সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ সমীপৰ দোকানলৈ জাননী জাৰি…
সোণাপুৰৰ কমাৰকুছিৰ হাতীমূৰা টিলাৰ জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰৰ নিচেই কাষতে অবৈধভাৱে গঢ় লৈ উঠা অস্থায়ী দোকানসমূহলৈ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে জাননী জাৰি কৰিছে ৷ ৬ দিনৰ ভিতৰত দোকানসমূহ সেই স্থানৰ পৰা উঠাই নিয়াৰ নিৰ্দেশ জাৰি কৰিছে ৷ অন্যথা দোকানসমূহত চলাব উচ্ছেদ ৷
উল্লেখ্য যে ২৭নং ৰাষ্ট্ৰীয় পথৰ কাষতে থকা জুবিনৰ সমাধি ক্ষেত্ৰত দৈনিক হাজাৰ হাজৰ লোকৰ সমাগম ঘটে ৷ তেনে ক্ষেত্ৰত য’তে ত’তে গঢ়ি উঠা দোকানসমূহৰ বাবে যথেষ্ট যান-জঁটৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷ এই দোকানসমূহৰ বাবে সমগ্ৰ ৰাজ্যৰ পৰা জুবিন ক্ষেত্ৰলৈ অহা হাজাৰ হাজাৰ গাড়ী পাৰ্কিঙৰ ক্ষেএত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে ৷ ৰাষ্ট্ৰীয় পথৰ লগতে জুবিন ক্ষেত্ৰত দিনে-নিশাই দৈনিক ভয়ানক যান-জঁটৰ সৃষ্টি হয় ৷
এনে যান-জঁটৰ বাবে পূৰ্বে সেই স্হানত দুৰ্ঘটনাও সংঘটিত হৈছে ৷ এনে সমস্যাসমূহৰ বাবে অবৈধভাৱে গঢ়ি উঠা দোকানসমূহ ৬ দিনৰ ভিতৰত আঁতৰাই নিবলৈ জাননী জাৰি কৰিছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ৷
নিয়মীয়া বাৰ্তা, সোণাপুৰ, ১৯ অক্টোবৰ