নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইজৰাইলত নেতান্যেহুৰ বিদায়

ইহুদী ৰাষ্ট্র ইজৰাইলত প্রধানমন্ত্রী বেঞ্জামিন নেতান্যেহুৰ ১২ বছৰীয়া শাসনৰ অৱসান ঘটিছে৷ দেশখনৰ সংসদ নিছেটে নতুন প্রধানমন্ত্রী নাফটালি বেনেট নেতৃত্বাধীন আঠদলীয়া মর্চা চৰকাৰৰ প্রতি দেওবাৰে অনুমোদন জনাইছে৷ লক্ষণীয়ভাৱে বেঞ্জামিন নেতান্যেহুৰ ১২ বছৰীয়া শাসনৰ অৱসান ইজৰাইজৰ ৰাজনৈতিক ইতিহাসত এক গুৰুত্বপূর্ণ ঘটনা হিচাপে চিহ্ণিত হৈছে৷ ইয়াৰ পূর্বে কোনো এগৰাকী নেতাই দীর্ঘদিন ধৰি ইহুদী ৰাষ্ট্রখনক শাসন কৰিবলৈ সক্ষম হোৱা নাছিল৷ জন্মলগ্ণৰে পৰা ইজৰাইলৰ ৰাজনীতি অস্তিৰ হৈ আছিল৷ ১৯৪৮ চনত পেলেষ্টাইনৰ বুকুত ইহুদী ৰাষ্ট্রখনৰ জন্ম হোৱাৰ পাছৰে পৰা ৰাজনৈতিক ইতিহাস কেৱল ৰক্তাক্ত ঘটনাৰে পৰিপূর্ণ হৈ আহিছে৷ ইয়াৰ মাজতে নেতান্যেহুৱে বাৰ বছৰ ধৰি ইজৰাইলক শাসন কৰাটো আছিল অতি প্রত্যাহ্বানৰ কাম৷ বিদায়ী প্রধানমন্ত্রীগৰাকীয়্ অৱশ্যে সংসদত বিৰোধী নেতা হিচাপে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব বুলি আমেৰিকা আৰু পাশ্চাত্যৰ দেশসমূহে মন্তব্য কৰিছে৷ বিৰোধী নেতা হিচাপে নেতান্যেহুৰ গুৰুত্ব এই কাৰণেই থাকিব যে দীর্ঘদিনীয়া ৰাজনৈতিক ইতিহাসত নেতান্যেহুৰ আছে বিভিন্ন অভিজ্ঞতা৷ সমস্যাৰে ভৰা দেশখনক ১২ বছৰ ধৰি নেতৃত্ব দিয়াৰ ক্ষেত্রত নেতান্যেহুৱে যি দক্ষতাৰ পৰিচয় দাঙি ধৰিছিল, সেই সুযোগ কোনো নেতাই দেশখনত লাভ কৰা নাছিল৷ লক্ষণীয়ভাৱে ইজৰাইলত ৰাজনৈতিক ইতিহাসৰ পৰিৱর্তন ঘটিছে যদিও কোনো আনুষ্ঠানিক কার্যসূচী অবিহনেই নাফটালি বেনেটে প্রধানমন্ত্রী হিচাপে শপতগ্রহণ কৰিছে৷ আঠটা দলৰ মাজত ইতিমধ্যে ৰোটেচন পদ্ধতিত নেতাসকলে প্রধানমন্ত্রীৰ দায়িত্ব পালন কৰিব বুলি এক গুৰুত্বপূর্ণ চুক্তিত স্বাক্ষৰ হৈছে৷ অৱশ্যে নেতান্যেহুৱে ক্ষমতা হস্তান্তৰ আনুষ্ঠানিকভাৱে নকৰাৰ অন্তৰালত আঠদলীয় নতুন