নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এমাহৰ সময়সীমাৰে উচ্ছেদৰ জাননী জাৰি প্রশাসনৰ

গুৱাহাটীৰ হাজাৰ হাজাৰ বিঘা চৰকাৰী ভূমি বেদখলকাৰীৰ কবলত

নিয়মীয়া বাৰ্তা ২৬ নৱেম্বৰঃ গুৱাহাটী মহানগৰীৰ হাজাৰ হাজাৰ বিঘা চৰকাৰী ভূমি বেদখলকাৰীৰ কবলত আছে৷ শেহতীয়াকৈ কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে মহানগৰীৰ চৰকাৰী, ৰাজহুৱা খণ্ড, ধর্মীয় অনুষ্ঠান, দাতব্য ন্যাস আদিৰ ভূমি বেদখল সন্দর্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত তথ্যসহকাৰে দাখিল কৰিছিল৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নির্দেশমর্মে চৰকাৰী কার্যালয়, অনুষ্ঠান–প্রতিষ্ঠান আদিৰ নামত চৰকাৰীভাৱে আবণ্টিত, সংৰক্ষিত ভূমিৰ পৰা বেদখল উচ্ছেদ কৰাৰ বাবে কামৰূপ মহানগৰ জিলা প্রশাসনে নির্দেশ জাৰি কৰিছে৷ ন্যায়ালয়ৰ নির্দেশ মানি কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে ৩০ দিনৰ সময়সীমা ধার্য কৰি বেদখল কৰি থকা ভূমি নিশ্চিতভাৱে খালী কৰি দিবৰ বাবে জাননী জাৰি কৰিছে৷ যোৱা ২১ নৱেম্বৰত উপায়ুক্ত পেগুৱে অসম ভূমি ৰাজহ অধিনিয়ম ১৮৮৬ সংশ্লিষ্ট নীতিৰ অধীনত উচ্ছেদ কৰিব বুলি জাননী জাৰি কৰে৷ বেদখলকাৰীসকললৈ ব্যক্তিগতভাৱে কোনো জাননী জাৰি নকৰে বুলি নির্দেশটোত স্পষ্ট কৰি দিছে৷ কামৰূপ মহানগৰ জিলা প্রশাসনৰ এই নির্দেশৰ পাছতে চৰকাৰী ভূমি বেদখল কৰি বসবাস কৰা লোকসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ তথ্য অনুসৰি খাৰঘুলিস্থিত অসম ৰাজ্যিক গৃহ নির্মাণ পৰিষদৰ ২৫০ বিঘা ভূমিৰ বহু অংশ বেদখলকাৰীৰ কবলত আছে৷ একেদৰে কাহিলিপাৰাত থকা দিব্যাংগ ছাত্র–ছাত্রীৰ বাবে থকা ২ বিঘা ভূমি বেদখলকাৰীৰ কবলত আছে৷ লোকনির্মাণ বিভাগৰ দিছপুৰ সংমণ্ডলৰ সোণাপুৰ, বৰবাৰী আৰু নাৰেংগীত থকা ভূমিও বেদখলকাৰীৰ কবলত আছে৷ আনহাতে দক্ষিণগাঁৱত থকা ভূতত্ত্ব আৰু খনন বিভাগৰ কেইবাবিঘা ভূমি বেদখলকাৰীৰ কবলত আছে৷ তদুপৰি লালমাটিত থকা ভৱিষ্যনিধি সংগঠনৰ ১০ বিঘা ভূমি, উলুবাৰীত থকা লোকপ্রিয় গোপীনাথ বৰদলৈ যক্ষ্মা চিকিৎসালয়ৰ ভূমি, গোটানগৰত থকা ভূমি সংৰক্ষণ বিভাগৰ ভূমি বেদখলকাৰীৰ কবলত আছে৷ বশিষ্ঠৰ জলসম্পদ বিভাগৰ ২৭ বিঘা ভূমি, উলুবাৰী আৰু মৈদাম গাঁৱত থকা কৃষি বিভাগৰ ১৪০ বিঘা ভূমি, পাণবাৰীৰ নেচনেল টেক্সটাইল কর্প’ৰেচনৰ ১৪০ বিঘা ভূমি বেদখলকাৰীৰ কবলত আছে৷ ইফালে, জ্যোতি চিত্রবন, বশিষ্ঠ দেৱালয়ৰ ভূমি বেদখল কৰি শতাধিক পৰিয়ালে বসবাস কৰি আছে৷ গুৱাহাটী মহানগৰীৰ চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ বাবে জিলা প্রশাসনে ৩০ দিনৰ সময়সীমা দি জাননী জাৰি কৰিছে যদিও বেদখলকাৰীক উচ্ছেদ কৰিবলৈ সক্ষম হ’ব নে নহয়, সেয়া সময়েহে ক’ব৷

You might also like