নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্লাষ্টিক–আৱর্জনাৰে ভৰিছে শিলসাঁকো বিল

নিয়মীয়া বাৰ্তা ২৭ জুলাইঃ মহানগৰীৰ জলাশয় সংৰক্ষণত গুৰুত্ব নাই চৰকাৰ–প্রশাসনৰ৷ সাম্প্রতিক সময়ত বেদখলকাৰীৰ আগ্রাসী মনোভাবৰ বাবে মহানগৰীৰ জলাশয়সমূহ ক্রমাৎ সংকুচিত হৈ আহিছে৷ সচেতন ব্যক্তি তথা প্রকৃতিপ্রেমীয়ে বিভিন্ন সময়ত জনাই অহা দাবীত চৰকাৰ প্রশাসনে মহানগৰীৰ জলাশয়সমূহ সংৰক্ষণৰ বাবে যথোপযুক্ত ব্যৱস্থা গ্রহণ কৰা বুলি সময়ে সময়ে সদৰী কৰি আহিছে যদিও বাস্তৱত ইয়াৰ ওলোটা ছবিহে দেখা গৈছে৷

বিশেষকৈ মহানগৰীৰ হৃদপিণ্ডস্বৰূপ শিলসাঁকো বিল সংৰক্ষণৰ ক্ষেত্রত বিভাগীয় কর্তৃপক্ষই গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হোৱা নাই৷ যোৰাবাটকে ধৰি বৃহত্তৰ খানাপাৰা, ছয়মাইল, পাঞ্জাবাৰী, বৰবাৰী, হেঙেৰাবাৰী, সাতগাঁও আদি অঞ্চলৰ পৰা উটি অহা প্লাষ্টিক আৱর্জনাৰে ভৰিছে শিলসাঁকো বিল৷ বাৰিষাৰ সময়ছোৱাত মহানগৰীত সঘনাই সৃষ্টি হোৱা কৃত্রিম বানে উটুৱাই নিয়া প্লাষ্টিক আৰু গেলা–পচা আৱর্জনা বিলত পৰি বিলৰ পানী প্রদূষিত কৰিছে৷ প্লাষ্টিকেৰে ভৰি পৰা শিলসাঁকো বিলত পানীৰ সোঁত একপ্রকাৰ বন্ধ হৈ পৰিছে৷ তদুপৰি মেঘালয় আৰু খানাপাৰাৰ পাহাৰৰ পৰা উটি অহা ৰঙামাটি আৰু আৱর্জনাই শিলসাঁকো বিল পুতি পেলোৱা পৰিলক্ষিত হৈছে৷

ইপিনে, বাৰিষাৰ সময়ছোৱাত বিলৰ বুকু মেটেকাই ছানি ধৰাৰ পিছতো জিলা প্রশাসনে ঐতিহাসিক জলাশয়টো সংৰক্ষণৰ ক্ষেত্রত বিহিত ব্যৱস্থা গ্রহণ কৰা নাই বুলি পার্শ্বৱর্তী বাসিন্দাসকলে অভিযোগ কৰে৷ ইফালে, দীর্ঘদিন ধৰি মেৰামতিৰ অভাৱত খহি পৰিছে শিলসাঁকো বিলৰ সীমা দেৱাল৷ ছাইবাবা মন্দিৰৰ নাতিদূৰত শিলসাঁকো বিলৰ কাষেৰে দলবাৰীলৈ নির্মাণ কৰা সীমা দেৱালখন জহি–খহি গৈছে৷ শিলসাঁকো বিলৰ কাষেৰে নির্মাণ কৰা দেৱালৰ প্রায় ২৫ ফুট খহি পৰিছে৷ স্থানীয় লোকে জানিবলৈ দিয়া মতে প্রায় তিনি মাহ পূর্বে দেৱালখন খহি পৰাৰ পিছতো জিলা প্রশাসনৰ কোনো লোক বিলৰ পাৰত উপস্থিত হোৱা নাই৷

আনহাতে, শিলসাঁকো বিলৰ পাৰত একাংশ উদণ্ড যুৱকে দিনে–নিশাই সুৰাৰ আড্ডা পাতি পৰিৱেশ বিনষ্ট কৰিছে৷ সুৰাপায়ী যুৱকসকলে বিলৰ পাৰত সুৰাপান কৰি সুৰা আৰু পানীৰ বটলৰ লগতে অন্যান্য সামগ্রী দলিয়াই বিলৰ পানীত পেলাই দিয়াৰ সমান্তৰালকৈ অশ্লীল গালি–গালাজ কৰি পৰিৱেশ বিনষ্ট কৰিছে৷ আনকি সুৰাপায়ীসকলে পথেৰে অহা–যোৱা কৰা লোকসকলকো অশালীন ব্যৱহাৰ কৰি অতিষ্ঠ কৰি তুলিছে৷

উল্লেখ্য যে, শিলসাঁকো বিলৰ পাৰত গঢ়ি উঠিছে সন্দেহযুক্ত লোকৰ বসতি৷ একাংশ সন্দেহযুক্ত লোকে জুপুৰি সাজি বিলৰ পাৰত আশ্রয় লৈছে৷ তদুপৰি বিলৰ পাৰত গঢ়ি উঠা ভগা–ছিগা সামগ্রীৰ ডেম্পসমূহ অবৈধ কার্যকলাপৰ ঘাটিত পৰিণত হৈছে৷ একাংশ লোকে জানিবলৈ দিয়া মতে ডেম্পৰ ভিতৰত দিনে–নিশাই সুৰা–জুৱাৰ আড্ডা চলি থাকে৷ ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰা আহি বিলৰ পাৰত জুপুৰিত আশ্রয় লৈ দুষ্টচক্রই বিভিন্ন অপৰাধজনিত ঘটনাত লিপ্ত হোৱাৰ লগতে লাখ লাখ টকাৰ জুৱা চলাই আহিছে৷ সেয়েহে এইক্ষেত্রত আৰক্ষী প্রশাসনক বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ বিলৰ পার্শ্বৱর্তী অঞ্চলত বাস কৰা একাংশ লোকে আহ্বান জনাইছে৷

You might also like