মিত্রজোঁট চৰকাৰৰ অনিয়ম আৰু প্রৱঞ্চনা জড়িত থকা বুলি বিভিন্ন মহলে দাবী কৰিছে৷ নেতান্যেহুৰ বিদায়ৰ পাছতে অহা মাহত দেশখনৰ ৰাষ্ট্রপতি ৰিউভেন ৰিভলিনৰো কার্যকালৰ অন্ত পৰিব৷ গতিকে এক নতুন ৰাজনৈতিক গাঁথনি দেখিবলৈ পোৱা যাব ইহুদী ৰাষ্ট্রখনত৷ অৱশ্যে আঠদলীয় মর্চা চৰকাৰে আগন্তুক দিনত ইজৰাইলক সুস্থিৰতা প্রদান কৰিবলৈ সক্ষম হ’ব নে নাই, সেয়া সন্দেহৰ বিষয়৷ কাৰণ মধ্যপ্রাচ্যত ইহুদী ৰাষ্ট্রখন আৰব দেশসমূহৰ প্রত্যাহ্বানৰ সন্মুখীন হৈ আহিছে৷ পেলেষ্টাইনৰ সৈতে চলি থকা দীর্ঘদিনীয়া বিবাদ সন্দর্ভত নতুন চৰকাৰে কেনে ব্যৱস্থা গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷ ৱেষ্ট বেংক, গাজা ষ্ট্রীপ আৰু গোলানহেইট সন্দর্ভত থকা দীর্ঘদিনীয়া বিবাদৰ নিষ্পত্তি ঘটোৱাৰ ক্ষেত্রত এই চৰকাৰখনে ব্যৱস্থা গ্রহণ কৰিব নে নাই, সেয়াও হ’ব বিভিন্ন মহলৰ বাবে নজৰ ৰাখিবলগীয়া বিষয়৷ একমাত্র আমেৰিকাক লৈয়ে ইজৰাইল এতিয়া মধ্যপ্রাচ্যত এক শক্তিশালী শিবিৰ হিচাপে থিয় দি আছে৷ নতুন চৰকাৰখনৰ প্রতি হোৱাইট হাউছৰ দৃষ্টিভংগী কেনে হ’ব, তাক লৈও বিভিন্ন মহলত চলি আছে উৎকণ্ঠা৷ বেঞ্জামিন নেতান্যেহুৰ লিকুড পার্টীৰ প্রতি হোৱাইট হাউছৰ যি আস্থা আছিল, শেহতীয়া আঠদলীয়া মর্চা চৰকাৰৰ প্রতি সেই আস্থা অক্ষত থাকিব নে নাই, সেয়াও হ’ব চিন্তনীয় বিষয়৷ গতিকে ইজৰাইলত শাসন পৰিৱর্তন হৈছে যদিও দেশখনৰ ভৱিষ্যৎ শান্তিপূর্ণ হ’ব বুলি আজিয়েই কৈ দিব পৰা নাযায়৷
১৯৪৮ চনৰ পূর্বে যি স্থানত ইজৰাইলৰ জন্ম হৈছিল, তাক জনা গৈছিল হলী লেণ্ড অৱ পেলেষ্টাইন বুলি৷ দ্বিতীয় বিশ্বযুদ্ধৰ পাছত ইউৰোপৰ পৰা উচ্ছেদিত ইহুদীসকলক এই নতুন ৰাষ্ট্রত সংস্থাপিত কৰাৰ বিশ্বজুৰি সহমত সৃষ্টি হৈছিল৷ পূর্বৰে পৰা আৰব ৰাষ্ট্র পেলেষ্টাইনত ইহুদী আৰু আৰবী মুছলমানসকলৰ মাজত চলি আছিল মতানৈক্য৷ দ্বিতীয় বিশ্বযুদ্ধৰ পাছত ইউৰোপৰ পৰা