নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী ষ্টেচনত ৫০ লাখ টকাৰ চোৰাং সোণসহ এজনক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা, ২২ অক্টোবৰঃ চৰকাৰী ৰে’ল আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিত গুৱাহাটী ষ্টেচনত নামনিমুৱা অবধ আছাম এক্সপ্রেছত অভিযান চলাই ৬ টুকুৰা সোণৰ বিস্কুটসহ এজন লোকক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ চৰকাৰী ৰে’ল আৰক্ষীয়ে জানিবলৈ দিয়া মতে, পৰহি নিশা প্রায় ৯.৫০ বজাত নামনিমুৱা এক্সপ্রেছখনত অভিযান চলাই মন্তোষ মাহাতো নামৰ লোকজনৰ পৰা ৬ টুকুৰা চোৰাং সোণৰ বিস্কুট জব্দ কৰে৷

জব্দকৃত সোণৰ বিস্কুটকেইটাৰ ওজন ৯৯৮ গ্রাম৷ এই সোণখিনিৰ বজাৰ মূল্য প্রায় ৫০ লাখ টকা বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷ ঘটনা সন্দর্ভত চৰকাৰী ৰে’ল আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷ আৰক্ষীৰ জেৰাত ধৃত মাহাতোৱে মণিপুৰৰ পৰা সোণখিনি লৈ বাছেৰে ডিমাপুৰলৈ আহি নামনিমুৱা অবধ আছাম এক্সপ্রেছেৰে বিহাৰৰ মুজাফৰপুৰলৈ নিয়াৰ কথা আছিল৷

আৰক্ষীৰ জেৰাত আন্তঃৰাষ্ট্রীয় চোৰাং সৰবৰাহকাৰী চক্রটোৱে যুৱতী, মহিলা আৰু একাংশ যুৱকক এজেণ্ট হিচাপে নিয়োগ কৰি বহিঃৰাজ্যলৈ চোৰাং সোণ সৰবৰাহ কৰি অহা বুলি ধৃত সৰবৰাহকাৰী মন্তোষে স্বীকাৰোক্তি দিছে৷ লক্ষণীয় যে যোৱা ৯ অক্টোবৰত গুৱাহাটী ষ্টেচনত চৰকাৰী ৰে’ল আৰক্ষীয়ে অভিযান চলাই নামনিমুৱা ৰাজধানী এক্সপ্রেছৰ পৰা প্রায় ৪৭ লাখ টকা মূল্যৰ ৯৪০ গ্রাম চোৰাং সোণসহ ৰাজকুমাৰ পেটেল নামৰ এজন লোকক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল৷

কেন্দ্রীয় চৰকাৰে ক’ভিড–১৯ৰ নীতি–নির্দেশনা জাৰি কৰি ৰে’লৰ চলাচল আৰম্ভ কৰাৰ পাছৰে পৰা আন্তঃৰাষ্ট্রীয় চোৰাং সৰবৰাহকাৰী চক্রটোৱে ৰে’লেৰে বহিঃৰাজ্যলৈ সোণ সৰবৰাহ অব্যাহত ৰাখিছে৷

You might also like