নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডাউন টাউনত ৰাজপথত সুৰাসক্ত দুই যুৱতীৰ উদ্ভণ্ডালি

নিয়মীয়া বাৰ্তা ১৮ অক্টোবৰঃ নিশাৰ মহানগৰীত বৃদ্ধি পাইছে সুৰাসক্ত যুৱতীৰ উদ্ভণ্ডালি৷ অলপতে ৰাজকন্যা বৰুৱা নামৰ এগৰাকী সুৰাপায়ী যুৱতীৰ বাহনৰ খুন্দাত আঠজন শ্রমিক আহত হোৱা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই কালি নিশা পুনৰ মহানগৰীৰ ডাউন টাউনত দুগৰাকী সুৰাসক্ত যুৱতীয়ে ৰাজপথত তাণ্ডৱ চলায়৷ সুৰাৰ ৰাগিত মাতাল যুৱতী দুগৰাকীয়ে ৰাজপথত বাহন ৰখাই কর্তব্যৰত আৰক্ষীক দুর্ব্যৱহাৰ কৰাক লৈ তীব্র চাঞ্চল্যৰ সৃষ্টি হয়৷ আৰক্ষী সূত্রে জানিব পৰা মতে, খানাপাৰাৰ দিশৰ পৰা জিএছ ৰোডেৰে কালি নিশা প্রায় ৮.৩০ বজাত এআৰ–০১এন–১১০১ নম্বৰৰ আইটেন বাহন লৈ সুৰাসক্ত যুৱতী দুগৰাকীয়ে গণেশগুৰি দিশলৈ গৈ আছিল৷ ডাউন টাউন হাস্পতালৰ সমীপত যুৱতী দুগৰাকীয়ে ৰাজপথৰ মাজত বাহন ৰখাই সুৰাৰ ৰাগিত উদ্ভণ্ডালি কৰি থকাৰ ফলত ৰাজপথত তীব্র যান–জঁটৰ সৃষ্টি হয়৷

পিছত কর্তব্যৰত যান–বাহন আৰক্ষীৰ লোক উপস্থিত হৈ যুৱতী দুগৰাকীক বাহনখন ৰাজপথৰ পৰা আঁতৰাই দিবলৈ কোৱাত আৰক্ষীক দুর্ব্যৱহাৰ কৰে৷ উপায়বিহীন হৈ আৰক্ষীয়ে বাহনখন জব্দ কৰাৰ লগতে যুৱতী দুগৰাকীক আটক কৰি দিছপুৰ থানালৈ লৈ আহে৷ দিছপুৰ থানাত সুৰাৰ ৰাগিত যুৱতী দুগৰাকীয়ে আৰক্ষী আৰু সাংবাদিকক দুর্ব্যৱহাৰ কৰে৷ আৰক্ষীয়ে যুৱতী দুগৰাকীক নিশা পাণবজাৰ মহিলা থানাত ৰাখি আজি জিএমচিএইচত স্বাস্থ্য পৰীক্ষাৰ অন্তত জামিন মঞ্জুৰ কৰে৷ জিএমচিএইচত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ সময়ত যুৱতী দুগৰাকীয়ে ৰোগীৰ অভিভাৱকক দুর্ব্যৱহাৰ কৰে৷ পিছত দুয়োগৰাকী যুৱতীক আৰক্ষীয়ে পৰিয়ালৰ লোকক চমজাই দিয়ে৷

নিশাৰ মহানগৰীৰ ৰাজপথত সুৰাৰ ৰাগিত উদ্ভণ্ডালি কৰা যুৱতী দুগৰাকীৰ এগৰাকী অৰুণাচলৰ মমতা নামৰা নাবম আৰু আনগৰাকী গুৱাহাটীৰ কছাৰী বস্তিৰ নম্রতা বৰুৱা বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷ উল্লেখ্য যে অৰুণাচলী যুৱতীগৰাকী কছাৰী বস্তিত ভাৰাতীয়া হিচাপে বাস কৰি আছিল আৰু কালি নিশা খানাপাৰাৰ এখন ৰেষ্টুৰেণ্টত দুয়ো সুৰা সেৱন কৰি এই ঘটনা সংঘটিত কৰে৷ ঘটনা সন্দর্ভত আৰক্ষীয়ে দিছপুৰ থানাত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷

You might also like