নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত চলিব ২৫খন বিনামূলীয়া গুলপীয়া বাছ

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে অসম চৰকাৰৰ অভিনৱ আঁচনি ‘ভ্রমণ সাৰথি’ৰ অধীনত গুৱাহাটী মহানগৰীৰ মহিলা আৰু জ্যেষ্ঠ নাগৰিকসকলৰ বাবে সম্পূর্ণ বিনামূলীয়া বাছ সেৱাৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে৷ উল্লেখ্য যে এই সেৱাৰ অধীনত ২৫খন বাছ অন্তর্ভুক্ত কৰা হৈছে৷ খানাপাৰাস্থিত অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয় চৌহদৰ পৰা এহ বিশেষ বাছ সেৱাৰ ‘ফ্লেগ অফ’ কৰি মুখ্যমন্ত্রী সোণোৱালে কয় যে গুৱাহাটী মহানগৰীত পোনপ্রথমবাৰৰ বাবে আৰম্ভ কৰা এই বিনামূলীয়া পৰিবহণ ব্যৱস্থাই আমাৰ জ্যেষ্ঠ নাগৰিকসকলৰ লগতে মহিলাসকলৰ যাতায়াতৰ ক্ষেত্রত বিশেষ সকাহ প্রদান কৰিবলৈ সক্ষম হ’ব৷ এই বাছৰ সেৱা বিনামূলীয়া যদিও সকলোকে দায়বদ্ধতা আৰু দায়িত্বসহকাৰে এই বাছসমূহৰ যত্ন ল’বলৈ মুখ্যমন্ত্রীয়ে আহ্বান জনায়৷ ক’ভিড–১৯ অতিমাৰীৰ সময়ত ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ লগতে পৰিবহণ বিভাগে জনসেৱাৰ বাবে গ্রহণ কৰা ভূমিকাৰ শলাগ লৈ এই অভূতপূর্ব সেৱাৰ বাবে মুখ্যমন্ত্রীয়ে পৰিবহণ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ লগতে ৰাজ্যিক পৰিবহণ নিগমৰ বিষয়–ববীয়া, চালক–হেণ্ডিমেনকে ধৰি সকলো বিষয়া–কর্মচাৰীৰ ধন্যবাদ জনায়৷

মুখ্যমন্ত্রীয়ে লগতে কয় যে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনৰ বিগত চাৰে চাৰি বছৰীয়া কার্যকালত ৰাজ্যবাসীয়ে আগবঢ়োৱা সহযোগিতাৰ বাবে ৰাজ্যৰ বুকুলৈ আজি শান্তি ঘূৰি আহিছে, সমন্বয় সম্ভৱ হৈছে৷ শান্তি প্রতিষ্ঠা হ’লে মানুহে মুক্ত মনে পৰিশ্রম কৰিবলৈ উদ্বুদ্ধ হয়৷ ৰাজ্যখনৰ কৃষক, শ্রমিক, কর্মচাৰী, উদ্যোগী আদি সকলোৱে নতুন উদ্যমেৰে নিজ নিজ কর্মক্ষেত্রত আত্মনিয়োগ কৰাৰ ফলত ৰাজ্যখনৰ কর্মসংস্কৃতিয়ে নতুন মাত্রা লাভ কৰিছে৷ ইংৰাজী নতুন বছৰৰ এই আৰম্ভণিতে অসম ৰাজ্যিক পৰিবহণ নিগমে আৰম্ভ কৰা আজিৰ এই নতুন আঁচনিয়ে চৰকাৰখনৰ কল্যাণমুখী পদক্ষেপসমূহক এক নতুন মাত্রা প্রদান কৰিলে বুলি মুখ্যমন্ত্রীয়ে মন্তব্য কৰে৷ অনুষ্ঠানত পৰিবহণ, উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে কয় যে মুখ্যমন্ত্রী সোণোৱালৰ ইচ্ছা অনুসৰিয়ে পৰিবহণ বিভাগে মহিলা আৰু বয়োজ্যেষ্ঠসকলৰ বাবে এই গুলপীয়া বাছ সেৱা প্রৱর্তনৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ এইব্যৱস্থাই মহানগৰীৰ মহিলা আৰু জ্যেষ্ঠ নাগৰিকসকলৰ নিৰাপদ আৰু আৰামদায়ক যাতায়াত সম্ভৱ কৰি তুলিব বুলি মন্ত্রীগৰাকীয়ে কয়৷ গুলপীয়া ৰঙৰ এই বাছসমূহ ৫টা ব্যস্ততম পথত চলাচল কৰিব৷

বাছকেইখন খানাপাৰাৰ পৰা পল্টন বজাৰ হৈ জালুকবাৰীলৈ, ফৰেষ্ট গেটৰ পৰা চান্দমাৰি হৈ জালুকবাৰীলৈ, বশিষ্ঠ মন্দিৰৰ পৰা পল্টনবজাৰ হৈ জালুকবাৰীলৈ, খানাপাৰাৰ পৰা ৰাষ্ট্রীয় ঘাইপথ তথা আইএছবিটি হৈ জালুকবাৰীলৈ আৰু গেমছ ভিলেজ (ভেটাপাৰা)ৰ পৰা পল্টনবজাৰ হৈ জালুকবাৰীলৈ চলাচল কৰিব৷ অনুষ্ঠানত অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ অশোক ভট্টৰায়, উপাধ্যক্ষ হৰিচৰণ বডো, অসম বিত্ত নিগমৰ অধ্যক্ষ বিজয় কুমাৰ গুপ্তা, মুখ্যমন্ত্রীৰ অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, মুখ্যমন্ত্রীৰ বিশেষ আয়ুক্ত ৰঞ্জন চক্রৱর্তী, পৰিবহণ বিভাগৰ আয়ুক্ত সচিব ড০ কে কে দ্বিবেদী, অসম ৰাজ্যিক পৰিবহণ নিগমৰ পৰিচালন সঞ্চালক আনন্দ প্রকাশ তিৱাৰীৰ লগতে পৰিবহণ বিভাগৰ শীর্ষ বিষয়াসকল উপস্থিত থাকে৷

You might also like