নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রেমৰ প্রস্তাৱ ‘নাকচ’! হাৰিয়ানাৰ যুৱতীক গুলী কৰি হত্যা সংখ্যালঘু যুৱকৰ!

নিয়মীয়া বাৰ্তা, ২৭ অক্টোবৰ: প্রেমৰ প্রস্তাৱ নাকচ। সেই ‘অপৰাধ’ত দিন-দুপুৰতে কলেজৰ সন্মুখতে এগৰাকী তৰুণীক গুলী কৰি হত্যা কৰিলে তেওঁৰ প্রেমিক আৰু বন্ধুৱে। হাৰিয়ানাৰ (Haryana) ফৰিদাবাদৰ এই ঘটনাক ‘লাভ জেহাদ’ বুলি অভিযোগ কৰিছে যুৱতীৰগৰাকীৰ পৰিয়ালে। ইতিমধ্যে দুই অভিযুক্তক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে।

গুলীবিদ্ধ যুৱতীগৰাকীৰ নাম নিকিতা তোমৰ। ফৰিদাবাদ জিলাৰ বাল্লাগড়ৰ কাষতে নিকিতাক অপহৰণৰ চেষ্টা কৰে দুই যুৱকে। বাধা দিওতেই গাড়ীৰ পৰা নিকিতাক লক্ষ্য কৰি গুলী চলায় যুৱকজনে। যাৰপাছত ঘটনাস্থলিতেই নিকিতা ঢলি পৰে আৰু ঘটনাথলীৰ পৰা পলায়ন কৰে দুই অভিযুক্ত।

ইতিমধ্যে এই সমগ্ৰ ঘটনাৰ এক চিচিটিভি ফুটেজ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। যাৰ পাছতেই দুয়োজনকে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। উল্লেখ্য যে গোটেই ঘটনাটো কলেজৰ সন্মুখত থকা চিচিটিভিত ধৰা পৰিছিল। মূল অভিযুক্তজনৰ নাম তৌছিফ বুলি জনাইছে আৰক্ষীয়ে।

আনহাতে এই হত্যাৰ অন্তৰালত লাভ জেহাদক (Love Jihad) অন্যতম কাৰণ বুলি দাবী কৰিছে যুৱতীৰগৰাকীৰ পৰিয়ালে। তেওঁলোকৰ অভিযোগ, ইছলাম ধর্মৰ তৌছিফে বহুদিনৰ পৰায়ে নিকিতাক পছন্দ কৰিছিল। ২০১৮ চলত তৌছিফৰ বিৰুদ্ধে অপহৰণৰো গোচৰ ৰুজু কৰিছিল যুৱতীৰগৰাকীৰ পৰিয়ালে।

চাওক সেই চিচিটিভি ফুটেজৰ অংশ-

You might also like