নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাপ নে দুর্ঘটনা…

নৰাৰ পেঁপা এটা সাজি দিয়কনা বৰদেউতা, আপোনালোকৰ পাছ চোতালৰ ৰবাব টেঙাজোপা লাগিছেনে? এটা দি পঠিয়াব দেউতাৰ হাতত… মানুহজনৰ ওচৰত মোৰ আবদাৰৰ অন্ত নাছিল৷ আমাৰ পথাৰৰ খেতিৰ কাষতেই তেওঁলোকৰো খেতি৷ সেয়েহে যি কোনো অজুহাতত পথাৰলৈ লৰ মাৰিলেই ধান চপোৱাৰ দিনত নগেন বৰদেউতাক লগ পাইছিলোঁ৷ মোৰ নৰাৰ পেঁপা বজোৱাৰ হেঁপাহ হাঁহি হাঁহি তেওঁ পূৰণ কৰিছিল৷ কেতিয়াবা পথাৰৰ চেঁচো গুটি খান্দি হাতত দিছিল৷ লেছেৰি বুটলি দৌৰি ফুৰা ভাইটি আৰু মোক কৈছিল– ‘মাৰ মাষ্টৰনী তহঁত দুটা ভাল মানুহ নহ’লে মাৰে লাজ পাব৷ এনেদৰে ধেমালি কৰিয়েই সময় কটাবি নে পঢ়াতো মন দিবি?’ সৰল মানুহজনে হয়তো ভাবিছিল আবেলি স্কুলৰ পৰা আহি পথাৰত দৌৰি ফুৰাতকৈ কিতাপত মূৰ গুজি থ’লেহে আমি সফল মানুহ হ’ব পাৰিম৷ তেওঁৰ কথা পেলাব নোৱাৰি ঘৰলৈ ঘূৰি আহিছিলোঁ৷ তেওঁলোকৰ বাৰীৰ সকলো ফল–মূলৰ ভাগ আমি পাইছিলোঁ৷ বৰদেউতাই গাঁৱৰ ভাওনাত সদায় ৰজাৰ চৰিত্রত অভিনয় কৰিছিল৷ এবাৰ ৰজা হৰিশ্চন্দ্র নামৰ ভাওনাখনত তেওঁ কৰা অভিনয় চাই দর্শকৰ শাৰীত বহি থকা গাঁৱৰ মহিলাসকলে উচুপি উঠিছিল৷ মোৰো মনত এনে ভাব হৈছিল যে নগেন বৰদেউতা যেন ৰজা হৰিশ্চন্দ্রৰ দৰেই সৎ আৰু দানী৷ লাহে লাহে গাঁৱৰ জ্ঞানী বয়োজ্যেষ্ঠ লোকসকল এজন দুজনকৈ নোহোৱা হ’ল৷ কিন্তু গাঁৱৰ নামঘৰৰ বছৰেকীয়া ভাওনাৰ পৰম্পৰা বা গুৰু দুজনাৰ তিথি উপলক্ষে প্রতিবছৰেই পালন কৰা অনুষ্ঠানবোৰ চলি থাকিল৷ নগেন বৰদেউতা গাঁওখনৰ আগশাৰীৰ নামতী আছিল৷ আমাৰ কুমলীয়া মনো তেওঁৰ গভীৰ কণ্ঠৰ মধুৰ আৱেশে আৱিষ্ট কৰিছিল৷ কেৱল প্রাথমিক বিদ্যালয় গৰকা বৰদেউতাৰ উদাৰ মন আৰু সত্রীয়া সংস্কৃতিৰ অগাধ জ্ঞান যোৰহাটৰ উপকণ্ঠৰ বৃহৎ অঞ্চলটোৰ মানুহৰ মুখে মুখে চর্চিত হৈছিল৷ স্বাভাৱিকতেই কথাবোৰ বুজাৰ বয়স হোৱাৰ লগে লগে বৰদেউতাৰ ব্যক্তিত্বই মোকো মোহিত কৰিছিল৷ কিন্তু