নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নীৰৱ দর্শক হৈ থাকিব নোৱাৰোঁ

১৮–৪৪ বয়সৰ ক’ভিড টিকাকৰণ নীতিক লৈ কেন্দ্রক ভর্ৎসনা ছুপ্রিম ক’ৰ্টৰ

নিয়মীয়া বাৰ্তা ৩ জুনঃ কেন্দ্রৰ ক’ভিড–১৯ টিকাকৰণ নীতিক লৈ অসন্তুষ্টি প্রকাশ কৰাই নহয়, ১৮–৪৪ বছৰীয়াৰ কাৰণে ভেকচিন নীতিক লৈ কেন্দ্রক তীব্র ভর্ৎসনা কৰে উচ্চতম ন্যায়ালয়ে৷ ত্রুটিপূর্ণ ভেকচিন নীতিক লৈ কঠোৰ সমালোচনাৰে কেন্দ্রক কেইবাটাও প্রশ্ণৰ জবাবদিহি কৰে সর্বোচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে৷ বিশেষকৈ ৪৫ বছৰৰ ঊর্ধ্বৰ লোকক বিনামূলীয়া ভেকচিন প্রদানৰ বিপৰীতে তলৰ বয়সৰ লোকৰ বাবে ধন আদায়ৰ ব্যৱস্থাক ‘প্রাৰম্ভিক স্বেচ্ছাচাৰী আৰু অযৌক্তিক’ বুলি কেন্দ্রীয় চৰকাৰক ভর্ৎসনা কৰে ন্যায়ালয়ে৷ আনকি কেন্দ্রৰ বৈষম্যমূলক ভেকচিন নীতিক লৈ ন্যায়ালয় নীৰৱ দর্শক হৈ থাকিব নোৱাৰে বুলি স্পষ্ট কৰি দিয়ে৷

টিকাকৰণ নীতি সন্দর্ভত বিতং তথ্যৰ লগতে কেন্দ্রক টিকাকৰণ নীতি পর্যালোচনা কৰাৰো নির্দেশ দি সর্বোচ্চ ন্যায়ালয়ে ২০২১ চনৰ ৩১ ডিচেম্বৰলৈকে ভেকচিনৰ উপলব্ধতাক লৈ ৰেখাচিত্র দাখিলৰ নির্দেশ দিয়ে৷ টিকাকৰণৰ বিষয়টো চূড়ান্ত গুৰুতৰ বুলি ন্যায়ালয়ে মত ব্যক্ত কৰি কয় যে সম্প্রতি ১৮–৪৪ বছৰীয়া লোক কেৱল সংক্রমিত হৈ থকাই নহয়, অতি গুৰুতৰ সংক্রমণত ভুগি আছে৷ বিশেষকৈ চিকিৎসালয়ত ভর্তি হৈ আছে যদিও দুর্ভাগ্যজনকভাৱে মৃত্যু ঘটি আছে৷ ইয়াৰ পাছতো ৪৫ বছৰৰ ঊর্ধ্বক বিনামূলীয়াকৈ ভেকচিন প্রদান কৰাৰ বিপৰীতে ১৮–৪৪ বছৰীয়াক ধন আদায় দি ভেকচিন প্রদান কৰাটো স্বৈৰাচাৰী আৰু অযৌক্তিক৷ তেনেদৰে কার্যকৰী নীতিসমূহৰ দ্বাৰা নাগৰিকৰ সাংবিধানিক অধিকাৰ উলংঘন হ’লে ন্যায়ালয়ে নীৰৱ দর্শক হৈ থাকিব নোৱাৰে৷

You might also like