নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উদ্বোধনৰ পূৰ্বে বৰঝাৰৰ নতুন টার্মিনেলত মুখ্যমন্ত্রী, মোদীয়ে কৰিব মুকলি

সুবিশাল প্রতিমূর্তিটোৰ উচ্চতা হ’ব ৮০ ফুট৷ এই মূর্তিটো নির্মাণ কৰিছে বিখ্যাৎ স্থপতিবিদ ৰাম ছুটাৰে৷ প্রধানমন্ত্রীগৰাকীয়্ বিমানবন্দৰৰ নতুন টার্মিনেল উদ্বোধন কৰাৰ পাছতে টার্মিনেল ভৱনৰ অন্তর্ভাগত ১৫ মিনিট ধৰি পৰিভ্রমণ কৰিব

ৰাজ্যবাসীলৈ উন্নয়নৰ বার্তা লৈ ২০ ডিচেম্বৰত দুদিনীয়া কার্যসূচীৰে অসমলৈ আহিব প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ এই ভ্রমণকালত প্রধানমন্ত্রীগৰাকীয়্ বৰঝাৰৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্রীয় বিমানবন্দৰৰ নতুন টার্মিনেলটো শুভ উদ্বোধন কৰিব৷

ইয়াৰ উপৰি প্রধানমন্ত্রীগৰাকীয়্ নামৰূপ সাৰ কাৰখানাৰ এম’নিয়া–ইউৰিয়া প্রকল্পৰ আধাৰশিলা স্থাপন তথা ভূমিপূজন কার্যসূচীত অংশগ্রহণ কৰিব৷

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রধানমন্ত্রীগৰাকীৰ্ অসম ভ্রমণৰ বিস্তৃত কার্যসূচী সদৰী কৰে৷ মুখ্যমন্ত্রীগৰাকীয়ে বৰঝাৰৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্রীয় বিমানবন্দৰৰ নতুন টার্মিনেলৰ মুকলি সন্দর্ভত বুজ লৈ প্রধানমন্ত্রীগৰাকীৰ্ অসম ভ্রমণ সম্পর্কীয় কার্যসূচীৰ তথ্য প্রকাশ কৰে৷

মুখ্যমন্ত্রীগৰাকীয়ে সদৰী কৰা অনুসৰি ২০ ডিচেম্বৰত প্রধানমন্ত্রীগৰাকীয়্ বিয়লি ২.৪৫ বজাত লোকপ্রিয় গোপানীথ বৰদলৈ আন্তঃৰাষ্ট্রীয় বিমানবন্দৰত অৱতৰণ কৰিব৷ প্রধানমন্ত্রীগৰাকীয়ে বিমানবন্দৰৰ নতুন টার্মিনেল মুকলি কার্যসূচীৰ লগত সংগতি ৰাখি আয়োজন কৰা কার্যসূচীৰ অংশ হিচাপে বিমানবন্দৰ চৌহদৰ ভিতৰতে ভাৰতৰত্ন লোকপ্রিয় গোপীনাথ বৰদলৈৰ এক সুবিশাল প্রতিমূর্তি উদ্বোধন কৰিব৷

এই সুবিশাল প্রতিমূর্তিটোৰ উচ্চতা হ’ব ৮০ ফুট৷ এই মূর্তিটো নির্মাণ কৰিছে বিখ্যাৎ স্থপতিবিদ ৰাম ছুটাৰে৷ প্রধানমন্ত্রীগৰাকীয়্ বিমানবন্দৰৰ নতুন টার্মিনেল উদ্বোধন কৰাৰ পাছতে টার্মিনেল ভৱনৰ অন্তর্ভাগত ১৫ মিনিট ধৰি পৰিভ্রমণ কৰিব৷

তাৰ পিছতে তেওঁ নতুন টার্মিনেল উদ্বোধন কৰা উপলক্ষে এখন বিশাল ৰাজহুৱা সভাত অংশগ্রহণ কৰি ভাষণ দিব৷ এই কার্যসূচীৰ অন্তত প্রধানমন্ত্রীগৰাকীয়ে পোনে পোনে বিজেপিৰ বশিষ্ঠস্থিত ৰাজ্যিক মুখ্য কার্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত উপস্থিত হ’ব৷ তাতে তেওঁ আধাঘণ্টা সময় অতিবাহিত কৰিব৷

এই কার্যসূচীৰ পাছত প্রধানমন্ত্রীগৰাকীয়ে খানাপাৰাৰ ৰাজ্যিক অতিথিশালাত জিৰণি ল’ব আৰু তাতে তেওঁ নিশাটো কটাব৷ ২১ ডিচেম্বৰৰ পুৱা ৮ বজাত প্রধানমন্ত্রীগৰাকীয়ে মহাবাহু ব্রহ্মপুত্রৰ ওপৰত চৰাইদেউ জাহাজত অসমৰ নির্বাচিত ছাত্র–ছাত্রীৰ সৈতে পৰীক্ষা সম্পর্কীয় প্রধানমন্ত্রীৰ জনপ্রিয় কার্যসূচী ‘পৰীক্ষা পে’ চর্চা’ কার্যসূচীত অংশগ্রহণ কৰিব৷

এই কার্যসূচীত অসমৰ নির্বাচিত ২৫–৩০গৰাকী ছাত্র–ছাত্রীয়ে অংশগ্রহণ কৰিব৷ গুৱাহাটীৰ মহেন্দ্র মোহন চৌধুৰী হাস্পতালত নির্মাণ কৰা জাহাজ টার্মিনেলত এই কার্যসূচী সম্পন্ন হ’ব, য’ত কার্যসূচী চলি থাকোঁতে জাহাজ ব্রহ্মপুত্রত চলাচল কৰি থাকিব৷ পৰীক্ষা পে’ চর্চা কার্যসূচী সমাপনৰ পিছত প্রধানমন্ত্রীগৰাকীয়্ বৰাগাঁৱৰ নৱনির্মিত শ্বহীদ স্মাৰক উদ্যানলৈ গমন কৰিব৷

