নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বকৰ্মা পূজা কৰি অনা গাড়ীৰ কাষত প্ৰস্ৰাৱ মুছলমান যুৱকৰ, উত্তপ্ত খানাপাৰা

খানাপাৰাৰ সমীপত এক ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছে।

দুই ফৈদৰ মাজত মাৰপিটৰ ঘটনাত গুৰুতৰভাৱে আহত এজন।

দুজন মুছলমান সম্প্ৰদায়ৰ ব্যক্তিয়ে গাড়ীৰ কাষত কৰিছিল প্ৰস্ৰাৱ।

দিনৰ ভাগত বিশ্বকৰ্মা পূজা কৰি অনা গাড়ীখনৰ কাষত প্ৰস্ৰাৱ কৰাৰ অভিযোগ।

সেই সময়তে দুই যুৱকৰ সৈতে কথাৰ কটাকটি হয় স্থানীয় লোকজনৰ সৈতে।

কথাৰ কটাকটিৰ মাজতে দুই পক্ষৰ মাজত আৰম্ভ হৈছিল মাৰপিট।

পৰৱৰ্তী সময়ত ঘটনাক লৈ ওলাই আহে স্থানীয় শ শ লোক।

ভাৰাঘৰত সোমাই থকা অভিযুক্ত দুই যুৱকক বাহিৰলৈ উলিয়াই অনাৰ চেষ্টা স্থানীয় লোকৰ।

সেই সময়তেই দিছপুৰ আৰক্ষীৰ এটা শীৰ্ষ আৰক্ষী বিষয়াৰ এটা দল উপস্থিত হয় ঘটনাস্থলীত।

আৰক্ষী অহাৰ পূৰ্বে দুই অভিযুক্তৰ ভাৰাঘৰটোৰ পৰা পলায়ন কৰে।

দীৰ্ঘ সময় ধৰি আৰক্ষী আৰু স্থানীয় লোকৰ মাজত হয় তীব্ৰ বাত বিতণ্ডা।

অৱশেষত খানাপাৰা উৰণ সেতুৰ সমীপৰ পৰা দিছপুৰ আৰক্ষীয়ে আটক কৰি লৈ আনে দুই যুৱকক।

ঘটনাৰ মূল অভিযুক্ত দুই যুৱক আৰু ভাৰাঘৰৰ মালিক বৰ্তমান আৰক্ষীৰ জিন্মাত।

নিয়মীয়া বাৰ্তা ডেস্ক, ১৮ ছেপ্টেম্বৰ

You might also like