নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফাঁচীবজাৰত শিশু নির্যাতন আৰক্ষীৰঃ তদন্ত ঘোষণা আৰক্ষী আয়ুক্তৰ

নিয়মীয়া বাৰ্তা, ১৫ মে’:  সান্ধ্য আইনৰ দোহাই দি শুকুৰবাৰে ফাঁচীবজাৰত আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে এজাক শিশু আৰু কেইগৰাকীমান মহিলাক কাণত ধৰাই আঁঠু কঢ়াই শাস্তি প্রদান কৰিছিল৷

আৰক্ষীৰ এই নিকৃষ্ট কাণ্ড ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে মহানগৰ আৰক্ষী আয়ুক্তই এক তদন্তৰ নির্দেশ দিয়ে৷

ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তয়ো বিষয়টোক গুৰুত্বসহকাৰে লৈছে আৰু কাৰ দোষত এনে গুৰুতৰ অপৰাধ সংঘটিত হ’ল, সেয়া শীঘ্রে উদ্ঘাটন কৰিবলৈ নির্দেশ দিছে৷

উল্লেখ্য যে কেৱল শিশুৱেই নহয়, আইন বলৱৎ কৰাৰ নামত মহানগৰীৰ বিভিন্ন স্থানত আৰক্ষীয়ে মহিলাসকলকো সন্মান হানিকৰ শাস্তি প্রদান কৰিছে৷ ইয়াক লৈ সমগ্র ৰাজ্যতে তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷

You might also like