নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জয়ানগৰত দুর্বৃত্তই কাঢ়িলে মহিলাৰ চেইন

নিয়মীয়া বাৰ্তা ১২ এপ্ৰিলঃ গুৱাহাটী মহানগৰীত বৃদ্ধি পাইছে চিলনী চোৰৰ উপদ্রৱ৷ শনিবাৰে মহানগৰীৰ উলুবাৰীত বাইকত অহা দুর্বৃত্তই এগৰাকী মহিলাৰ ডিঙিৰ সোণৰ চেইন থপিয়াই নিয়াৰ পাছতেই দেওবাৰে পুনৰ বেলতলাৰ জয়ানগৰত অনুৰূপ ঘটনা সংঘটিত হয়৷ পালছাৰ বাইকত অহা দুজনীয়া দুর্বৃত্তৰ দলে জয়ানগৰ মন্দিৰ পথেৰে খোজকাঢ়ি গৈ থকা হীৰা গগৈ নামৰ এগৰাকী মহিলাৰ ডিঙিৰ সোণৰ চেইন থপিয়াই নিয়ে৷

উল্লেখ্য যে মহিলাগৰাকীয়ে স্বামীৰ সৈতে বিহুৰ বজাৰ কৰি ঘৰলৈ যোৱাৰ সময়তে পাছফালৰ পৰা অহা দুর্বৃত্তই ডিঙিৰ সোণৰ চেইনডাল থপিয়াই নিয়ে৷ সৌভাগ্যক্রমে ভয়ংকৰ দুর্ঘটনাৰ পৰা মহিলাগৰাকী কথমপি ৰক্ষা পৰে৷ ঘটনা সন্দর্ভত মহিলাগৰাকীয়ে বশিষ্ঠ থানাত এজাহাৰ দাখিল কৰে৷

You might also like