নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উজানবজাৰ–পানীখাইতীত আছুৰ উত্তাল প্রতিবাদ

নিয়মীয়া বাৰ্তা ২৬ ছেপ্টেম্বৰঃ   কৃষকবিৰোধী আইনৰ বিৰোধিতাৰে আজি আছুৰ উদ্যোগত ৰাজ্যজুৰি প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰা হয়৷ সমগ্র ৰাজ্যৰ লগতে সদৌ গুৱাহাটী ছাত্র সন্থায়ো কেন্দ্রীয় চৰকাৰে শেহতীয়াকৈ গৃহীত কৰা কৃষকবিৰোধী ক’লা আইনৰ প্রতিলিপি দাহ কৰি প্রতিবাদ সাব্যস্ত কৰে৷ উজানবজাৰৰ শ্বহীদ ন্যাসৰ সন্মুখত সদৌ গুৱাহাটী ছাত্র সন্থাৰ বিষয়ববীয়াসকলে কৃষকবিৰোধী আইনৰ প্রতিলিপি দাহ কৰি কেন্দ্রীয় চৰকাৰ হায় হায়, কৃষকসকলৰ ন্যায্য দাবী মানি লওক আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷ এই প্রতিবাদী কার্যসূচীত আছুৰ ৰাজ্যিক কার্যনির্বাহক সদস্য সীমান্ত ঠাকুৰীয়া, তপন কলিতাকে ধৰি কেইবাগৰাকী নেতাই বক্তব্য আগবঢ়াই শীঘ্রে কেন্দ্রীয় চৰকাৰক কৃষকবিৰোধী ক’লা আইন বাতিলৰ দাবী জনায়৷ ইফালে, চন্দ্রপুৰ আঞ্চলিক ছাত্র সন্থাই পানীখাইতীত কৃষকবিৰোধী ক’লা আইনৰ প্রতিলিপি দাহ কৰি প্রতিবাদ সাব্যস্ত কৰে৷ এই প্রতিবাদী কার্যসূচীত আছুৰ কেন্দ্রীয় কার্যনির্বাহক সদস্য টুটুমণি কলিতা, মৃদুল কুমাৰ দাস, চন্দ্রপুৰ আঞ্চলিক ছাত্র সন্থাৰ সম্পাদক সৌৰভ দাস, উপ–সভাপতি চানবলি মাহাতোকে ধৰি বিষয়ববীয়াসকল উপস্থিত থাকে৷

You might also like