প্রব্রজিত ইহুদীসকলে এই মতানৈক্যত অধিক ইন্ধন যোগায়৷ তেতিয়াই পেলেষ্টাইনৰ বক্ষত ইজৰাইলৰ জন্ম হোৱাটো নিশ্চিত হৈ পৰে৷ জন্মলগ্ণৰে পৰা পেলেষ্টাইনৰ ভূমি সংকুচিত কৰি ইজৰাইলে সম্প্রসাৰণবাদৰ এক নীতি গ্রহণ কৰে৷ লক্ষণীয়ভাৱে এই কার্যত আমেৰিকাই মুকলি সমর্থন আগবঢ়ায়৷ চালুকীয়া অৱস্থাত থকা ৰাষ্ট্রসংঘয়ো ইহুদী ৰাষ্ট্রখনৰ জন্মৰ বিষয়টোক লৈ এক নৰম দৃষ্টিভংগী গ্রহণ কৰে৷ পৰিণতি আৰব ৰাষ্ট্র পেলেষ্টাইনৰ ওপৰত থকা অন্যায়–দখল তথা নিয়ন্ত্রণ বিষয়টোক লৈ আন্তর্জাতিক সম্প্রদায়সমূহ নীৰৱে থকা পৰিলক্ষিত হয়৷ ইয়াৰ ফলতেই বর্তমান সময়ত বিশ্বৰ ইহুদীৰ ৪৩ শতাংশৰ বাসভূমি হৈ পৰিছিল ইজৰাইল৷ ১৯৭৯ চনত ইজৰাইল আৰু ইজিপ্তৰ মাজত এক শান্তি চুক্তি সম্পন্ন হয় আমেৰিকাৰ কেম ডেভিডত৷ ১৯৯৩ চনত পেলেষ্টাইন লিবাৰেচন অর্গেনাইজেচনৰ (পি এল অ’) সৈতে ইজৰাইলে স্বাক্ষৰ কৰে অছ’লো চুক্তি৷ কিন্তু এই চুক্তি সত্ত্বেও পেলেষ্টাইনৰ গাজা ষ্ট্রীপ আৰু ৱেষ্ট বেংক অর্থাৎ জর্দান নদীৰ পশ্চিম পাৰত ইজৰাইল সেনাৰ আগ্রাসন অব্যাহত থাকে৷ আজিৰ পর্যায়তো এই আগ্রাসন অব্যাহত আছে৷ ইয়াৰ পৰিণতিত মাত্র কিছুদিন পূর্বে ইজৰাইলী সেনা আৰু গাজা ষ্ট্রীপৰ বিদ্রোহী সংগঠন হামাছৰ মাজত সৃষ্টি হৈছিল ৰক্তক্ষয়ী সংঘর্ষ৷ এই সংঘর্ষত আঢ়ৈ শতাধিক লোকে প্রাণ হেৰুওৱাৰ উপৰি গাজা ষ্ট্রীপত ইজৰাইলৰ ৰকেটত বিধ্বস্ত হৈছিল বহু আৱাসী প্রাসাদ৷ কাটাৰ আৰু ইজিপ্তৰ উদ্যোগৰ বাবে ইজৰাইল তথা হামাছৰ মাজত এক যুদ্ধবিৰতি চুক্তি স্বাক্ষৰ হৈছে যদিও অশান্ত পৰিস্থিতিৰ অন্ত পৰা নাই৷ গতিকে ইজৰাইলৰ নতুন চৰকাৰখন এই সমস্যাসমূহৰ প্রত্যাহ্বানৰ সন্মুখীন হ’ব৷ বিশেষকৈ পেলেষ্টাইন, ছিৰিয়া, ইৰান, লেবানন আদি দেশৰ সৈতে থকা সংঘাতৰ অৱসান ঘটাবলৈ নতুন চৰকাৰে প্রচেষ্টা গ্রহণ নকৰিলে ইজৰাইলৰ ৰাজনৈতিক ইতিহাস হৈ থাকিব সদায়ে অস্তিত্বৰ দাষ্টান৷

You might also like