নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কদর্যময় নাৰেংগী–চন্দ্রপুৰ পথত যাতায়াতত দুর্ভোগ পথচাৰীৰ

নিয়মীয়া বাৰ্তা, ১৯ মেঃ গুৱাহাটী মহানগৰীৰ সৈতে মধ্য অসমৰ সংযোগী এক বিকল্প পথ হিচাপে নাৰেংগী–চন্দ্রপুৰ পথটো সম্প্রতি এক কদর্যময় পথলৈ পর্যবসিত হৈছে৷ তদানীন্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তই এই পথটো মিনি হাইৱে হিচাপে নির্মাণৰ পৰিকল্পনা কৰি আধাৰশিলা স্থাপন কৰাৰ প্রায় দহ বছৰ পিছত দুবছৰমান পূর্বে প্রায় এশ কোটি ব্যয়েৰে পথটো নির্মাণ কৰা হয়৷ কিন্তু সুদূৰপ্রসাৰী পৰিকল্পনা আৰু বিজ্ঞানসন্মত ব্যৱস্থাপনা অবিহনে পথটো পুনঃ নির্মাণ কৰা হয় যদিও পথটোৰ কেবাটাও অংশ জৰাজীর্ণ হোৱাই নহয় কদর্যময় হৈ পৰা পৰিলক্ষিত হৈছে৷

সুদূৰপ্রসাৰী পৰিকল্পনাৰ অভাৱত এজাক বৰষুণৰ পিছতে ঘৃণা লগা পৰিৱেশ সৃষ্টি হয় পথটোৰ বহুকেইটা স্থানত৷ বিশেষকৈ বোন্দা কলনী অঞ্চলটোত পথৰ কাষেৰে পানী ওলাই যাব পৰা বিজ্ঞানসন্মত নলা নথকাৰ বাবে এজাক বৰষুণৰ পিছতে বোন্দা পাহাৰৰ তলৰ বোকা–পানীয়ে কলনী বজাৰৰ সন্মুখভাগৰ পথছোৱা বুৰাই পেলোৱাৰ লগতে বোকাময় হৈ পৰে সমগ্র পথছোৱা৷ কেৱল সেয়াই নহয় বিজ্ঞানসন্মত নলা নথকা বাবে পাহাৰৰ বহু লোকৰ বাথৰুম আৰু চুৱা পাতনিৰ পানী আহি পথৰ ওপৰতে অৱস্থান কৰাত পুতিগন্ধময় পৰিৱেশ সৃষ্টি হয় অঞ্চলটোত৷ একেদৰে বিতু শর্মাৰ ঘৰৰ সন্মুখভাগতো পাহাৰৰ কদর্যময় বোকা–পানী আহি বছৰৰ বেছিভাগ সময় পথৰ ওপৰতে জমা হৈ থকাত সেই পথছোৱা জৰাজীর্ণ হৈ চলাচলৰ প্রায় অনুপযোগী হৈ পৰিছে৷

আনহাতে, পানীখাইতী আৰক্ষী চকী আৰু লেভেল ক্র’ছিঙৰ সন্মুখভাগতো পানী জমা হৈ থকাৰ বাবে জৰাজীর্ণ হৈ চলাচলৰ বাবে একপ্রকাৰ অনুপযোগী হৈ পৰিছে৷ বিশেষকৈ বাৰিষা কালত অতি অচল হৈ পৰে পথটোৰ নির্দিষ্ট অংশকেইটা৷ উল্লেখ্য যে ছুইটী কনষ্ট্রাকচন নামৰ নির্মাণ প্রতিষ্ঠান এটাই পথটো নির্মাণ কৰিছিল যদিও লোকনির্মাণ বিভাগৰ এচাম বিষয়াৰ অমনোযোগিতা আৰু হেমাহিৰ উপৰি কাৰিকৰী অপৰিপক্কতাৰ বাবে দুবছৰতে পথটোৰ কেইবাটাও অংশ জৰাজীর্ণ আৰু চলাচলৰ অনুপযোগী হৈ পৰিছে৷ ফলত বহুক্ষেত্রত দুর্ভোগ ভুগিছে অঞ্চলবাসীয়ে৷ সেয়ে আগন্তুক বাৰিষাৰ পূর্বে নির্দিষ্ট পথছোৱাৰ, বিশেষকৈ নলাৰ উপযুক্ত ব্যৱস্থা কৰাৰ দাবী জনাইছে স্থানীয় বাসিন্দাই৷

You might also like