নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীৰ চাৰি সমষ্টিত ৭৫ শতাংশ ভোটদান

জালুকবাৰী–৭৯, পশ্চিম গুৱাহাটী–৭৯, পূব গুৱাহাটী–৬৯, দিছপুৰত–৭২ শতাংশৰ ভোটাধিকাৰ সাব্যস্ত

নিয়মীয়া বাৰ্তা, ৭ এপ্ৰিলঃ অসম বিধানসভা নির্বাচনৰ ৪০টা সমষ্টিত সামগ্রিকভাৱে শান্তিপূর্ণকৈ সম্পন্ন হ’ল তৃতীয় তথা অন্তিম পর্যায়ৰ ভোটগ্রহণ৷ প্রতিটো সমষ্টিতে দুই এটা বিক্ষিপ্ত ঘটনা আৰু ঠায়ে ঠায়ে ইভিএম বিজুতিক বাদ দি প্রায় শান্তিপূর্ণভাৱে ভোটাধিকাৰ সাব্যস্ত কৰে ৰাইজে৷ বিশেষকৈ গুৱাহাটীৰ চাৰিটা সমষ্টিৰ ৰাইজে বিকাশ, উন্নয়ন আৰু শান্তিৰ প্রত্যাশাৰে হিলদল ভাঙি ভোটদান কৰা পৰিলক্ষিত হয়৷

মহানগৰ জিলাৰ ১,৭০৭টা ভোটকেন্দ্রত প্রায় শান্তিপূর্ণভাৱে ভোটগ্রহণ সম্পন্ন হয়৷ গুৱাহাটীৰ চাৰি সমষ্টি ক্রমে ৫১নং জালুকবাৰী, ৫২নং দিছপুৰ, ৫৩নং পূব গুৱাহাটী আৰু ৫৪নং পশ্চিম গুৱাহাটী সমষ্টিৰ সর্বমুঠ ১১,৫২,৪৭৮গৰাকী ভোটাৰৰ ভিতৰত প্রায় ৭৫ শতাংশ ভোটাৰে নিজৰ গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰে৷

শেহতীয়াকৈ নির্বাচন আয়োগে প্রকাশ কৰা তথ্য অনুসৰি কামৰূপ মহানগৰ জিলাৰ অন্তর্গত চাৰিটা সমষ্টিত ভোটদানৰ হাৰ ক্রমে– জালুকবাৰী সমষ্টিত ৭৯ শতাংশ, পশ্চিম গুৱাহাটী সমষ্টিত ৭৯ শতাংশ, পূব গুৱাহাটী সমষ্টিত ৬৯ শতাংশ আৰু দিছপুৰ সমষ্টিত ৭২ শতাংশ৷ স্বচ্ছ, নিকা আৰু শান্তিপূর্ণভাৱে ভোটগ্রহণ অনুষ্ঠিত কৰাৰ বাবে নির্বাচন আয়োগৰ নির্দেশ অনুসৰি কামৰূপ মহানগৰ জিলা প্রশাসনে কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে ভোটগ্রহণ অনুষ্ঠিত কৰে৷ জালুকবাৰী সমষ্টিৰ ২৯৭টা, দিছপুৰ সমষ্টিৰ ৬০৭টা, পূব গুৱাহাটী সমষ্টিৰ ৩৪০টা আৰু পশ্চিম গুৱাহাটী সমষ্টিত ৪৫০টা ভোটগ্রহণ কেন্দ্রত শান্তিপূর্ণভাৱে ভোটগ্রহণ অনুষ্ঠিত হয়৷

মহানগৰ জিলাৰ অন্তর্গত চাৰিটা সমষ্টিৰ মুঠ ১১,৫২,৪৮৭গৰাকী ভোটাৰে বিজেপি মিত্রজোঁট, কংগ্রেছ মহাজোঁট, অজাপ, এনপিপি, ৰাইজৰ দলকে ধৰি অন্যান্য দল আৰু নির্দলীয় প্রার্থী হিচাপে প্রতিদ্বন্দ্বিতা কৰা ৪৩গৰাকী প্রার্থীৰ ভাগ্য নির্ণয় কৰে৷ অহা ২ মে’ত অনুষ্ঠিত হ’বলগা ভোটগণনাত এই চাৰিটা সমষ্টিৰ পৰা কোন জয়ী হ’ব সেয়া স্পষ্ট হ’ব৷ মহানগৰ জিলাত শান্তিপূর্ণ আৰু নিকা নির্বাচন অনুষ্ঠিত কৰাৰ বাবে জিলা প্রশাসনে এইবাৰ ৩৭টা আদর্শ ভোটকেন্দ্র স্থাপন কৰিছিল৷ ইয়াৰ উপৰি কেৱল মহিলাৰ দ্বাৰা পৰিচালিত ১২০টা ভোটকেন্দ্র স্থাপন কৰিছিল৷

মঙলবাৰে  পুৱাৰে পৰা মহানগৰ জিলাখনৰ অন্তর্গত আটাইকেইটা ভোটগ্রহণ কেন্দ্রত শাৰি পাতি ভোটদান কৰে ভোটাৰ ৰাইজে৷ বহুকেইটা ভোটগ্রহণ কেন্দ্রত বিশেষভাৱে সক্ষম, শাৰীৰিকভাৱে অসুস্থ সত্তৰোর্ধৰ কেইবাগৰাকীও বৃদ্ধ–বৃদ্ধাই নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি সুস্থ গণতন্ত্র প্রতিষ্ঠা হ’ব বুলি আশা কৰে৷

You might also like