নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছয়মাইল বজাৰত সংগ্রহ কৰিব নোৱাৰিব গুণ্ডাকৰ

দিছপুৰত ব্যৱসায়ীৰে আৰক্ষী প্রশাসনৰ বৈঠক

নিয়মীয়া বাৰ্তা ২৬ ছেপ্টেম্বৰঃ   মহানগৰীৰ ছয়মাইল আৰু বেলতলা বজাৰত ব্যৱসায়ীসকলৰ পৰা ডাবি–ধমকিৰে গুণ্ডাকৰ সংগ্রহ কৰাসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰিছে আৰক্ষী প্রশাসনে৷ কাইলৈৰ পৰা ছয়মাইল উৰণীয়া সেতুৰ তলৰ বজাৰ আৰু বেলতলা বজাৰত লেচীয়ে ব্যৱসায়ীৰ পৰা অধিক ধন সংগ্রহ কৰিব নোৱাৰিব৷ পৌৰ নিগমৰ নির্ধাৰিত মাচুলতকৈ অধিক ধন সংগ্রহ কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিব আৰক্ষীয়ে৷ আজি দিছপুৰত ডিচিপি গৌতম বৰাৰ পথ ব্যৱসায়ীসকলৰে হোৱা এক বৈঠকৰ পিছত দিছপুৰ আৰক্ষীয়ে এই কথা সদৰী কৰে৷ ইপিনে, ছয়মাইল উৰণীয়া সেতুৰ তলৰ বজাৰত কৰ সংগ্রহ কৰা ফটিক দাস আৰু বেলতলা বজাৰত কৰ সংগ্রহ কৰা চন্দন শর্মাকো সকীয়াই দি পৌৰ নিগমৰ নির্ধাৰিত তালিকা মতেহে মাচুল সংগ্রহ কৰিবলৈ নির্দেশ দিছে৷ তদুপৰি ব্যৱসায়ীসকলকো অধিক মাচুল সংগ্রহ কৰিবলৈ জোৰ–জুলুম কৰিলে আৰক্ষী প্রশাসনৰে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে৷ তদুপৰি প্রতিখন দোকান–পোহাৰত আৰক্ষীয়ে ব্যৱসায়ীসকলক পৌৰ নিগমৰ তালিকা আঁৰি ৰাখিবলৈ আহ্বান জনায়৷ উল্লেখ্য যে ছয়মাইল উৰণীয়া সেতুৰ তলৰ বজাৰত লেচীয়ে ব্যৱসায়ীসকলৰ পৰা ডাবি–ধমকিৰে ধন সংগ্রহ কৰাৰ পিছত ব্যৱসায়ীসকলে অলপতে দুদিনৰ বাবে দোকান–পোহাৰ বন্ধ কৰি প্রতিবাদ সাব্যস্ত কৰিছিল৷ তদপুৰি অবৈধভাৱে ব্যৱসায়ীসকলৰ পৰা ধন সংগ্রহ কৰা লোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ ব্যৱসায়ীসকলে জিলা উপায়ুক্ত, পৌৰ আয়ুক্ত আৰু আৰক্ষী আয়ুক্তক স্মাৰক–পত্র প্রদান কৰিছিল৷ ইয়াৰ পিছতে আজি দিছপুৰত আৰক্ষী প্রশাসনৰে ব্যৱসায়ীসকল এখন সভাত মিলিত হয়৷ এই সভাত কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা হয় বুলি ব্যৱসায়ী ৰাজীৱ ডেকাই জানিবলৈ দিছে৷

You might also like