নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত উলহ–মালহেৰে ৰঙালী উদযাপনৰ প্রস্তুতি

নিয়মীয়া বাৰ্তা, ১৪ এপ্ৰিলঃ আজিৰ পৰা আৰম্ভ অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহু৷ বিভিন্ন বাধা–বিঘিনি আৰু সমস্যাৰ মাজতে চেনেহৰ ৰঙালী বিহু উদযাপনৰ বাবে সমগ্র ৰাজ্যৰ লগতে সাজু হৈছে মহানগৰবাসী৷ মহানগৰীৰ বিভিন্ন প্রান্তৰ সৰু–বৰ অর্ধ শতাধিক বিহু উদযাপন সমিতিয়ে ইতিমধ্যে যাৱতীয় প্রস্তুতি সম্পন্ন কৰি তুলিছে৷

ঢোল–পেঁপা আৰু গগনাৰ মাতে মহানগৰীৰ চৌপাশে উখল–মাখল পৰিৱেশ বিৰাজ কৰাৰ লগতে প্রতিগৰাকী অসমীয়াৰ মাজত উছাহৰ ধল বৈছে৷ ক’ৰোনা মহামাৰীৰ বাবে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে জাৰি কৰা এছ’পিক লৈ বিহু সমিতিসমূহৰ মাজত ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হৈছে যদিও চৰকাৰৰ এছঅ’পিক একাষৰীয়া কৰি মহানগৰীৰ বিহু সমিতিসমূহৰ মাজত ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হৈছে যদিও চৰকাৰৰ এছ’পিক একাষৰীয়া কৰি মহানগৰীৰ বিহু সমিতিসমূহে উলহ–মালহেৰে হেঁপাহৰ ৰঙালী বিহু উদযাপনৰ বাবে সাজু হৈছে৷

এছঅ’পিৰ জৰিয়তে চৰকাৰে বান্ধি দিয়া নীতি–নির্দেশনা এশ শতাংশ পালন কৰিব নোৱাৰিলেও ক’ৰোনা মহামাৰীৰ সংক্রমণ প্রতিৰোধ সম্পর্কীয় সকলো ব্যৱস্থা গ্রহণ কৰি সমিতিসমূহে বিহু উদ্যাপনৰ বাবে সাজু হোৱা বুলি বৃহত্তৰ গুৱাহাটী বিহু সমন্বয়ৰক্ষী সমিতিৰ সম্পাদক প্রিন্স ফাইজুল হকে জানিবলৈ দিছে৷ বিহু সমিতিসমূহে নিজাববীয়াকৈ মাস্ক, ছেনিটাইজাৰ ব্যৱহাৰ কৰাৰ লগতে যথাসম্ভৱ ক’ভিড–১৯ প্রতিৰোধ সম্পর্কীয় যাৱতীয় ব্যৱস্থা গ্রহণ কৰিছে৷

বিশেষকৈ লতাশিল গুৱাহাটী বিহু সন্মিলনী, পূব গুৱাহাটী বিহু সন্মিলন, নিউ গুৱাহাটী বিহু সন্মিলন, পশ্চিম গুৱাহাটী বিহু সন্মিলন, মধ্য পূব গুৱাহাটী বিহু সন্মিলন, গীতানগৰ ৰঙালী বিহু সন্মিলন, মধ্য গুৱাহাটী ৰঙালী বিহু সন্মিলন, গণেশগুৰি ৰঙালী বিহু সন্মিলন, খানাপাৰা ৰঙালী বিহু সন্মিলন, বোন্দা আঞ্চলিক ৰঙালী বিহু সন্মিলন আৰু নাৰেংগী আঞ্চলিক ৰঙালী বিহু সন্মিলনকে ধৰি মহানগৰীৰ প্রায়বোৰ বিহু সমিতিয়ে নিজাববীয়াকৈ ক’ভিড বিধিৰ মাজতে বিহু উদযাপনৰ ব্যৱস্থা গ্রহণ কৰিছে৷

উল্লেখ্য যে পূব গুৱাহাটী বিহু সন্মিলনে ইতিমধ্যে সন্মিলনৰ প্রতিগৰাকী সদস্যৰ ক’ভিড পৰীক্ষা সম্পন্ন কৰিছে৷ তদুপৰি সন্মিলনে প্রতিগৰাকী কর্মকর্তাক মাস্ক পৰিধান কৰাৰ লগতে সঘনাই হাত পৰিষ্কাৰ কৰাৰ সুব্যৱস্থা গ্রহণ কৰিছে৷ একেদৰে সন্মিলনৰ বিহুতলীত থকা তিনিটা প্রৱেশদ্বাৰত থার্মেল স্কেনাৰৰ জৰিয়তে প্রতিজন লোকৰ শৰীৰৰ উত্তাপ পৰীক্ষা কৰাৰ ব্যৱস্থা গ্রহণ কৰা বুলি সন্মিলনৰ বিষয়ববীয়াসকলে জানিবলৈ দিছে৷

আনহাতে ৰঙালী বিহু উপলক্ষে বিহুৰ সামগ্রীৰে ভৰি পৰিছে মহানগৰীৰ বজাৰ৷ পৰম্পৰাগত সাজপাৰ আৰু খাদ্য–সামগ্রীৰে উভৈনদী হৈ পৰা মহানগৰীৰ বজাৰে বজাৰে গ্রাহকসকলে ব্যাপক ভিৰ কৰা পৰিলক্ষিত হৈছে৷ বিহুৰ অনুষ্ঠান উপভোগ কৰিবলৈ সমৱেত হ’বলগীয়া সকলো ৰাইজক মাস্ক ব্যৱহাৰ কৰাৰ আহ্বান জনোৱাৰ লগতে বিহু সমন্বয়ৰক্ষী সমিতিৰ তৰফৰ পৰা সমূহ অসমবাসীক ৰঙালীৰ শুভেচ্ছা জ্ঞাপন কৰে সম্পাদক প্রিন্স ফাইজুল হকে৷

You might also like