নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেৰিকেড আঁতৰাই যাতায়াত কৰা লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণৰ আহ্বান

নিয়মীয়া বাৰ্তা ১১ মেঃ  ক’ৰোনা মহামাৰীৰ হটস্পটত পৰিণত হৈছে গুৱাহাটী মহানগৰী৷ ক্রমাৎ মহানগৰীত ক’ভিড আক্রান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাত চৌদিশে তীব্র আতংকই বিৰাজ কৰিছে৷ ইতিমধ্যে সর্বাধিক আক্রান্ত অঞ্চলসমূহ চিনাক্ত কৰি কামৰূপ মহানগৰ জিলা প্রশাসনে মহানগৰীৰ তিনিটা ৱার্ডক মাইক্র’ কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিছে৷ কণ্টেইনমেণ্ট জ’নৰ পৰা যাতে ক’ৰোনা মহামাৰীৰ গণ সংক্রমণ হ’ব নোৱাৰে, তাৰ বাবে প্রশাসনে যাৱতীয় ব্যৱস্থা গ্রহণ কৰি মহানগৰবাসীৰ সহযোগিতা কামনা কৰিছে৷ কিন্তু একাংশ কণ্টেইনমেণ্ট জ’নত সাধাৰণ লোকে মুকলিভাৱে অহা–যোৱা কৰি জনস্বার্থলৈ ভাবুকি কঢ়িয়াই আনিছে৷

বিশেষকৈ মহানগৰীৰ বেলতলাৰ কুণ্ডিল নগৰত কণ্টেইনমেণ্ট জ’নত একাংশ লোকে মুকলিভাৱে ঘূৰি ফুৰা পৰিলক্ষিত হৈছে৷ প্রাপ্ত খবৰ মতে, একাংশ লোকে প্রশাসনে নির্মাণ কৰা বেৰিকেড আঁতৰাই একাংশ লোকে কুণ্ডিল নগৰলৈ সঘনাই যাতায়াত কৰি আছে৷ ইয়াৰ পিছতো জিলা প্রশাসনে এইক্ষেত্রত বিহিত ব্যৱস্থা গ্রহণ কৰা নাই বুলি স্থানীয় লোকে অভিযোগ কৰিছে৷ যদিহে প্রশাসনে এইক্ষেত্রত শীঘ্রে বিহিত ব্যৱস্থা গ্রহণ নকৰে, তেন্তে অঞ্চলটোত ক’ৰোনাৰ গণ সংক্রমণে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ আশংকাই দেখা দিছে৷

You might also like