নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূমি পট্টাৰ নামত ব্যাপক দুর্নীতিৰ অভিযোগ

নিয়মীয়া বাৰ্তা ২১ ছেপ্টেম্বৰঃ  গুৱাহাটীৰ সকলোকে মাটি পট্টা দিয়াৰ দাবীত গুৱাহাটী মাটি পট্টাকৰণ সংগ্রাম সমিতি আৰু ভূমি অধিকাৰ সংগ্রাম সমিতি, অসমৰ গুৱাহাটীৰ ৮০খন কমিটীৰ সভাপতি–সম্পাদকস এখন সভা অনুষ্ঠিত হৈ যায়৷ পুৱা ১১ বজাৰ পৰা আবেলি ৪ বজালৈ হোৱা সভাখনত সভাপতিত্ব কৰে প্রবীণজ্যোতি কলিতাই৷ সৰুসজাই কৈলাসপুৰৰ মুখ্য কার্যালয়ত অনুষ্ঠিত সভাত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে কাজি নেকিব আহমেদে৷ ৫ অক্টোবৰত ৮৫,০০০ পৰিয়ালক মাটি পট্টা দিয়াৰ চৰকাৰে কৰা ঘোষণাৰ প্রতিক্রিয়া প্রকাশ কৰি কলিতাই কয় যে গুৱাহাটী মহানগৰীৰ কিমানসংখ্যক পৰিয়ালক পট্টা দিব, সংগ্রাম সমিতিয়ে ২২,০০০ আবেদন কৰিছে যদিও আজিলৈ জোখ–মাখ কৰা নাই, এচাম বিশেষ শ্রেণীৰ মানুহক পট্টা দিলে নহ’ব, পট্টা দিয়াৰ ব্যৱস্থা সহজ কৰক, ঠাইতে পট্টা দিয়ক, পট্টাৰ কামত দুর্নীতি বন্ধ কৰিবলৈ সভাই দাবী উত্থাপন কৰে৷ সভাই ১ অক্টোবৰৰ পৰা ঘৰে ঘৰে বলক, ম্যাদী পট্টা গ্রহণ কৰক, ভেটি–মাটি ৰক্ষা কৰক কার্যসূচী গ্রহণ কৰে৷

You might also like