নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত ১৬,৫৭০জনক টিকাকৰণ

নিয়মীয়া বাৰ্তা ১৪ জুনঃ ৰাজ্য চৰকাৰৰ নির্দেশমর্মে কামৰূপ মহানগৰ জিলা প্রশাসন আৰু স্বাস্থ্য বিভাগে শনিবাৰৰ পৰা পুনৰ আৰম্ভ কৰিছে ভেকচিন প্রদান অভিযান৷ কালি মহানগৰ জিলাৰ ২৩,২৭৮গৰাকী লোকক ভেকচিন প্রদান কৰিছিল৷

দেওবাৰে মহানগৰীৰ ৫৮টা কেন্দ্রত মুঠ ১৬,৫৭০গৰাকী লোকক ক’ভিড ভেকচিন প্রদান কৰা হয়৷ মহানগৰ জিলা প্রশাসনে এসপ্তাহৰ ভিতৰত বাকী থকা প্রায় ১.৬০ লাখ লোকক ভেকচিন প্রদানৰ লক্ষ্য স্থিৰ কৰিছে৷ ইফালে, দেওবাৰে গুৱাহাটী মহানগৰীত ২১,৪৩৫গৰাকী লোকৰ ক’ভিড টেষ্ট কৰা হয়৷ ইয়াৰ ভিতৰত ২২৬গৰাকী লোকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰে৷

You might also like