নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাখটকীয়াত ড্রাগছসহ ধৃত মহিলা

নিয়মীয়া বাৰ্তা ১৬ মাৰ্চঃ  পাণবজাৰ আৰক্ষীয়ে সোমবাৰে দুপৰীয়া লাখটকীয়াৰ ২নং ৰে’ল গেটৰ সমীপৰ পৰা বুজন পৰিমাণৰ ড্রাগছসহ এগৰাকী মহিলা ড্রাগছ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰে৷ ধৃত ড্রাগছ সৰবৰাহকাৰী মহিলাগৰাকী লাখটকীয়াৰ অজিত দাসৰ পত্নী মুন্নী বেগম দাস বুলি জানিব পৰা গৈছে৷

আৰক্ষীয়ে ধৃত মহিলাগৰাকীৰ পৰা ব্রাউন ছুগাৰ ভর্তি ৪২টা কণ্টেইনাৰ জব্দ কৰে৷ আৰক্ষী সূত্রে জনোৱা মতে, মহিলাগৰাকীয়ে দীর্ঘদিন ধৰি ড্রাগছ সৰবৰাহ কৰি আহিছে৷ আৰক্ষীয়ে  গোপন সূত্রৰ পম খেদি মহিলাগৰাকীক ২নং ৰে’ল গেটৰ পৰা প্রায় ৪০০ গ্রাম ব্রাউন ছুগাৰসহ হাতে–লোটে ধৰা পেলাই কৰায়ত্ত কৰে৷ আৰক্ষীয়ে ঘটনা সন্দর্ভত পাণবজাৰ থানাত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷

You might also like