নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড বিধি উলংঘা কৰা ১৪৫খন বাহন জব্দঃ ১০ দিনত ৫.৫ লাখ টকাৰ জৰিমনা সংগ্রহ আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ১৫ মে’:  ক’ভিড–১৯ৰ সংক্রমণ ৰোধৰ বাবে ৰাজ্য চৰকাৰে কেতবোৰ নীতি–নির্দেশনা জাৰি কৰিছে৷ ৰাজ্য চৰকাৰৰ নির্দেশ মর্মে মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে যান–বাহনৰ চলাচলৰ ক্ষেত্রত যুগ্ম তাৰিখত যুগ্ম সংখ্যাৰ বাহন আৰু অযুগ্ম তাৰিখত অযুগ্ম সংখ্যাৰ বাহন চলাচল কৰাৰ বাবে নির্দেশনা জাৰি কৰিছে৷

উপায়ুক্তগৰাকীয়ে এই নির্দেশনা মানি চলিবলৈ ৰাইজক আহ্বান জনাইছে৷ কিন্তু একাংশ লোকে এই নির্দেশনা উলংঘা কৰি বিভিন্ন অজুহাত দেখুৱাই ব্যক্তিগত বাহন লৈ যাতায়াত কৰি আছে৷ ক’ভিড নির্দেশনা উলংঘা কৰা লোকৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে অভিযান চলাই যোৱা ৪ মে’ৰ পৰা ১৩ মে’লৈ বিভিন্ন স্থানত অভিযান চলাই সর্বমুঠ ৪৮৮টা গোচৰ ৰুজু কৰি ৫.৫ লাখ টকা জৰিমনা সংগ্রহ কৰিছে৷ ১৩ মে’ত সর্বাধিক ২ লাখ ২০ হাজাৰ টকাৰ জৰিমনা সংগ্রহ কৰে৷

ইফালে, ক’ভিড বিধি উলংঘা কৰাৰ অপৰাধত সর্বমুঠ ১,২৩০টা নন এফ আই আৰ গোচৰ ৰুজু কৰিছে৷ এতিয়ালৈকে সর্বমুঠ ১৪৫খন বাহন আৰক্ষীয়ে জব্দ কৰিছে৷

You might also like