তাতে তেওঁ অসম আন্দোলনৰ শ্বহীদসকলৰ নামত নির্মাণ কৰা স্মাৰকত শ্বহীদসকলৰ প্রতি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিব৷ তাৰ পিছতে তেওঁ বৰঝাৰ বিমানবন্দৰলৈ যাব আৰু তাৰ পৰা পোনে পোনে ডিব্রুগড় বিমানবন্দৰত অৱতৰণ কৰিব৷ ডিব্রুগড়ৰ পৰা প্রধানমন্ত্রীগৰাকী নামৰূপলৈ যাব আৰু তাতে প্রধানমন্ত্রীগৰাকীয়ে নামৰূপ সাৰ কাৰখানাৰ প্রায় ১১ হাজাৰ কোটি টকা ব্যয়সাপেক্ষ আৰু বছৰি প্রায় ১২.৭ লাখ মেট্রিকটন উৎপাদনক্ষম এম’নিয়া–ইউৰিয়া প্রকল্পৰ আধাৰশিলা স্থাপন তথা প্রকল্পৰ ভূমিপূজন কৰিব৷

তাৰ পৰা তেওঁ ডিব্রুগড়লৈ ঘূৰি গৈ পোনে পোনে নতুন দিল্লীলৈ গমন কৰিব৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অসম ভ্রমণৰ বিস্তৃত কার্যসূচী সদৰী কৰাৰ লগতে মুখ্যমন্ত্রীগৰাকীয়ে বিমানবন্দৰৰ টার্মিনেলৰ বুজ লোৱাৰ উপৰি প্রধানমন্ত্রীগৰাকীৰ্ ভ্রমণৰ সকলোধৰণৰ সুবিধা–সুবিধাৰ বুজ লয়৷

সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রীগৰাকীয়ে বৰঝাৰ বিমানবন্দৰৰ নতুন টার্মিনেলৰ জৰিয়তে অসমে পর্যটন, যাতায়াত, বাণিজ্য আদি ক্ষেত্রত এই নতুন টার্মিনেলৰ জৰিয়তে এইদৰে অসম উপকৃত হ’ব সেই সন্দর্ভতো কিছু আভাস দিয়ে৷

মুখ্যমন্ত্রীগৰাকীয়ে কয় যে নতুন টার্মিনেলৰ জৰিয়তে লোকপ্রিয় গোপীনাথ বৰদলৈ বিমানবন্দৰ এক পর্যটনৰ কেন্দ্র হ’ব৷ নতুন টার্মিনেলৰ ভিতৰত কাজিৰঙাৰ আকৃতি–প্রকৃতি দাঙি ধৰাৰ চেষ্টা কৰা হৈছে৷ টার্মিনেলৰ ভিতৰত এখন ওলমা অৰণ্য নির্মাণ কৰা হৈছে৷ নতুন টার্মিনেল নির্মাণৰ ক্ষেত্রত অত্যাধুনিক সকলোধৰণৰ কলা–কৌশল প্রয়োগ কৰা হৈছে৷ উৰাজাহাজত ভ্রমণ কৰা লোকসকলে লোপপ্রিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ জৰিয়তে ভ্রমণ কৰিলে নতুন অভিজ্ঞতা লাভ কৰিব৷ নতুন টার্মিনেল অসমৰ জাতীয় ফুল কপৌফুলৰ আর্হিত নির্মাণ কৰা হৈছে৷

ইয়াত বাঁহ ব্যৱহাৰ কৰা হৈছে৷ নতুন টার্মিনেলত অসমৰ কলা–সংস্কৃতি দাঙি ধৰাৰ চেষ্টা কৰা হৈছে৷ নতুন টার্মিনেলত সোমালে এগৰাকী অসমীয়াই নিজকে এজন গৌৰৱী অসমীয়া হিচাপে চিনাকি দিব পাৰিব৷ মুখ্যমন্ত্রীগৰাকীয়ে অঞ্চলটোৰ পথ যোগাযোগৰ ক্ষেত্রতো কেতবোৰ অভিলাষী প্রকল্প গ্রহণ কৰাৰ কথা সদৰী কৰে৷ তেওঁ উল্লেখ কৰে যে ধাৰাপুৰ–গড়ল হৈ পলাশবাৰী পর্যন্ত ৰাষ্ট্রীয় ঘাইপথটো সুন্দৰকৈ সজাই–পৰাই তোলাৰ চেষ্টা কৰা হ’ব৷

এই পথটোত জালুকবাৰী পর্যন্ত এটা এলিভেটেড পথৰো ব্যৱস্থা কৰা হৈছে৷ ইতিমধ্যে ইয়াৰ কাম আৰম্ভ হৈছে আৰু সোনকালে নিবিদাৰ কাম আৰম্ভ হ’ব৷ উল্লেখ্য যে লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্রীয় বিমানবন্দৰৰ নৱনির্মিত টার্মিনেল উদ্বোধনৰ লগে লগে অসম তথা উত্তৰ–পূর্বাঞ্চলৰ ৮খন ৰাজ্যৰ কেৱল আন্তঃগাঁথনিৰ ক্ষেত্রতেই নহয়, যোগাযোগ ব্যৱস্থা, উদ্যোগ–বাণিজ্য তথা উন্নয়নকে ধৰি আন বহুক্ষেত্রত এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হ’ব বুলি ধাৰণা কৰা হৈছে৷

ডিজিটেল ডেস্ক, ১৭ ডিচেম্বৰ

You might also like