নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিৰপালত বহি পৰীক্ষাত অৱতীর্ণ শিক্ষার্থী

মহানগৰ বার্তা, ২৩ ডিচেম্বৰঃ ৰাজ্যৰ পৰিৱর্তনকামী মিত্রজোঁটৰ চৰকাৰৰ সময়ছোৱাত শিক্ষা বিভাগৰ উন্নয়নৰ প্রকৃত স্বৰূপ পোহৰলৈ আহিছে ৷ ৰাজ্যৰ অন্য প্রান্তৰ কথা বাদেই, খোদ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ এখন বিদ্যালয়ৰ শিক্ষার্থীয়ে তিৰপালত বহি পৰীক্ষাত অৱতীর্ণ হোৱা ঘটনাই শিক্ষা বিভাগৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ উদঙাইছে ৷ প্রাপ্ত তথ্য অনুসৰি দিছপুৰ শিক্ষাখণ্ডৰ অন্তর্গত জনশিমলু হাইস্কুলত শিক্ষার্থীয়ে সোমবাৰে শ্রেণীকোঠাৰ অভাৱত তিৰপালত বহি বছৰেকীয়া পৰীক্ষাত অৱতীর্ণ হয় ৷ বিদ্যালয়খনৰ শিক্ষার্থীয়ে বিভিন্ন সমস্যাৰ মাজত শিক্ষা গ্রহণ কৰাৰ লগতে তিৰপালত বহি পৰীক্ষাত অৱতীর্ণ হোৱা ঘটনাত সচেতন মহলে উদ্বিগ্নতা প্রকাশ কৰিছে যদিও ৰাজ্যৰ শিক্ষা বিভাগে এই ক্ষেত্রত মৌনতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে ৷

উল্লেখ্য যে ২০১৭ চনৰ ২৮ নৱেম্বৰত আমচাং অভায়ৰণ্য বেদখলমুক্ত কৰাৰ বাবে বন বিভাগে চলোৱা উচ্ছেদ অভিযানত জনশিমলু হাইস্কুলখন উচ্ছেদ কৰিছিল ৷ বিদ্যালয়গৃহ উচ্ছেদ কৰাৰ পিছত শিক্ষার্থী তথা স্থানীয় লোকৰ হেঁচাত বিভাগীয় কর্তৃপক্ষই বতাহঘুলি প্রাথমিক বিদ্যালয়গৃহত পাঠদান কৰাৰ সুবিধা দিয়ে ৷ এখন বিদ্যালয়গৃহত বিভিন্ন সমস্যাৰ মাজতে পুৱা আৰু গধূলি দুটাকৈ শিক্ষানুষ্ঠানৰ শিক্ষার্থীক পাঠদান দিয়াত বিশেষ অসুবিধাৰ সন্মুখীন হৈছে ৷ বিগত দুবছৰে এনেকৈয়ে পাঠদান কৰি আহিছে যদিও জিলা প্রশাসন তথা শিক্ষা বিভাগে ইয়াৰ স্থায়ী সমাধান উলিয়াবলৈ সক্ষম হোৱা নাই ৷ অৱশ্যে ইয়াৰ মাজতে বিভাগীয় কর্তৃপক্ষই বিদ্যালয়খন স্থানান্তৰ কৰাৰ আশ্বাস দিছিল যদিও সেয়া আজিও কার্যকৰী কৰিবলৈ সক্ষম হোৱা নাই ৷ ফলত এশএবুৰি সমস্যাৰ মাজত দুয়োখন বিদ্যালয়ৰ শিক্ষার্থীয়ে দুটাকৈ মূল্যৱান শিক্ষাবর্ষ পাৰ কৰিবলগীয়া হৈছে ৷

যি সময়ত চৰকাৰ–প্রশাসনে একাংশ পুঁজিপতিক ভূমি আবণ্টন দি চৰকাৰী ভূমিত ব্যৱসায় চলোৱাৰ অনুমতি প্রদান কৰিছে সেই সময়তে এখন বিদ্যালয়ৰ বাবে এটুকুৰা মাটি উলিয়াব নোৱৰা ঘটনাক লৈ সচেতন মহলত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে ৷ বিদ্যালয়খনৰ প্রধান শিক্ষক কনক কলিতাই জানিবলৈ দিয়া মতে যদিহে আগন্তুক শিক্ষাবর্ষৰ পূর্বে স্থায়ী গৃহ নির্মাণৰ বাবে চৰকাৰে ভূমি আবণ্টন নিদিয়ে তেন্তে শিক্ষার্থীসকলে জংগী আন্দোলনৰ কার্যসূচী গ্রহণ কৰিব ৷

You might also like