সময় সদায় একে নাথাকে৷ জীৱনে কাৰ লগত কি পৰিকল্পনা কৰি থয় সেই কথা অনুমান কৰাটো যে অসম্ভৱ সেই কথা নগেন বৰদেউতাৰ জীৱনত ঘটা অকল্পনীয় এক ঘটনাই মোক বুজাই দিলে৷ এদিন বৰদেউতাই পথাৰত আনদিনাৰ দৰেই ঘৰৰ গাইজনীক এৰাল দি থৈ আহিছিল৷ ওচৰৰে আন এখন গাঁৱৰ এঘৰ মানুহৰ শ্রাদ্ধত নাম গাবলৈ যোৱা বৰদেউতা গোটেই দিনটো ব্যস্ত হৈ আছিল৷ তেওঁৰ দুই প্রাপ্তবয়স্ক পুত্র কামৰ সন্ধানত আছিলগৈ কেৰালাত৷ অভাৱো নথকা ভঁৰালো নথকা ঘৰখন পকীকৈ সজাৰ স্বপ্ণই দুয়ো পুতেকক বাউল কৰিছিল আৰু সেয়ে নগেন বৰদেউতাৰ হকা–বধা নামানি সিহঁত কেৰালাত চাকৰি কৰিবলৈ গ’ল৷ পত্নীৰ সৈতে দুখে–সুখে দিনবোৰ পাৰ হৈ গৈছিল তেওঁৰ৷ কিন্তু সেই বিশেষ দিনটোৱে তেওঁৰ জীৱন সম্পূর্ণ সলনি কৰি দিলে৷ মুনিচুনি সন্ধিয়া প্রসাদৰ টোপোলাটো লৈ ঘৰ সোমোৱা বৰদেউতাই চোতালতে চাইকেলখন থৈ ভিতৰলৈ সোমাওঁতেই বাহিৰত উত্তেজিত হৈ কোনোবা দুজনমানে তেওঁক মতা শুনি ওলাই আহিল৷ গাঁৱৰে তেওঁতকৈ কিছু সৰু দুজন ব্যক্তিয়ে চিঞৰি চিঞৰি তেওঁলৈ আঙুলিয়াই কৈছে– ‘ককাইদেউ তই বৰ ডাঙৰ পাপ কৰিলি৷ হৰিনাম গাই গাঁৱে গাঁৱে ঘূৰি ফুৰ, আনক পাপৰ পৰা উদ্ধাৰ কৰিবলৈ যাৱ, অথচ তই গো–বধ কৰিলি আজি৷’ কথাষাৰ শুনি নগেন বৰদেউতাই যেন হিতাহিত জ্ঞান হেৰুৱাই পেলালে৷ তেওঁ চোতাললৈ ওলাই তেওঁক দোষাৰোপ কৰা মানুহজনৰ চোলাৰ কলাৰত ধৰি গাৰ সমস্ত শক্তিৰে শোধালে এটা ঘোচা৷ আনজন মানুহে লগে লগে পূর্বতকৈ জোৰেৰে চিঞৰি কোন ক’ত আছ আহহঁত বুলি মানুহ গোটাবলৈ ধৰিলে৷ কম সময়তে তেওঁৰ চোতালত ওচৰ চুবুৰীয়া গোট খালে৷ বৰদেউতাই গো–হত্যা কৰিছে বুলি ইতিমধ্যে তেওঁলোকে জানিলে অথচ তেতিয়ালৈকে নগেন বৰদেউতাই নিজেই নাজানে তেওঁ কেতিয়া গো–বধ কৰিলে৷ হুলস্থূল শুনি বাহিৰলৈ ওলাই অহা বৰমাক তেওঁলোকৰ চুবুৰিৰে এগৰাকী মহিলাই ক’লে যে বৰদেউতাই এৰাল দি থৈ অহা গাইজনী পথাৰত বান্ধতে মৰি পৰি আছে৷ মানুহগৰাকীৰ কথা শুনি বৰমায়ো চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে বৰদেউতাক দোষাৰোপ কৰি৷ বৰদেউতাই লৰ ধৰিলে পথাৰলৈ৷ হয়, তেওঁ এৰাল দি থৈ যোৱা ঠাইতে তেওঁৰ অতি মৰমৰ বগী নামৰ গাইজনী মৰি পৰি আছে৷ ইতিমধ্যে বৰমাও সেই ঠাই পাইছিলহি তেওঁৰ হাতত থকা কটাৰীৰে গাইজনীৰ পঘা কাটি গাইজনীক সাবটি কান্দিবলৈ ধৰিলে– ‘এতিয়া আমাৰ কি হ’ব৷ ৰাইজে কৈছে গো–বধৰ পাপত আপুনি পৰাচিত হ’ব লাগিব৷ সমাজৰ আগত কেনেকৈ মুখ দেখুৱাব৷ আপুনি আজি নামপ্রসংগ কৰোঁতেই হয়তো কিবা পাপ লাগিল৷’ বৰদেউতাৰ থিয় হৈ থকাৰ শক্তি নোহোৱা হৈছিল৷ চুবুৰিৰে দুজনমান ডেকাই গাইজনীৰ অন্তিম সৎকাৰ কৰিলে৷ গাঁওখনত কেইবাদিনো ধৰি কেৱল গো–বধৰ বাবে নগেন বৰদেউতাই কি শাস্তি পাব লাগে ঘৰে ঘৰে সেই কথাই আলোচনা হৈ থাকিল৷ বৰমাৰ পৰা তেওঁলোকৰ দুই পুত্রৰ ম’বাইল নম্বৰ লৈ কোনোবা এজন অত্যুৎসাহী ব্যক্তিয়ে তেওঁলোকলৈ ফোন কৰি দেউতাকে গো–বধ কৰিছে বুলি জনোৱাৰ লগতে দুয়োকে শীঘ্রে ঘৰলৈ মাতি পঠিয়ালে৷ অচেতনপ্রায় হৈ পৰা অতি ধার্মিক বৰদেউতাই তিনিটা দিন মুখলৈ এটুপি পানীও নিনিলে৷ অতদিনে বৰদেউতা নহ’লে গাঁওখনৰ কোনো ধৰণৰ ধার্মিক কাম–কাজ নহৈছিল যদিও মাত্র তিনিটা দিনতে বৰদেউতাই গাঁৱলৈ অমংগল মাতিছে বুলি সকলোৱে তেওঁক কটু কথা শুনাবলৈ ধৰিলে৷ ঘটনাটোৰ চাৰি দিনৰ পিছতে বৰদেউতাহঁতৰ গাঁৱৰ এটি কিশোৰৰ তীব্রগতিৰে বাইক চলোৱাৰ ফলত দুর্ঘটনাত মৃত্যু হ’ল৷ কিশোৰটোৰ মৃত্যুৰ বাবেও জগৰীয়া সাব্যস্ত কৰা হ’ল বৰদেউতাক৷ প্রতিটো দিন অকথ্য যন্ত্রণাত কটোৱা বৰদেউতাই দুই পুত্র ঘৰত উপস্থিত হোৱাৰ পিছতেই সমাজৰ আগত পৰাচিত হ’ল৷ গোবৰ মিহলোৱা পানী খুৱাই সমাজৰ আগত চুলি খুৰাই, দণ্ড–খৰচা দি তেওঁ পৰাচিত হ’ব লগা হ’ল৷ সমাজৰ পৰা ক্রমান্বয়ে বিচ্ছিন্ন কৰা হ’ল বৰদেউতাক৷ সমাজৰ কথা শুনিয়ে পৰাচিত হোৱা বৰদেউতাক সমাজৰ কাম–কাজত ভাগ লোৱাৰ পৰা শিক্ষিত এচাম লোকেই বঞ্চিত কৰিলে৷ ক্রমান্বয়ে ভোক–পিয়াহ হেৰুৱাই পেলালে তেওঁ৷ কিছুদিনৰ পিছত মাকৰ লগতে তেওঁক এৰি দুই পুত্র পুনৰ কেৰালালৈ গ’লগৈ৷ ঘৰত থকা দিনকেইটাত দেউতাকক তেওঁলোকে অৱশ্যে যথেষ্ট মানসিক সাহচর্য প্রদান কৰিছিল৷ তেওঁলোকে বৰদেউতাক বুজাব খুজিছিল যে তেওঁ বান্ধি থৈ যোৱা গাইজনীৰ মৃত্যু দুর্ঘটনাক্রমেহে হৈছে৷ আৰু সেয়া দুখজনক যদিও নিজক শাস্তি দিয়াৰ কোনো অর্থ নাই৷ দেউতাকক তেওঁলোকে ভৱিষ্যতে সাৱধান হ’বলৈহে অনুৰোধ জনালে৷ কিন্তু বৰদেউতাৰ মনৰ পৰিৱর্তন সাধন কৰিবলৈ তেওঁলোক সক্ষম নহ’ল৷ তেতিয়া আছিল শাওণ মাহ৷ বৰদেউতাহঁতৰ গাঁৱৰ পৰা কেইমাইলমান দূৰেৰে বৈ গৈছে বিশাল ব্রহ্মপুত্র৷ কেইবাদিনো ধৰি দি থকা ধাৰাসাৰ বৰষুণে ব্রহ্মপুত্রত ক্ষণে ক্ষণে পানী বঢ়াইছিল৷ ব্রহ্মপুত্রৰ মথাউৰি ভাঙে বুলি চিন্তাতে কাষৰীয়া গাঁওবোৰৰ মানুহৰ আহাৰ, নিদ্রা নোহোৱা হৈছে৷ তেনে এটা কালিকা লগা সন্ধ্যা বৰদেউতা নোহোৱা হ’ল৷ নিশা ৯ বজালৈকে বৰদেউতা নহাত তেওঁৰ পত্নীয়ে চুবুৰিৰ মানুহৰ ঘৰত তেওঁ আছে নেকি খবৰ ল’লে৷ কিন্তু নাই, কাৰো ঘৰতে বৰদেউতা নাই৷ সকলোৱে তেওঁক যেনে তেনে নিশাটো কটোৱাৰ পৰামর্শ দি পিছদিনাই বৰদেউতাক বিচাৰি যাব বুলি সাত্ব্ন্না দিলে৷ দুদিনৰ পিছতো তেখেত ঘূৰি নহাত থানাত এজাহাৰ দিয়া হ’ল৷ তিনি দিনৰ দিনা নৈৰ পাৰৰ গাঁওখনৰ এজন মানুহে জনালে যে সন্ধিয়া বৰদেউতা নদীৰ গৰাৰ দিশে অতি খৰ খোজেৰে গৈ থকা তেওঁ দেখিছিল৷ তেওঁ মাত দিয়াত বৰদেউতাই কাৰোবাৰ খবৰ ল’বলৈ যাওঁ বুলি কৈছিল৷ ইতিমধ্যে সকলোৰে মনত সন্দেহ হৈছিল যে বৰদেউতাই হয়তো ভৰ বাৰিষাৰ লুইতত জাঁপ দিলে৷ আজিও বৰদেউতাৰ কোনো খবৰ নোলাল৷ সমাজৰ এচাম মানুহৰ নেতিবাচক মানসিকতাই বৰদেউতাৰ মনত হয়তো মৃত্যুৰ প্রতি আগ্রহ সৃষ্টি কৰিলে৷ সৌ সিদিনা আন এজন মানুহৰ মৃত্যুৰ বাতৰি পালোঁ, যিজনে সমাজৰ কিছুমান অবাঞ্ছিত নীতি–নিয়মৰ বাবে মৃত্যুক সাবটি ল’লে৷ বৰদেউতাৰ কথা ভাবিলে আজিও মোৰ বুকু কঁপি উঠে৷ কি অসহ্য যন্ত্রণাত মানুহজনে জীয়াই থকা দিনবোৰ পাৰ কৰিছিল সেয়া ভাবিবলৈও ভয় লাগে৷ আচলতে কোনো মানুহেই নেতিবাচক চিন্তা মানুহ, ঠাই আৰু পৰিস্থিতিৰ পৰা মুক্তি পাব নোৱাৰে৷ নেতিবাচক মনৰ মানুহে প্রত্যেকৰে জীৱন প্রভাৱিত কৰে যেতিয়ালৈকে ব্যক্তিজনে সঠিক প্রতিবন্ধক সৃষ্টি কৰে তেনে মানুহক জীৱনৰ পৰা আঁতৰাই নপঠায়৷ অপ্রাহ ৱিনফ্রেই কোৱা এষাৰ কথা এই প্রসংগতে উনুকিওৱাৰ লোভ সামৰিব নোৱাৰিলোঁ৷ তেওঁ কৈছিল যে নিজকে আমি সেইবোৰ মানুহৰ দ্বাৰা আৱেষ্টিত কৰি ৰাখিব লাগে, যিসকলে আমাক উত্তৰণৰ পথ দেখুৱাই দিয়ে৷ আৰু জীৱনটো ইমানেই চুটি যে জীৱন বিষময় কৰা মানুহবোৰৰ পৰা আঁতৰি থকাটোৱেই বুদ্ধিমানৰ কাম বুলি মই নিজেও অনুভৱ কৰোঁ৷ কিন্তু এই কথাবোৰ নগেন বৰদেউতাক বুজাবলৈ মানুহ নাছিল৷ অকলশৰে কোঠাত সোমাই থকা বৰদেউতাই হয়তো গো–বধৰ পাপ কৰিছোঁ বুলিয়েই নিজৰ মনটোকো তিল তিলকৈ হত্যা কৰিলে৷ নামঘৰৰ ভাওনাৰ আখৰাৰ খোল, তালৰ শব্দই তেওঁক হয়তো নিশা শুবলৈ দিয়া নাছিল৷ কিন্তু তেওঁৰ অভাৱ অনুভৱ নকৰা সমাজখনৰ ঠেক মানসিকতাৰ মানুহবোৰ জানো তেওঁৰ মৃত্যুৰ এটা কাৰক নহয়? তেওঁলোকো জানো সেই দৃষ্টিৰ পৰা পাপী নহয়? কেতিয়াবা ভাবোঁ আচলতে মানুহৰ কিতাপৰ লগত সম্পর্ক থকাটো এইবাবেই জৰুৰী হৈ পৰে, যাতে গোটেই সমাজখনে তেওঁক একাষৰীয়া কৰাৰ সময়ত জীৱনক নতুন দৃষ্টিৰে চাবলৈ শিকোৱা এখন কিতাপ তেওঁ পঢ়িবলৈ পায়৷ তদুপৰি আত্ম ঘৃণাই এজন মানুহক জীৱনৰ মোহৰ পৰা সম্পূর্ণৰূপে কক্ষচ্যুত কৰে৷ সমালোচনাৰ যন্ত্রণা পাহৰি জীৱনক নতুন পথ দিবলৈ সক্ষম হোৱা বন্ধু কিতাপতকৈ আন কোন হ’ব পাৰে এতিয়াও নিজানত কেতিয়াবা বৰ তীব্রভাৱে বৰদেউতাৰ স্মৃতিয়ে আমনি কৰে৷ মনে মনে ভাবোঁ সমাজৰ লগত যুঁজিব পৰা শক্তি তেওঁৰ মাজত কিয় জাগ্রত নহ’ল নাম–প্রসংগ, ভাওনাত অভিনয় আদি সকলোতে পাকৈত মানুহজনক আধ্যাত্মিক শক্তিয়েও জীয়াই থকাৰ প্রেৰণা কিয় দিব নোৱাৰিলে সমাজৰ এনে পাপবোৰ কোনে নোহোৱা কৰিব পাৰে?

You might also like