নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জ্যোতিকুছিৰ ১৫টা জৰাজীর্ণ পথেৰে যাতায়াত ৰাইজৰ

২৭ নং ৱাৰ্ডঃ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাৰ নির্বিকাৰ ভূমিকাত ৰাইজৰ ক্ষোভ

নিয়মীয়া বাৰ্তা ১২ জুলাইঃ পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাৰ অকর্মণ্যতাৰ ফল ভুগিছে সমষ্টিবাসীয়ে৷ ভাৰাতীয়া সমর্থকেৰে মন্ত্রিত্বৰ দাবীত ব্যস্ত থকা বিধায়ক কলিতাই সমষ্টিটোৰ উন্নয়নৰ প্রতি গুৰুত্ব প্রদান নকৰাত সমষ্টিটোৰ অন্তর্গত বিভিন্ন অঞ্চলৰ ৰাইজে বিশুদ্ধ খোৱাপানী লাভৰ পৰা বঞ্চিত হৈ জান–জুৰি–নিজৰাৰ পানী সেৱন কৰি দুর্বিষহ জীৱন যাপন কৰিবলগীয়া হৈছে৷ কেৱল এয়াই নহয়, বহু অঞ্চলৰ ৰাইজে বোকা–পানী গচকি জৰাজীর্ণ পথেৰে বছৰৰ পিছত বছৰ ধৰি যাতায়াত কৰিবলগীয়া হৈছে৷ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাৰ অকর্মণ্যতা আৰু ব্যর্থতাৰ অন্যতম উদাহৰণ হৈছে বৃহত্তৰ জ্যোতিকুছি অঞ্চল৷ সমষ্টিৰ উন্নয়নত গুৰুত্ব প্রদান নকৰাত বৃহত্তৰ জ্যোতিকুছি অঞ্চলৰ বহুকেইটা জৰাজীর্ণ পথেৰে অঞ্চলবাসীয়ে যাতায়াত কৰিবলগীয়া হৈছে৷

জ্যোতিকুছি অঞ্চলৰ ৰাইজে ‘নিয়মীয়া বার্তা’ক জানিবলৈ দিয়া মতে, জ্যোতিকুছি ধপলিয়াত ১৫টাৰো অধিক জৰাজীর্ণ পথ–উপপথ আছে৷ এই পথ–উপপথসমূহ ক্রমে শিৱনগৰ পথ, আকাশী পথ, বেংক কলনী আলপাইন পথ, কালীচৰণ ডেকা পথ, মহাজন পথ, শংকৰদেৱ পথ, সতী জয়মতী পথ, কুশল কোঁৱৰ পথ, উদয় পথ, ষটপূজা ঘাট পথ, গকুল পথাৰ পথ, কৃষ্ণনগৰ পথ, বিবেকানন্দ পথ, উদালজ্যোতি পথ আৰু হিল ভিউ পথ৷ এই ১৫টা অতি জৰাজীর্ণ পথহে৷ ইয়াৰ উপৰি বহু পথ মেৰামতি নকৰাকৈ আছে৷ গুৱাহাটীৰ মাজমজিয়াৰ জ্যোতিকুছি ধপলিয়া অঞ্চলত বহু পথ–উপপথ জৰাজীর্ণ হৈ থকাৰ লগতে অঞ্চলটোত নাই ষ্ট্রীট লাইট, বিজ্ঞানসন্মত নলা–নর্দমা৷ অঞ্চলবাসী ৰাইজে বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাৰ লগতে পৌৰ নিগম কর্তৃপক্ষকো বহুবাৰ আবেদন–নিবেদন কৰাৰ পিছতো আজিলৈকে পথ আৰু উপপথকেইটা নির্মাণ নকৰিলে৷ ফলত অঞ্চলটোৰ ৰাইজে জৰাজীর্ণ পথেৰে যাতায়াত কৰিবলগীয়া হৈছে৷ সেয়েহে জ্যোতিকুছি ধপলিয়া অঞ্চলৰ পথ–উপপথসমূহ নির্মাণ কৰি সুচল যাতায়াত ব্যৱস্থা প্রদান কৰিবলৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক আহ্বান জনাইছে ৰাইজে৷

You might also like