নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভিলেখসংখ্যক ভোটত জয়ী হোৱাৰ দাবী

বেহাৰবাৰী–ধপলীয়া– সভাত ৰমেন্দ্র নাৰায়ণ কলিতা

নিয়মীয়া বাৰ্তা ১ এপ্ৰিলঃ পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ অগপ–বিজেপি মিত্রজেজাটৰ প্রার্থী ৰমেন্দ্র নাৰায়ণ কলিতাই আজি মহানগৰীৰ লখৰা অঞ্চলত ব্যাপক প্রচাৰ চলায়৷ লখৰাৰ ২৭নং ৱার্ডৰ অন্তর্গত বেহাৰবাৰী, উদয়ন কৃষ্টি সংঘ, জোনাকী নগৰ, জ্যোতি সংঘ, ধপলীয়া, কালিবাৰী, সোণাইঘুলি, মিলিজুলি সংঘকে ধৰি চৈধ্যখন সভাত অংশগ্রহণ কৰে৷ তদুপৰি অঞ্চলটোৰ নাগৰিকসকলৰ ঘৰে ঘৰে গৈ বিধায়ক কলিতাই মিত্রজেজাটৰ প্রার্থীসকলক ভোটদান কৰিবলৈ আহ্বান জনায়৷ সাংবাদিকৰে হোৱা বার্তালাপত বিধায়ক কলিতাই কয় যে তেওঁ প্রচাৰ চলাবলৈ যোৱা প্রতিটো অঞ্চলতে ৰাইজৰ অভূতপূর্ব সঁহাৰিয়ে অসমত যে পুনৰ মিত্রজোঁটৰ চৰকাৰ হ’ব সেয়া প্রতীয়মান কৰিছে৷ ৰাইজৰ ব্যাপক সঁহাৰিয়ে বিগত নির্বাচনতকৈ এইবাৰ অভিলেখসংখ্যক ভোটত জয়ী হোৱাৰ আশা ব্যক্ত কৰে ৰমেন্দ্র নাৰায়ণ কলিতাই৷

প্রচাৰ অভিযানত অগপৰ কেন্দ্রীয় সাধাৰণ সম্পাদক সুভাষ শর্মা, অগপৰ মহানগৰ সমিতিৰ সভাপতি ৰাজেন মেধি, বিজেপিৰ মহানগৰ মহিলা মর্চাৰ সম্পাদিকা ঝর্ণা পেগুকে ধৰি অগপ–বিজেপিৰ বহুকেইগৰাকী নেতাই সংগ দিয়ে৷ ইফালে, নির্বাচনলৈ মাজত মাথোঁ কেইটামান দিন বাকী থকাৰ সময়তে ৰাজ্যৰ অন্যান্য প্রান্তৰ লগতে কামৰূপ (ম) জিলাৰ চাৰিটা বিধানসভা সমষ্টিত প্রার্থীসকলে ব্যাপক নির্বাচনী প্রচাৰ আৰম্ভ কৰা পৰিলক্ষিত হৈছে৷ মহানগৰীৰ দিছপুৰ, পূব গুৱাহাটী আৰু জালুকবাৰীৰ লগতে পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিত নির্বাচনী প্রচাৰ তুংগত উঠিছে৷ মিত্রজোঁটৰ প্রার্থী ৰমেন্দ্র নাৰায়ণ কলিতা, মহাজোঁটৰ প্রার্থী মীৰা বৰঠাকুৰ আৰু নির্দলীয় প্রার্থী বলেশ্বৰ ৰংপীকে ধৰি অন্যান্য প্রার্থীসকলে নিজ নিজ সমর্থকক লগত লৈ সমষ্টিৰ চুকে–কোণে নির্বাচনী প্রচাৰ চলাইছে৷ আজি মিত্রজোঁটৰ প্রার্থী ৰমেন্দ্র নাৰায়ণ কলিতাৰ হৈ লালগণেশত বিজেপিৰ গুৱাহাটী মহানগৰ কিষাণ মর্চাৰ সহযোগত বিজেপিৰ দক্ষিণ গুৱাহাটী মণ্ডলৰ কার্যকর্তাসকলে নির্বাচনী প্রচাৰ চলায়৷ কার্যকর্তাসকলে ঘৰে ঘৰে গৈ মিত্রজোঁটৰ প্রার্থী কলিতাক ভোট দি জয়যুক্ত কৰিবলৈ ভোটাৰ ৰাইজক আহ্বান জনায়৷ এই প্রচাৰ অভিযানত কিষাণ মর্চাৰ সভাপতি মৃণাল দাস, সম্পাদক প্রবীৰ পাল, উপ–সভাপতি ৰাজীৱ কলিতা আৰু দক্ষিণ গুৱাহাটী মণ্ডলৰ কমল নাথকে ধৰি বহু কার্যকর্তা উপস্থিত থাকে৷

You might also like