নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঞ্জাবাৰীত জালনোট চক্র উৎখাত; চাৰিজনক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা, ২৭ অক্টোবৰ:  শাৰদীয় দুর্গোৎসৱৰ মাজতে যোৱা শনিবাৰে নিশা মহানগৰ আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই অভিযান চলাই পাঞ্জাবাৰীৰ ফখৰুদ্দিন আলী আহমেদ পথৰ মিলন উপ–পথৰ পৰা এটা জালনোট প্রস্তুতকাৰী চক্র উৎখাত কৰে৷ অভিযানকালত আৰক্ষীয়ে দহ লক্ষাধিক ৫০০ টকীয়া জালনোটৰ লগতে নোট প্রস্তুত কৰা এটা মেচিন, এখন বাইক, লেপটপ আৰু ম’বাইল ফোনসহ চাৰিজন নোট প্রস্তুতকাৰী, যুৱকক গ্রেপ্তাৰ কৰে৷ ধৃত জালনোট প্রস্তুতকাৰী যুৱক চাৰিজন লখিমপুৰ জিলাৰ বিহপুৰীয়া থানাৰ অন্তর্গত দুই নং ইছলামপুৰৰ হামিদ আলী (২২), নাজিম উদ্দিন (২৭), নজৰুল হুছেইন (২২) আৰু এক নং আহমেদপুৰৰ আমাজালুৰ ৰহমান (২৩) বুলি জানিব পৰা গৈছে৷

আৰক্ষী সূত্রই জনোৱা মতে ধৃত যুৱককেইজনে মিলনপথৰ মহিবুল হক মজুমদাৰ নামৰ লোকজনৰ ১১৬নং বাসগৃহত ভাৰাতীয়া হিচাপে আশ্রয় লৈ অসমকে ধৰি সমগ্র উত্তৰ–পূর্বাঞ্চলত জালনোটৰ বেহা চলাই আছিল৷ মহানগৰ আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই গোপন সূত্রৰ পম খেদি শনিবাৰে নিশা প্রায় ১০.১৫ বজাত দিছপুৰ আৰক্ষীৰ সহযোগত অভিযান চলাই যুৱককেইজনক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ অভিযানকালত আৰক্ষীয়ে যুৱককেইজনে আশ্রয় লোৱা ভাৰাঘৰৰ পৰা দহ লাখ পঞ্চাশ হাজাৰ ৫০০ টকীয়া জালনোট, এটা জালনোট ছপা কৰা মেচিন, ১৪টা ম’বাইল ফোন কেইবাটাও এ টি এম কার্ড, লেপটপ আৰু এখন বাইকৰ লগতে কিছু আপত্তিজনক নথি–পত্র উদ্ধাৰ কৰে৷ আৰক্ষীয়ে ঘটনা সন্দর্ভত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে আৰু পৰৱর্তী সময়ত এই সন্দর্ভত আৰু অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে বুলি আৰক্ষী সূত্রই সদৰী কৰে৷

You might also like