নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছাত্র বিদ্রোহত ক্ষমা খুজিবলৈ বাধ্য হ’ল কটনৰ পঞ্জীয়ক

নিয়মীয়া বাৰ্তা ২৬ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ উচ্চ শিক্ষা প্রতিষ্ঠানসমূহ মূৰৰ পৰা গেলিবলৈ আৰম্ভ কৰিছে৷ দুর্নীতিৰ অভিযোগত ডিব্রুগড় বিশ্ববিদ্যালয়ৰ উপাচার্য ৰঞ্জিত তামুলী বর্খাস্ত হোৱাৰ পাছত আজি ছাত্র বিদ্রোহত কঁপি উঠিল ঐতিহাসিক কটন বিশ্ববিদ্যালয়৷ বিশ্ববিদ্যালয়খনৰ এগৰাকী জ্যেষ্ঠ অধ্যাপিকাক পঞ্জীয়ক ড০ দিগন্ত দাসে কালি দুর্ব্যৱহাৰ কৰাৰ পাছতে আজি ছাত্র–ছাত্রীসকলৰ ক্ষোভৰ বিস্ফোৰণ ঘটে৷ ক্ষুব্ধ ছাত্র–ছাত্রীৰ দাবীত সেও মানি পঞ্জীয়কগৰাকীয়ে লিখিতভাৱে নিজৰ ভুল স্বীকাৰ কৰি ক্ষমা বিচাৰিবলৈ বাধ্য হয়৷ উল্লেখ্য যে কালি পঞ্জীয়ক ড০ দিগন্ত দাসে কটন বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপিকা তিলোত্তমা বৰুৱাক কটু শব্দৰে দুর্ব্যৱহাৰ কৰিছিল৷ অৱসৰলৈ তিনি দিন বাকী থকা অৱস্থাত ২৯ বছৰে সেৱা আগবঢ়োৱা শিক্ষানুষ্ঠানখনত এইদৰে অপমানিত হৈ কান্দোনত ভাগি পৰিছিল অধ্যাপিকাগৰাকী৷ শিক্ষাগুৰুৰ চকুত চকুপানী সহ্য নহ’ল শিক্ষার্থীসকলৰ৷ আজি পুৱাই শ শ ছাত্র–ছাত্রীয়ে বিশ্ববিদ্যালয়ৰ পঞ্জীয়কৰ কার্যালয় ঘেৰাও কৰি উত্তাল প্রতিবাদ সাব্যস্ত কৰে৷

‘শিক্ষাগুৰুক অপমান নচলিব’, ‘ৰেজিষ্টাৰ গ’ বেক’, ‘দিগন্ত দাস মুর্দাবাদ’ ধ্বনিত কঁপি উঠে বিশ্ববিদ্যালয় চৌহদ৷ এনে উত্তপ্ত পৰিস্থিতিৰ মাজতে ছাত্র–ছাত্রীসকলৰ সন্মুখলৈ আহে ড০ দিগন্ত দাস৷ প্রতিবাদী শিক্ষার্থীসকলে পঞ্জীয়কগৰাকীৰ স্পষ্টীকৰণ শুনিবলৈ অস্বীকাৰ কৰি ক্ষমা খোজাৰ দাবীত অটল থাকে৷ অন্যথা পঞ্জীয়কগৰাকীয়ে পদত্যাগ কৰিব লাগিব বুলি সকীয়াই দিয়ে৷ অৱশেষত সেও মানি ড০ দিগন্ত দাসে অধ্যাপিকা তিলোত্তমা বৰুৱাৰ ওচৰলৈ গৈ লিখতভাৱে ক্ষমা বিচাৰে৷ উল্লেখ্য যে কটন বিশ্ববিদ্যালয়ৰ উপাচার্য ভৱেশ চন্দ্র গোস্বামী আৰু পঞ্জীয়ক ড০ দিগন্ত দাসৰ স্বেচ্ছাচাৰিতাই দীর্ঘদিন ধৰি শিক্ষক–শিক্ষার্থীসক বিতুষ্ট কৰি আহিছে৷ কালি আৰু আজি এনে পঞ্জীভূত ক্ষোভৰেই বহিঃপ্রকাশ ঘটিল৷ লক্ষণীয়ভাৱে ছাত্র বিক্ষোভৰ মুখামুখি হোৱাৰ ভয়তে উপাচার্যগৰাকী আজি বিশ্ববিদ্যালয়লৈ নাহিল৷ কিন্তু তেওঁৰ ভূমিকাও সন্দেহৰ ঊর্ধ্বত নহয়৷ কিয়নো বিশ্ববিদ্যালয়খনৰ সাংস্কৃতিক দিশৰ পাৰদর্শী ছাত্র–ছাত্রীৰ সংৰক্ষিত নামভর্তিৰ ক্ষেত্রতো উপাচার্যগৰাকীয়ে অনৈতিকভাৱে ছুপাৰিচ কৰাৰ অভিযোগ আছে৷ কেৱল সেয়াই নহয়, শেহতীয়াকৈ দুগৰাকী সহযোগী অধ্যাপকৰ পদোন্নতিৰ ক্ষেত্রতো উপাচার্য আৰু পঞ্জীয়ক দুগৰাকীয়ে চূড়ান্ত অনিয়মৰ আশ্রয় লোৱাৰ অভিযোগ উঠিছে৷

You might also like