নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আদ্যশ্রাদ্ধত হৰধন চন্দ্র ৰায়ৰ বাসগৃহত মুখ্যমন্ত্রী সোণোৱাল

নিয়মীয়া বাৰ্তা, ২৬ নৱেম্বৰঃ জম্মু–কাশ্মীৰৰ উৰি ছেক্টৰত পাকিস্তানী সেনাৰ বর্বৰোচিত আক্রমণত নিহত হোৱা বীৰ শ্বহীদ হৰধন চন্দ্র ৰায়ৰ  আদ্যশ্রাদ্ধ সম্পন্ন হয়৷ বিলাসীপাৰা মহকুমাৰ অন্তর্গত ফুটুকীবাৰীৰ মেধিপাৰাস্থিত নিজ বাসভৱনত আয়োজিত বীৰ শ্বহীদগৰাকীৰ আদ্যশ্রাদ্ধত অংশগ্রহণ কৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ বিয়লি প্রায় ২ বজাত হেলিকপ্ঢাৰযোগে বাঙালীপাৰা খেলপথাৰত উপস্থিত হোৱা মুখ্যমন্ত্রী সোণোৱালে পাছত প্রায় ২০ কিলোমিটাৰ দূৰত্বৰ শ্বহীদগৰাকীৰ বাসভৱনলৈ যায়৷ তাত তেওঁ বীৰ শ্বহীদ হৰধন চন্দ্র ৰায়ৰ প্রতিচ্ছবিত মাল্যার্পণেৰে গভীৰ শ্রদ্ধা নিবেদন কৰে৷ মুখ্যমন্ত্রী সোণোৱালে শোকসন্তপ্ত পৰিয়ালবর্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে বীৰ শ্বহীদগৰাকীৰ পত্নীৰ হাতত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ২০ লাখ টকাৰ এককালীন সাহায্যৰ চেক প্রদান কৰে৷ ইয়াৰ পাছত সংবাদ মাধ্যমৰে হোৱা বার্তালাপত মুখ্যমন্ত্রী সোণোৱালে কয় যে দেশৰ বৃহত্তৰ স্বার্থত হৰধন চন্দ্র ৰায়ে আত্মবলিদান দিলে৷

ভাৰতবাসীৰ লগতে অসমবাসীয়েও বীৰ শ্বহীদগৰাকীৰ বাবে গৌৰৱান্বিত৷ ত্যাগ আৰু বীৰত্বৰ শক্তিশালী আদর্শ প্রতিষ্ঠা কৰি যোৱা বীৰ শ্বহীদগৰাকী সদায়েই অমৰ হৈ থাকিব৷ বীৰ শ্বহীদগৰাকীৰ আদর্শৰে আমাৰ নতুন প্রজন্মই দেশৰ একতা, অখণ্ডতা আৰু সার্বভৌমত্ব ৰক্ষাৰ হকে কাম কৰি যাবলৈ প্রেৰণা লাভ কৰিব৷ বীৰ শ্বহীদ হৰধন চন্দ্র ৰায়ৰ পৰিয়ালৰ লোকক সংস্থাপন দিয়াৰ ক্ষেত্রত ৰাজ্য চৰকাৰে যাৱতীয় পদক্ষেপ গ্রহণ কৰিব বুলিও তেওঁ মন্তব্য কৰে৷ উল্লেখ্য যে বীৰ শ্বহীদ হৰধন চন্দ্র ৰায়ৰ আদ্যশ্রাদ্ধত অংশগ্রহণ কৰাৰ বাবে দিনৰ ১১.৩০ বজাত মুখ্যমন্ত্রী সোণোৱাল উপস্থিত হোৱাৰ কথা আছিল৷ কিন্তু হঠাতে দিনৰ ১ বজাত মুখ্যমন্ত্রী সোণোৱালৰ কার্যসূচী বাতিল হোৱা বুলি ঘোষণা কৰা হয়৷ কিছু সময়ৰ পাছতে পুনৰ মুখ্যমন্ত্রী সোণোৱাল উপস্থিত হ’ব বুলি সংশ্লিষ্ট কর্তৃপক্ষই সদৰী কৰে৷ সেই অনুসৰি দিনৰ প্রায় ২ বজাত বাঙালীপাৰা খেলপথাৰত অৱতৰণ কৰে মুখ্যমন্ত্রী সোণোৱালৰ হেলিকপ্ঢাৰ৷

প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে ২০০১ চনত ভাৰতীয় সেনাবাহিনীৰ ৫৯নং আর্টিলেৰী ৰেজিমেণ্টত জোৱান হিচাপে যোগদান কৰিছিল বীৰ শ্বহীদ হৰধন চন্দ্র ৰায়ে৷ প্রায় দুমাহ পূর্বে তেওঁ ভাৰত–পাক সীমান্ত সংলগ্ণ জম্মু–কাশ্মীৰৰ উৰি ছেক্টৰত নিয়োজিত হৈছিল৷ কিন্তু যোৱা ১৩ নৱেম্বৰৰ দিনা যুদ্ধবিৰতি উলংঘা কৰি পাক সেনাবাহিনীয়ে চলোৱা নির্বিচাৰ গুলীচালনাত তেওঁ নিহত হয়৷ যোৱা ১৬ নৱেম্বৰৰ দিনা বীৰ শ্বহীদগৰাকীৰ নশ্বৰ দেহ মেধিপাৰাস্থিত নিজ বাসগৃহলৈ অনা হয় আৰু সেই দিনাই সামৰিক মর্যাদাৰে গৌৰাং নৈৰ পাৰত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হৈছিল৷ মাত্র তিনি বছৰ পূর্বে বিবাহপাশত আবদ্ধ হোৱা বীৰ শ্বহীদ হৰধন চন্দ্র ৰায়ে এটি ডেৰ বছৰীয়া কণমানি পুত্র সন্তানসহ পত্নী, পিতৃ–মাতৃকে ধৰি আত্মীয়–স্বজনক ইহসংসাৰত এৰি থৈ গৈছে৷ আজি আদ্যশ্রাদ্ধৰ দিনা পত্নী, পিতৃ–মাতৃৰ চকুপানীয়ে শোকাভিভূত কৰি তোলে উপস্থিত সকলোকে৷

You might also like