নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গড়চুক–জালুকবাৰী– আদাবাৰীত জব্দ ১৩.৩৩ লাখ টকা

নিয়মীয়া বাৰ্তা ১৬ মাৰ্চঃ নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সমগ্র ৰাজ্যৰ লগতে মহানগৰীত টকাৰ উজান উঠিছে৷ একাংশ লোকে নির্বাচনী বিধি উলংঘাৰে টকা সৰবৰাহ কৰি আহিছে৷ সোমবাৰে আৰক্ষী আৰু ফ্লায়িং স্কোৱাডৰ এটা গোটে মহানগৰীৰ বিভিন্ন প্রান্তত অভিযান চলাই ১৩.৩৩ লাখ টকা জব্দ কৰে৷

প্রাপ্ত তথ্য মতে গড়চুক আৰক্ষীয়ে পামহীৰ মইনা খোৰোং তিনিআলিৰ পৰা তালাচী চলাই ৯.৫ লাখ টকা জব্দ কৰে৷ উল্লেখ্য যে টকাখিনি পলাশবাৰীৰ গৌতম দাস নামৰ এজন লোকে লখৰাৰ পৰা ৰাণীলৈ লৈ যোৱা পৰিকল্পনা কৰিছিল৷ গড়চুক থানাৰ ভাৰপ্রাপ্ত বিষয়া নিৰঞ্জন বৰুৱাৰ নেতৃত্বত অভিযান চলাই আৰক্ষীয়ে টকাখিনি জব্দ কৰি ফ্লায়িং স্কোৱাডক গতাই দিয়ে৷

ইপিনে, মহানগৰীৰ জালুকবাৰীৰ পৰা আৰক্ষী আৰু ফ্লায়িং স্কোৱাডৰ লোকে অভিযান চলাই আদাবাৰীৰ পৰা বিদিশা দাস নামৰ এজন লোকৰ পৰা ১.১৪ লাখ টকা জব্দ কৰে৷ আনহাতে, গণেশগুৰিৰ পৰা আৰক্ষীয়ে জাহাংগীৰ আলম নামৰ এজন লোকৰ পৰা ১ লাখ টকা৷ আন এটা গোটে অভিযান চলাই জালুকবাৰীৰ পৰা ২.১৪ লাখ টকা জব্দ কৰে৷

You might also like