নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঠিকাদাৰ সঞ্জীৱ আগৰৱালাক গ্রেপ্তাৰ

ব্যক্তিগত সহায়িকাক নৈশ যাপনৰ প্রস্তাৱ

নিয়মীয়া বাৰ্তা ১০ জুলাইঃ ব্যক্তিগত সহায়িকাক নৈশ যাপনৰ প্রস্তাৱ দি আৰক্ষীৰ জালত পৰিল বিতর্কিত ঠিকাদাৰ সঞ্জীৱ আগৰৱালা৷ কর্মচাৰীৰ ভৱিষ্যনিধিৰ ঠিকাদাৰ সঞ্জীৱ আগৰৱালাই ব্যক্তিগত সহায়িকাগৰাকীক অশ্লীল প্রস্তাৱ দি আহিছিল৷ এই প্রস্তাৱ প্রত্যাখান কৰাত ব্যক্তিগত সহায়িকাগৰাকীক বিভিন্ন ধৰণে মানসিক নির্যাতন চলাইছিল সঞ্জীৱ আগৰৱালাই৷ আগৰৱালাৰ মানসিক নির্যাতনৰ বলি হোৱা ব্যক্তিগত সহায়িকাগৰাকীয়ে উপায়হীন হৈ ভঙাগড় থানাত এজাহাৰ দাখিল কৰে৷

উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩৫৪ (ডি)/২৯৪ আৰু আই পি এক্ট ৬৬ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰি ভঙাগড় আৰক্ষীয়ে শুকুৰবাৰে অভিযুক্ত সঞ্জীৱ আগৰৱালাক গ্রেপ্তাৰ কৰে৷ ঘটনা সন্দর্ভত আৰক্ষীয়ে অভিযুক্ত আগৰৱালাক মাৰাথন জেৰা অব্যাহত ৰাখিছে৷ উল্লেখ্য যে সঞ্জীৱ আগৰৱালাৰ মানসিক নির্যাতনৰ বলি হৈ পূর্বতেও দুগৰাকী ব্যক্তিগত সহায়িকাই চাকৰি এৰিবলগীয়া হৈছিল৷

You might also like