি অহা ২৯ আহাৰৰ পৰা ভাদ মাহৰ ভিতৰত ৰাজ্যৰ আগশাৰীৰ ৰাজনৈতিক নেতা ভয়াৱহ দুর্ঘটনাৰ সন্মুখীন হোৱাৰ কথাও উল্লেখ কৰে৷ বছৰটোৰ ভিতৰত অসমৰ ৰাজনীতিত পট পৰিৱর্তনৰ লগতে কোনো মন্ত্রীৰ পদত্যাগ অথবা অপসাৰণৰ সম্ভাৱনা আছে৷ কালপুৰুষ পূর্ণাংগ পঞ্জিকাৰ গণনা অনুসৰি অসমৰ ভাগ্যচক্রৰ অধিপতি চন্দ্র ষষ্ঠত কেতুযুক্ত আৰু ৰাহুদিষ্ট হোৱাত ৰাশ্যাধিপতিৰ অৱস্থান দুর্বল৷ চন্দ্র কেতুযুক্ত হোৱা বাবে ৰাজ্যত বিভিন্ন ব্যাধি, দুর্যোগ, দুর্ঘটনা আদিয়ে জনসাধাৰণৰ বিস্তৰ ক্ষতিৰ লগতে প্রাণহানিৰ যোগ আছে৷ কেতুৰ প্রভাৱত গোপন শত্রুৱে কূটাঘাতমূলক কাম কৰিব পাৰে৷ সপ্তমত মংগল থকাত ৰাজ্যৰ ব্যৱসায়–বাণিজ্য আমদানি–ৰপ্তানিৰ ক্ষেত্রত সুদূৰপ্রসাৰী প্রভাৱ পৰিব৷ বিভিন্ন জাতি–জনজাতিৰ মাজত মতানৈক্য আহিলেও চৰকাৰে আইন–শৃংখলা বজাই ৰাখিবলৈ সক্ষম হ’ব৷ ৰাজ্যৰ বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্রত চৰকাৰ সফল হ’ব৷ আগন্তুক বর্ষত ৰাজ্যৰ আয়ৰ পৰিমাণ বৃদ্ধি পাব৷ চৰকাৰে বিভিন্ন দিশৰ ৰাজহ বৃদ্ধি কৰিব পাৰিব৷ ৰাজ্যৰ পৰিবহণ, শিক্ষা, শিল্পকলা, কাৰিকৰী শিক্ষা, গৱেষণা, স্ত্রীশিক্ষাৰ উন্নয়নৰ বাবে চৰকাৰে অধিক গুৰুত্ব প্রদান কৰিব৷ নিবনুৱাসকলৰ চাকৰি পোৱাৰ যোগ আছে৷ চৰকাৰৰ বিৰুদ্ধে গা কৰি উঠা বিভিন্ন সংগঠন, কূটাঘাতমূলক কার্যত জড়িত ব্যক্তিসকলক দমন কৰি চৰকাৰ সুস্থিৰভাৱে চলাই যাবলৈ সক্ষম হ’ব৷ গুৱাহাটী প্রেছ ক্লাবত আয়োজিত কালপুৰুষ পূর্ণাংগ পঞ্জিকাৰ এই উন্মোচনী অনুষ্ঠানত সম্পাদক ভবেশ কুমাৰ শর্মা বৰুৱা, দীপক শর্মাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ এই সংবাদ মেলতে কালপুৰুষৰ পূর্ণাংগ কেলেণ্ডাৰখনো উন্মোচন কৰা হয়৷

You might also like