নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গণেশগুৰিৰ এচি ৱর্ল্ডৰ পৰা ১২ লাখ টকাৰ সামগ্রী লুট প্রৱঞ্চকৰ

নিয়মীয়া বাৰ্তা ২ অক্টোবৰঃ হাইপ্রফাইল প্রৱঞ্চকৰ ৰম্যভূমিত পৰিণত হৈছে গুৱাহাটী মহানগৰী৷ বিজেপি নেতা তথা হাইপ্রফাইল প্রৱঞ্চক মৃদুপৱন নেওগে বিলাসী বাহন বিক্রীৰ নামত ৩০ লাখ টকা আত্মসাৎ কৰা চাঞ্চল্য মাৰ নৌযাওঁতেই পোহৰলৈ আহিছে কমলজ্যোতি চেতিয়া নামৰ এটা প্রৱঞ্চকৰ প্রৱঞ্চনাৰ ন ন তথ্য৷ ছয়মাইলৰ বাসিন্দা কমলজ্যোতি চেতিয়াই হাউছিঙৰ ঘৰ দিয়াৰ নামত বিভিন্ন লোকৰ পৰা লাখ লাখ টকা আত্মসাৎ কৰি আহিছে৷

ঠগ–প্রৱঞ্চনাৰে ধন ঘটি অভিজাত জীৱন যাপন কৰা প্রৱঞ্চক কমলজ্যোতি চেতিয়াই গণেশগুৰিৰ এ চি ৱর্ল্ড নামৰ ব্যৱসায়িক প্রতিষ্ঠানখনৰ পৰা ১২ লাখ টকাৰ সামগ্রী ক্রয় কৰি পলাতক হৈ আছে৷ এ চি ৱর্ল্ডৰ মেনেজাৰ ঋতুৰাজ বৰাই ধনখিনি আদায় দিবলৈ ফোনেৰে যোগাযোগ কৰাত মৃত্যুৰ ভাবুকিহে দি আহিছে প্রৱঞ্চক কমলজ্যোতিয়ে৷ ব্যৱসায়িক প্রতিষ্ঠানখনৰ মেনেজাৰ ঋতুৰাজ বৰাই দিছপুৰ থানাত কমলজ্যোতিৰ বিৰুদ্ধে দুটাকৈ গোচৰ ৰুজু কৰিছে৷

ভুক্তভোগী ঋতুৰাজে জানিবলৈ দিয়া মতে, প্রৱঞ্চক কমলজ্যোতি চেতিয়াই এ চি ৱর্ল্ডৰ পৰা সামগ্রী ক্রয় কৰি পত্নী দীপালী বৰুৱা স্বাক্ষৰিত দুখন চেক প্রদান কৰিছিল৷ কিন্তু চেক দুখন বাউন্স হোৱাত ঋতুৰাজে কমলজ্যোতিৰ স’তে যোগাযোগ কৰাত ভাবুকি দিছিল৷ দিছপুৰ আৰক্ষীয়ে কমলজ্যোতিক বিচাৰি অভিযান চলাইছে যদিও এতিয়ালৈকে কমলজ্যোতিক গ্রেপ্তাৰ কৰিব পৰা নাই৷

You might also like