নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজাৰাৰ পূজাথলীতে পূজাৰী মুনীন্দ্র শর্মাৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ২৭ অক্টোবৰ:  আজাৰা আৰক্ষী থানা এলেকাৰ ৰজাদিনীয়া ঐতিহাসিক পাটগাঁৱৰ পুৰণা থানৰ দুর্গা পূজাৰ সপ্তমীৰ নিশা এগৰাকী পুৰোহিতৰ মৃত্যু হয়৷ মৃত পুৰোহিতগৰাকী মুনীন্দ্র শর্মা (৫০)৷ ইপিনে লাৰাপাহাৰস্থিত শ্রীশ্রীবুঢ়ী গোসাঁনী মন্দিৰত পূর্বৰ পৰম্পৰা অনুযায়ী অষ্টমীৰ দিনা এটি ম’হ বলি দিয়া হয়৷ এইবেলি জাকজমকতা অবিহনে অনুষ্ঠিত হোৱা আজাৰা থানা এলেকাত আটাইকেইখন দুর্গা পূজাত ভক্তপ্রাণ ৰাইজৰ উপস্থিতিও একেবাৰে সেৰেঙা আছিল৷

ধর্মীয় তথা বৈদিক নীতি–নিয়মেৰে আয়োজিত প্রতিখন পূজাতে আৰতি, ওজাপালি আদি পূর্বৰ দৰে অনুষ্ঠিত কৰা হয়৷ ইফালে, ৰজাদিনীয়া পাটগাঁৱৰ দুর্গা মন্দিৰ (পুৰনাথান)ত হঠাতে অসুস্থ হৈ মুনীন্দ্র শর্মা নামৰ পুৰোহিতগৰাকীৰ সপ্তমীৰ নিশা মৃত্যু হোৱাৰ বাতৰি প্রচাৰ হোৱাৰ লগে লগে অঞ্চলবাসীৰ মাজত শোকৰ ছাঁ পৰে৷ পাটগাঁও দুর্গা মন্দিৰৰ পূজা পৰিচালনা সমিতিৰ অন্যতম সম্পাদক কন্দর্প বড়োৱে সদৰী কৰা মতে সপ্তমীৰ দিনা যথাবিধি পূজা–র্চনা কৰি পূজাৰীগৰাকী নিশা ৰাবিড়ীস্থিত নিজগৃহলৈ উভতি আহে৷

পূর্বৰে পৰা থকা ৰোগৰ বাবে হঠাতে নিশা যথেষ্ট অসুস্থ হৈ পৰা পুৰোহিতগৰাকীৰ নিশাতেই মৃত্যু হয়৷ পিছত আন পুৰোহিতৰ দ্বাৰা আন কেইদিনৰ পূজা সমাপন কৰা হয়৷ আনহাতে, ৰজাদিনীয়া লাৰাপাহাৰস্থিত শ্রীশ্রীবুঢ়ী গোসাঁনী মন্দিৰত পূর্বৰ দৰে এইবেলিও মাথোঁ এটি ম’হ বলি দিয়া হয়৷

You might also like