নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গড়চুক–কটাহবাৰীত্ ঝাণ্ডি মুণ্ডাৰ জুৱা

নিয়মীয়া বাৰ্তা ১ নৱেম্বৰঃ পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজতে মাত্র তিনিটা দিন৷ কালীপূজা আৰু দীপাৱলীৰ সুযোগ লৈ গুৱাহাটী মহানগৰীত সক্রিয় হৈ পৰিছে অসাধু চক্র৷ মহানগৰ আৰক্ষীৰ একাংশ অসাধু বিষয়াক মেনেজ কৰি অসাধু চক্রই গুৱাহাটীৰ বিভিন্ন স্থানত চলাইছে ঝাণ্ডি মুণ্ডাৰ জুৱা৷ শেহতীয়াকৈ গড়চুক আৰু কটাহবাৰী অঞ্চলত ইনতাজ আৰু চফিকুল নামৰ দুজন লোকে বিগত এসপ্তাহ ধৰি প্রতিদিনে লাখ লাখ টকাৰ ঝাণ্ডি মুণ্ডাৰ জুৱা খেল চলোৱা তথ্য পোহৰলৈ আহিছে৷ ইনতাজ আৰু চফিকুলৰ নেতৃত্বত আইএছবিটিৰ পিছফালে, কটাবাহীৰ নতুন বজাৰ, কটাহবাৰী বজাৰ, কটাহবাৰী ১নং মছজিদৰ পিছফালে ঝাণ্ডি মুণ্ডাৰ জুৱা চলাই আহিছে৷ প্রাপ্ত তথ্য অনুসৰি, আৰক্ষীক মেনেজ কৰিবলৈ প্রতিখন জুৱাৰ পৰা ইনতাজ আৰু চফিকুলে ২৫ হাজাৰকৈ টকা সংগ্রহ কৰি আহিছে৷

আৰক্ষীক মেনেজ কৰাৰ নামত প্রতিদিনে ইনতাজ আৰু চফিকুলে এক লাখকৈ টকা সংগ্রহ কৰি মহানগৰ আৰক্ষীৰ একাংশ শীর্ষ বিষয়াক আদায় দি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ প্রতিদিনে চাৰিখন জুৱা খেলত ২০ লক্ষাধিক টকাৰ লেনদেন হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ আৰক্ষীক মেনেজ কৰি ইনতাজ আৰু চফিকুলে মুকলিকৈ পতা ঝাণ্ডি মুণ্ডাৰ জুৱা খেলত ইছমাইল আহমেদ ওৰফে বাবুলী, ইছাক আলী, জীয়াউৰ ইছলাম, চালাম আলী, পূর্ণানন্দ বড়োৱে সহযোগ কৰি আছে৷ এই অসাধু চক্রটোৱে চলোৱা ঝাণ্ডি মুণ্ডাৰ জুৱাত সর্বস্বান্ত হৈছে বহু লোক৷ গড়চুক, কটাহবাৰীত মুকলিকৈ চলা জুৱা খেলৰ পৰা প্রতিদিনে মোটা অংকৰ ধন আৰক্ষীয়ে লাভ কৰাত ঝাণ্ডি মুণ্ডাৰ জুৱাৰী চক্রটোক উৎখাত কৰা নাই৷

কেৱল ঝাণ্ডি মুণ্ডাই নহয়, ইনতাজে দিনৰ ভাগত কটাহবাৰীত তিনিপট্টীৰো আড্ডা বহুৱাইছে৷ কেৱল কালীপূজাৰ আলম লৈয়ে প্রতি বছৰে এনেদৰে ইনতাজ আৰু চফিকুলে গড়চুক–কটাহবাৰী অঞ্চলত ঝাণ্ডি মুণ্ডা আৰু তিনিপট্টীৰ জুৱাৰ আড্ডা বহুৱাই বহু লোকক সর্বস্বান্ত কৰি লাখ লাখ টকাৰ লুণ্ঠন চলাইছে৷ গড়চুক–কটাহবাৰী অঞ্চলত ইনতাজ–চফিকুলে চলোৱা জুৱা উৎখাত কৰিবলৈ মহানগৰ আৰক্ষীয়ে কি পদক্ষেপ গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷

You might also like