নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডেৰ মাহে পোষ্টমাষ্টাৰ অবিহনে চলিছে আজাৰা ডাকঘৰ

নিয়মীয়া বাৰ্তা ৭ অক্টোবৰঃ   আজাৰাৰ উপ–ডাকঘৰত আজি প্রায় ডেৰ মাহে পোষ্ট মাষ্টাৰ নথকাত জনসাধাৰণ হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছে৷ পেন্সনৰ বাবে অহা জ্যেষ্ঠ নাগৰিকসকলে ঘণ্টাৰ পিছত ঘণ্টা পৰদি থাকিবলগীয়া হোৱা দৃশ্যই বিভাগটোৰ অকর্মণ্যতা প্রকট হৈ উঠিছে৷ আজাৰা উপ–ডাকঘৰত বর্তমান চাব পোষ্টমাষ্টাৰ আৰু পোষ্টেল এছিছটেণ্ট দুগৰাকীয়ে সকলো ধৰণৰ কাম কৰিবলগীয়া হোৱাত এক জটিল সমস্যাৰ সৃষ্টি হৈছে৷ ফলত ডাকঘৰটোলৈ অহা পিএলআই, এনএছচি, কেভিপি আদি কৰি বিভিন্ন ধৰণৰ টকা লেনদেনৰ গ্রাহকসকলক ঘণ্টাৰ পিছত ঘণ্টা পৰ দি থাকিবলগীয়া হয়৷ ইয়াৰ মাজত ‘লিংক ফেইল, বিদ্যুৎ সংযোগ বিচ্ছিন্ন আদি সমস্যাই আৰু অধিক জটিল কৰি তোলে সমগ্র পৰিৱেশ৷ বিভিন্ন গ্রাহকে একেটা কামৰ বাবে দুই–তিনিবাৰলৈ ডাকঘৰটোলৈ অহা–যোৱা কৰিবলগীয়া হৈছে৷ উল্লেখ্য যে আজাৰা ৰাজহ চক্র এলেকাৰ পাঁচখন গাঁও পঞ্চায়তৰ ভিতৰত একমাত্র আজাৰা উপ–ডাকঘৰটোৱেই এলেকাবাসীয়ে চিঠি পত্রকে ধৰি বিভিন্ন কাম–কাজ কৰি আহিছে৷ জানিব পৰা মতে আজাৰা উপ ডাকঘৰত এগৰাকী পোষ্টমাষ্টাৰ আছে যদিও তেওঁৰ বেমাৰ বাবে যোৱা ২৪ আগষ্টৰ পৰা চিকিৎসাৰ বাবে ছুটীত আছে৷ ফলত একমাত্র উপ পোষ্টমাষ্টাৰ এগৰাকীয়ে দায়িত্ব পালনত কিদৰে আগবাঢ়িব, সেয়া সহজে অনুমেয়৷ অতি গুৰুত্বপূর্ণ উক্ত আজাৰা উপ–ডাকঘৰত শীঘ্রে এগৰাকী পোষ্ট মাষ্টাৰৰ ব্যৱস্থা কৰিবলৈ এলেকাবাসীয়ে দাবী জনাইছে৷

You might also like