ইতিহাস হ’ল পল্টনবজাৰ, ASTCয়ে পালে নতুন ঠিকনা
মুখ্যমন্ত্ৰীয়ে নতুন বছৰত মুকলি কৰিব বাছ সেৱা। জালুকবাৰীত নতুনকৈ নিৰ্মাণ কৰা হব অত্যাধুনিক ISBT
সলনি হ’ল অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ৰ ঠিকনা। পল্টনবজাৰৰ বিপৰীতে ৰূপনগৰত আজি মুকলি কৰা হ’ল ASTCৰ মুখ্য কাৰ্যালয়। পৰিবহন মন্ত্ৰী চৰণ বড়োৱে উদ্বোধন কৰে মুখ্য কাৰ্যালয়টো।
উদ্বোধনী অনুষ্ঠানত মন্ত্ৰীগৰকাৰীৰ লগতে উপস্থিত থাকে নিগমৰ অধ্যক্ষ পল্লৱলোচন দাস, উপাধ্যক্ষ প্ৰণৱজ্যোতি লহকৰৰ লগতে পৰিবহণ নিগমৰ বিষয়া কৰ্মচাৰী।
ইফালে ASTCৰ মুখ্য কাৰ্যালয় উদ্বোধন কৰি মন্ত্ৰী চৰণ বড়োৱে কয়- নতুন বছৰত ASTCত সংযোজন হব নতুন ১০০খন বাছ। মুখ্যমন্ত্ৰীয়ে নতুন বছৰত মুকলি কৰিব বাছ সেৱা। জালুকবাৰীত নতুনকৈ নিৰ্মাণ কৰা হব অত্যাধুনিক ISBT। ইয়াৰ বাবে ইতিমধ্যে প্ৰাৰম্ভিক কাম আৰম্ভ হৈছে। ইফালে বেতকুছিস্থিত ISBTক উন্নীত কৰা হব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে।
ডিজিটেল ডেস্ক, ১৫ ডিচেম্বৰ