নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰকাৰী সুবিধাৰ পৰা বঞ্চিত চপাইদাঙৰ দৰিদ্র পৰিয়াল

নিয়মীয়া বাৰ্তা ২১ ছেপ্টেম্বৰঃ  বছৰ বছৰ ধৰি চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈ আছে বহু দৰিদ্র পৰিয়াল৷ মহানগৰীৰ পার্শ্বৱর্তী বোন্দাৰ পশ্চিম চপাইদাঙৰ বহু লোক তেনে বহু আঁচনিৰ পৰা আজিও বঞ্চিত হৈ আছে অথবা ঢুকি পোৱা নাই তেওঁলোকক৷ উল্লেখ্য যে পশ্চিম চপাইদাঙৰ দীঘলশাল নামৰ এটা চুবাত থকা অর্ধশতাধিক পৰিয়ালক ঢুকি পোৱা নাই চৰকাৰৰ কোনো আঁচনিয়ে৷ প্রাপ্ত তথ্য অনুসৰি, বাগানীয়া আৰু জনজাতীয় সম্প্রদায়ৰ এই দৰিদ্র পৰিয়ালকেইটাই যুগ যুগ ধৰি বসবাস কৰি আছে অঞ্চলটোত৷ দিনহাজিৰা কৰি, খৰি লুৰি জীৱিকা নির্বাহ কৰা এই বাসিন্দাসকলে অর্থৰ অভাৱত এটা উপযুক্ত ঘৰ সাজি ল’ব নোৱাৰাৰ ফলত এনে জৰাজীর্ণ একো একোটা ঘৰত বসবাস কৰি আছে যে তাক প্রত্যক্ষ নকৰিলে বিশ্বাস কৰিব নোৱাৰি৷ প্রত্যক্ষ কৰা অনুসৰি, ইয়াৰ দৰিদ্র বাসিন্দাসকলে ওপৰত কেইখনমান টিনেৰে চাল এখন দিছে যদিও সাধাৰণভাৱে বাঁহ আৰু কাপোৰৰ আঁৰ–বেৰ দিহে অতি পুতৌজনকভাৱে বসবাস কৰি আছে৷ একপ্রকাৰ গোহালিসদৃশ পৰিৱেশত থাকিবলগীয়া হৈছে এই দৰিদ্র লোকসকল৷ আচৰিত কথা যে দৰিদ্র জনসাধাৰণক উপযুক্ত বাসস্থান দিয়াৰ বাবে ৰূপায়ণ কৰা প্রধানমন্ত্রী আৱাস যোজনা আঁচনিয়ে ঢুকি পোৱা নাই পানীখাইতী পঞ্চায়তৰ অধীনস্থ এইসকল লোকক৷ জানিব পৰা মতে, পঞ্চায়ত প্রতিনিধি আৰু একাংশ স্থানীয় নেতা–পালিনেতাৰ পাকচক্রত পৰি এই পৰিয়ালকেইটা উপযুক্ত প্রাপ্যৰ পৰা বঞ্চিত হৈ আছে৷

You might also like