নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুবিন গাৰ্গ মৃত্যু প্ৰসংগ : চিআইডিৰ কাৰ্যালয়লৈ আহিল কণ্ঠশিল্পী মানস ৰবীন

আজি চিআইডিৰ কাৰ্যালয়ত উপস্থিত হল কণ্ঠশিল্পী তথা জুবিন গাৰ্গ-ৰ অন্যতম পুৰণি বন্ধু মানস ৰবীন। চিআইডিৰ কাৰ্যালয়ত এই কাৰণেই উপস্থিত হল যে তেওঁ আজিৰ পৰা কেইদিনমান পূৰ্বে জুবিন গাৰ্গৰ সমাধিক্ষত্ৰত পিতৃৰ সৈতে যাওঁতে জুবিন গাৰ্গৰ ক্ষেত্ৰত যি হল তাৰ বাবে চিআইডিয়ে চলাই থকা যি তদন্ত তাত সহযোগ কৰিবৰ বাবে।

তেওঁ কৈছিল যে জুবিন গাৰ্গৰ মৃত্যু তদন্তৰ সৈতে সংগতি ৰাখি তেওঁৰ হাততো অলপ তথ্য প্ৰমাণ আছে বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল। পিছে কি তথ্য আছে সেই কথা কোৱাৰ পৰা তেওঁ তেতিয়াও বিৰত আছিল আজিও তেওঁ সেই কথা কোৱাৰ পৰা বিৰত থাকে।

সংবাদ মাধ্যমৰ আগত তেওঁ কয়, ‘কথা দিলে, কথাৰ পৰা আঁতৰি অহা মানুহ মই নহয়। মোৰ ওচৰত প্ৰমাণ আছিল বুলি মুখেৰে ওলাই গৈছিল। মোৰ ওচৰত থকা প্ৰমাণ দাখিল কৰিবলৈ চিআইডি কাৰ্যালয়লৈ আহিছো।’ মানস ৰবীনে SITৰ সমুখত ভাষ্য তেওঁৰ ভাষ্য দিয়ে।

উল্লেখ্য যে সাংগীতিক জীৱনত জুবিন গাৰ্গ আৰু মানস ৰবীনৰ বন্ধুত্ব সৰ্বজনবিদিত। বহু জনপ্ৰিয় গীত দুয়োজনৰ পৰা ৰাইজে উপহাৰ পাইছে।

নিয়মীয়া বাৰ্তা ডেস্ক, ৮ অক্টোবৰ

You might also like