নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভিআইপি ৰোডত দুর্ঘটনাত তিনি যুৱকৰ কৰুণ মৃত্যু

নিয়মীয়া বাৰ্তা ২ অক্টোবৰঃ মৃত্যুদূতত পৰিণত হৈছে মহানগৰীৰ ৰাজপথ৷ মহানগৰ জিলা পৰিবহণ বিভাগে পথ দুর্ঘটনা ৰোধৰ বাবে চমক সৃষ্টিৰে ব্যাপক সজাগতা অভিযান অব্যাহত ৰাখিছে৷ কেৱল চমক সৃষ্টিৰ বাবে চলোৱা সজাগতা অভিযানে সাধাৰণ লোকৰ মাজত কোনো প্রভাৱ পেলাব পৰা নাই৷ যাৰ ফলত মহানগৰীত সংঘটিত হৈ আহিছে ইটোৰ পিছত সিটো ভয়াৱহ পথ দুর্ঘটনা৷

যোৱানিশা ছয়মাইল–নাৰেংগী সংযোগী ভি আই পি পথত সংঘটিত এটা ভয়াৱহ পথ দুর্ঘটনাত তিনি যুৱকে কৰুণ মৃত্যুক আঁকোৱালি ল’বলগীয়া হয়৷ নিশা প্রায় ১২ বজাত সংঘটিত এই পথ দুর্ঘটনাটোত লিচু বাগানৰ বাবলু টুমুং (২২), কবিন্দ্র ৰয় (২৩) আৰু জাপৰিগোগৰ টংকেশ্বৰ ৰয় (২২) নামৰ যুৱক তিনিজনৰ মৃত্যু হয়৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, এ এছ–০১ ই এন–৭২৪৪ নম্বৰৰ পালছাৰ বাইকত তিনিওৱে উঠি তীব্র বেগেৰে ভিআইপি ৰোডেৰে গৈ থকাৰ সময়তে এন এল–০১ কে–২২৮৪ নম্বৰৰ এখন ট্রেইলাৰত খুন্দা মাৰে৷ নিশা প্রায় ১২.২০ বজাত দিছপুৰ আৰক্ষীয়ে দুর্ঘটনাৰ খবৰ লাভ কৰি গুৰুতৰভাৱে আহত যুৱক তিনিজনক জিএমচিএইচত ভর্তি কৰায়৷ চিকিৎসকে বাবলু টুমুং আৰু টংকেশ্বৰ ৰয়ক মৃত ঘোষণা কৰে৷ গুৰুতৰভাৱে আহত কবিন্দ্র ৰয়ৰ আজি পুৱা ৪ বজাত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় বুলি যান–বাহন আৰক্ষী বিষয়া ৰাজেন বড়োৱে জানিবলৈ দিছে৷

You might also like