নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰক্ষীৰ অভিযানত ধৃত ১৯ গভাইত চোৰ

চুৰি লেপটপ, ম’বাইল, বাইক উদ্ধাৰ

নিয়মীয়া বাৰ্তা ৪ আগষ্টঃ মহানগৰ আৰক্ষীয়ে যোৱা দুটা দিনত পৃথকে পৃথকে অভিযান চলাই ১৯টাকৈ গভাইত চোৰক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ দিছপুৰ থানাৰ ৰুজু হোৱা ২২২৭/২১ আৰু হাতীগাঁও থানাত ৰুজু হোৱা ২৩৫৮/২১ নম্বৰটোৰ গোচৰৰ ভিত্তিত অভিযান চলাই ১৯টা গভাইত চোৰক গ্রেপ্তাৰ কৰাৰ লগতে দুটা লেপটপ, ৭টা দামী ম’বাইল, দুখন স্কুটী উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ ধৃত চোৰকেইটা ক্রমে মহিদুল আলী (২৮), হাচান আলী (২৭), নয়ন দাস (২৭), ধৰণী দাস (২২), নুৰ হুছেইন (২৪), জান আলী (২২), মিৰ হুছেইন (২৬), বিকি আলী (২০), ৰাজেজ চাহু (২১), বিক্রমজিৎ কোচ (২৩), ছইবুল ইছলাম (২৩), ছইবুল ইছলাম (৩৯), বাহাৰুল ইছলাম (২৮), চট্টু আলী (২৬), ৰাহুল আলী (২০), ৰফিক হুছেইন (২২), চাহিদ হুছেইন (৩০), বাবুল আলী (২৮) আৰু উমানন্দ দাস (১৯)৷ ধৃত চোৰকেইটাৰ ঘৰ ধুবুৰী, বৰপেটা, গোৱালপাৰা, নলবাৰী, দৰং আৰু গুৱাহাটীৰ বুলি এক প্রেছ বিবৃতিত আৰক্ষীয়ে প্রকাশ কৰিছে৷

You might also like